ETV Bharat / bharat

আগ্ৰা যোৱাৰ পথত প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা আৰক্ষীৰ

author img

By

Published : Oct 20, 2021, 6:45 PM IST

বুধবাৰে মৃত অৰুণ বাল্মিকীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ লক্ষ্ণৌৰ পৰা আগ্ৰালৈ ৰাওনা হৈছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ কিন্তু আগ্ৰা এক্সপ্ৰেছ হাইৱেত তেওঁৰ কনভয়ক বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷

up_luc_01_priyanka_7203805
আগ্ৰা যোৱাৰ পথত প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা আৰক্ষীৰ

নেশ্যনেল ডেস্ক, 20 অক্টোবৰ : বুধবাৰে আগ্ৰাৰ বাবে ৰাওনা হোৱা প্ৰিয়ংকা গান্ধীৰ কনভয়ক লক্ষ্ণৌত আৱদ্ধ কৰি ৰখা হয় ৷ লক্ষ্ণৌৰ পৰা আগ্ৰা অভিমুখে গৈ আছিল কংগ্ৰেছ নেত্ৰীগৰাকীৰ কনভয় ৷ কংগ্ৰেছে নেত্ৰীগৰাকীৰ কনভয়ক আৱদ্ধ কৰিবলৈ ৰাজপথত ট্ৰাক ৰখাই পথ অৱৰোধ কৰা হয় ৷ এই কথাক লৈ কংগ্ৰেছ দলৰ কৰ্মকৰ্তা আৰু আৰক্ষীৰ মাজত তৰ্কা-তৰ্কিৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰে প্ৰিয়ংকা গান্ধীক ৷

প্ৰিয়ংকা গান্ধীৰ কনভয় আগ্ৰা এক্সপ্ৰেছ ৱে’ত উপস্থিত হোৱাৰ পিছতে মোতায়েন হৈ থকা আৰক্ষীয়ে তেওঁক বাধা দিয়ে ৷ ইয়াকে লৈ কংগ্ৰেছ নেত্ৰীগৰাকী আৰু আৰক্ষীৰ মাজত বিতৰ্কৰ সূত্ৰপাত হয় ৷ কংগ্ৰেছ কৰ্মকৰ্তাই শ্ল’গান দিবলৈ আৰম্ভ কৰাৰ লগতে আৰক্ষীয়ে তেওঁলোকক আঁতৰাবলৈ বল প্ৰয়োগ কৰে ৷

আগ্ৰা যোৱাৰ পথত প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা আৰক্ষীৰ

কিন্তু প্ৰিয়ংকা গান্ধী নিজৰ স্থিতিতে অটল আছিল, তেওঁ যিকোনো প্ৰকাৰে আগ্ৰাত মৃত অৰুণ বাল্মিকীৰ পৰিয়ালক সাক্ষাৎ কৰিব ৷ আৰক্ষীয়ে তেওঁক বাধা প্ৰদান কৰিব নোৱাৰে ৷ আৰক্ষীয়ে চেষ্টে অব্যাহত ৰাখে যাতে যিকোনো প্ৰকাৰে প্ৰিয়ংকা গান্ধীকৈ লক্ষ্ণৌলৈ উভতাই পঠিওৱা হওক; কিন্তু তেওঁ আৰক্ষীৰ কথা মানিবলৈ অমান্তি হয় ৷

লগতে পঢ়ক : লখিমপুৰ খেৰীৰ হিংসাত্মক কাণ্ডঃ ২৬ অক্টোবৰলৈ শুনানি স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে

প্ৰিয়ংকা গান্ধীক এক্সপ্ৰেছ ৱে’ত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগে লগেই বহু কংগ্ৰেছ কৰ্মকৰ্তা পথলৈ ওলাই অহে ৷ উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অজয় কুমাৰ লল্লুৰ লগতে আচাৰ্য প্ৰমোদ কৃষ্ণমেও আৰক্ষীৰ সৈতে বিতৰ্কত লিপ্ত হয় ৷ ইফালে প্ৰিয়ংকা গান্ধীয়ে গাড়ীৰ পৰা নামি আৰক্ষীৰ কাষলৈ যায়, য’ত আৰক্ষীয়ে ধাৰাবাহিকভাৱে তেওঁক ৰ’বলৈ অনুৰোধ কৰে ৷

ইয়াৰ মাজতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে যোগী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়, ‘মোক আৱদ্ধ কৰি ৰখাৰ কাৰণ কেৱল প্ৰশাসনেহে জানে ৷ হয়তো প্ৰশাসনে মই গোটেই দিনটো মোৰ গেষ্ট হাউচত বহি থকাতো বিচাৰে ৷ মোক কেৱল কংগ্ৰেছৰ কাৰ্যালয়লৈ যোৱাৰহে অনুমতি দিয়া হৈছে ৷ ইয়াৰ বাহিৰে মই যলৈকে যাও মোক বাধা প্ৰদান কৰে ৷’

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও উত্তৰ প্ৰদেশৰ লখিমপুৰত সংঘটিত ঘটনাৰ বুজ লোৱাৰ বাবে লক্ষ্ণৌৰ পৰা লখিমপুৰলৈ ৰাওনা হৈছিল ৷ আৰক্ষীয়ে তেওঁক বাধা প্ৰদানৰ চেষ্টা কৰিছিল যদিও তেওঁ সীতাপুৰ সীমান্তত উপস্থিত হয় ৷ ইয়াৰ পিছতে তেওঁক তিনিদিনলৈ আৰক্ষীৰ জিম্মাত ৰখা হয় ৷ অৱশেষত আৰক্ষীয়ে লখিমপুৰৰ ঘটনাৰ ভুক্তভোগীৰ পৰিয়ালক সাক্ষাতৰ অনুমতি প্ৰদান কৰে ৷

লগতে পঢ়ক : কেৰালাত ধাৰাসাৰ বৰষুণ : পেৰিয়াৰ নদীৰ সমীপৰ অঞ্চলত হাই এলাৰ্ট জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.