ETV Bharat / bharat

Jignesh Mevani in Guwahati: গোচৰৰ শুনানিৰ বাবে পুনৰ অসমত উপস্থিত গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী

author img

By

Published : Jul 16, 2023, 7:26 PM IST

সোমবাৰে বৰপেটাৰ আদালতত হাজিৰ হ'ব গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী ৷ "অসমৰ মুখ্যমন্ত্ৰী, অসম পুলিচ নাইবা অসম চৰকাৰৰ লগত মোৰ কোনো শত্ৰুতা নাই ৷ কিন্তু নাজানো কিয় তেওঁলোকৰ মোৰ প্ৰতি ইমান প্ৰেম ৷ এটা কথা ভাল হ'ল যে ইয়াৰ যোগেদি অসমৰ জনতাক লগ কৰাৰ সুবিধা হ'ল ৷ ইয়াত কিছু ঘুৰিম আৰু আলু পিটিকা খাম " - জিগমেশ মেৱানী ৷

Jignesh Mevani arrives in Guwahati
গুৱাহাটীত পুনৰ উপস্থিত গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী

গুৱাহাটী, 16 জুলাই: জিগনেশ মেৱানী অসমৰ বাবে এটা পৰিচিত নাম ৷ বিগত বৰ্ষৰ এপ্ৰিল মাহত বিশেষভাৱে চৰ্চালৈ অহা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী পুনৰ আহিছে গুৱাহাটীলৈ ৷ সোমবাৰে বৰপেটাৰ আদালতত শুনানিৰ বাবে হাজিৰ হ’বলৈ দেওবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে জিগনেশ মেৱানী ৷

বৰপেটাৰ আদালতত ৰুজু হোৱা এক গোচৰৰ শুনানিৰ বাবে গুৱাহাটীলৈ অহা গুজৰাটৰ বিধায়কগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়, "ভাৰতীয় সংবিধান আৰু ন্যায় ব্যৱস্থাক সন্মান কৰোঁ ৷ কাইলৈ অৰ্থাৎ 17 জুলাইত বৰপেটা আদালতত শুনানি আছে ৷ আইন ব্যৱস্থাৰ প্ৰতি আস্থা আছে আৰু সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াম ৷"

তেওঁ লগতে কয় , "চৰকাৰে নিজৰ কথা ক'ব আৰু মই নিজৰ কথা কম ৷ মোৰ কাৰো লগত শত্রুতা নাই ৷ অসমৰ মুখ্যমন্ত্ৰী , অসম পুলিচ নাইবা অসম চৰকাৰৰ লগত মোৰ কোনো শত্ৰুতা নাই ৷ কিন্তু নাজোনো কিয় তেওঁলোকৰ মোৰ প্ৰতি ইমান প্ৰেম ৷ কি কাৰণত কেচ হ’ল মই ন‍জানো ৷ কিন্তু এটা কথা ভাল হ’ল যে ইয়াৰ যোগেদি অসমৰ জনতাক লগ কৰাৰ সুবিধা হ'ল ৷ ইয়াত কিছু ঘূৰিম আৰু আলু পিটিকা খাম ৷"

ৰসিকতাৰে অসমৰ আলু পিটিকাৰ কথা সদৰী কৰে মেৱানীয়ে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয় যে 2024 ৰ নিৰ্বাচন কংগ্ৰেছ আৰু বিৰোধী দলৰ বাবে ভাল হ'ব ৷ নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিয়ে সকলো সীমা অতিক্ৰম কৰিলে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱপ্ৰজন্মৰ আশা ভংগ কৰিলে, তেওঁলোকৰ সপোন সাৰ্থক নহ'ল৷ বিজেপি চৰকাৰৰ দিনত বৰ্তমান দেশৰ পৰিস্থিতি ভাল নহয়৷ দেশৰ সাধাৰণ জনতাই সকলো উপলব্ধি কৰিবলৈ সক্ষম হৈছে ৷

মেৱানীয়ে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা আৰু কৰ্ণাটকৰ নিৰ্বাচনে ভাল বাৰ্তা দিছে বুলি মন্তব্য প্ৰকাশ কৰে যে, 2024 ত কংগ্ৰেছ আৰু বিৰোধী দলৰ ভূমিকা ভাল হ'ব ৷ কংগ্ৰেছৰ এটাই বিচাৰধাৰা যে হিন্দু, মুছলীম, শিখ, খ্ৰীষ্টান ভাৰত মাতাৰ চাৰি চিপাহী ৷ কংগ্ৰেছে সকলোকে একেলগে লৈ আগবাঢ়ে ৷ এয়া দেশৰ সংস্কৃতি ৷ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী দিয়াটো সময়ৰ আহ্বান ৷ বিৰোধী ঐক্যবদ্ধ হ'লে ভাল ফলাফল পোৱা যাব আৰু দেশৰ গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত হ'ব ৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল গুজৰাটৰ ভাদগাম বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানী ৷ বিগত বৰ্ষত 19 এপ্ৰিলত অসমৰ কোকৰাঝাৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত 20 এপ্ৰিলৰ নিশা অসম আৰক্ষীয়ে গুজৰাটৰ কংগ্ৰেছী বিধায়কজনক গ্ৰেপ্তাৰ কৰিছিল ৷

গুজৰাটত উপস্থিত হোৱা অসম আৰক্ষীৰ দলে জিগনেশ মেৱানীক নিশা প্ৰায় 11.30 বজাত গ্ৰেপ্তাৰ কৰি পিচদিনা পুৱা বিমানযোগে গুৱাহাটীলৈ আনিছিল আৰু গুৱাহাটীৰ পৰা অতি সংগোপনে কোকৰাঝাৰলৈ লৈ গৈছিল ৷ সেই সময়ত সেই ঘটনাই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ এই ঘটনাক সহজভাৱে লোৱা নাছিল কংগ্ৰেছ দলে ৷ ৰাজ্যজুৰি ইয়াৰ বিৰোধিতাৰে কংগ্ৰেছে প্ৰতোবাদী কাৰ্যসূচীও হাতত লৈছিল ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ষড়যন্ত্ৰ কৰি মোক গ্ৰেপ্তাৰ কৰা হৈছিল : জিগনেশ মেৱানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.