ETV Bharat / bharat

অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে জম্মু-কাশ্মীৰত কটকটীয়া নিৰাপত্তা বেষ্টনী

author img

By

Published : Oct 21, 2021, 2:19 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ ভ্ৰমণৰ পূৰ্বে জম্মু-কাশ্মীৰ(Jammu-Kashmir)ত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা । ২৩ অক্টোবৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে জম্মু-কাশ্মীৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী । বিভিন্ন স্থানত তালাচী অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে ।

Jammu and Kashmir put on high alert ahead of Amit Shah's visit
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে জম্মু কাশ্মীৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ২৩ অক্টোবৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে শ্ৰীনগৰত উপস্থিত হ'ব । কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ শ্ৰীনগৰ ভ্ৰমণৰ পূৰ্বে নিৰাপত্তা বৃদ্ধি কৰা হৈছে । কেন্দ্ৰীয় শাসিত অঞ্চলটোত শেহতীয়াকৈ সন্ত্ৰাসবাদীয়ে সাধাৰণ লোকক আক্ৰমণ কৰাৰ পাচতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ভ্ৰমণ কাৰ্যসূচী লৈছে । আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভ্ৰমণক লৈ জম্মু-কাশ্মীৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।

নিৰাপত্তা বাহিনীয়ে বাহনসমূহতো তালাচী চলাইছে । লগতে যাত্ৰীৰ পৰিচয় পত্ৰও পৰীক্ষা কৰিছে । অমিত শ্বাহে জম্মু-কাশ্মীৰ প্ৰশাসনৰ শীৰ্ষ বিষয়া, আৰক্ষী বিষয়া আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ সৈতে এক বৈঠকত মিলিত হ'ব । ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অমিত শ্বাহে জম্মু আৰু কাশ্মীৰৰ ভ্ৰমণ কৰিব ।

এই ভ্ৰমণকালত শ্বাহে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে । যোৱা ১৯ অক্টোবৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কাশ্মীৰত সাধাৰণ লোকৰ ওপৰত হোৱা আক্ৰমণ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অৱগত কৰে ।

শ্বাহে জনাইছিল যে সকলো সুৰক্ষা সংস্থাক আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে । যোৱা ৭ অক্টোবৰত তেওঁ চোৰাংচোৱা সংস্থা, সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক জম্মু-কাশ্মীৰত এক বৃহৎ সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল । যোৱা ২০ দিনত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ১১ জন লোক নিহত হৈছে । ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ৭০০ ৰো অধিক লোকক আটক কৰিছিল ।

লগতে পঢ়ক: আগ্ৰা যোৱাৰ পথত প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.