ETV Bharat / bharat

Fire in Indigo aircraft : Indigo বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত

author img

By

Published : Oct 29, 2022, 10:52 AM IST

Indigo
Indigo বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তীব্ৰ উত্তেজনা । দিল্লীৰ পৰা বেংগালুৰুলৈ যাবলগীয়া ইণ্ডিগ' 6E-2131 বিমানত জুইৰ সূত্ৰপাত (Fire in Indigo aircraft)। বিমানখনত আছিল ১৮৪ গৰাকী লোক ।

নেশ্যনেল ডেস্ক,২৯ অক্টোবৰ : পুনৰ ইণ্ডিগ' বিমানত অঘটন । এইবাৰ বিমানৰ ইঞ্জিনত লাগিল জুই (Indigo aircraft engine catches fire)। কথমপি ৰক্ষা ১৫০ৰো অধিক যাত্ৰী । এই ঘটনা সংঘটিত হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ।

উৰণৰ প্ৰাকমুহূৰ্তত দিল্লীৰ পৰা বেংগালুৰুলৈ যাবলগীয়া ইণ্ডিগ' 6E-2131 বিমানত জুইৰ সূত্ৰপাত হয় । লগে লগে বিমানখনৰ যাত্ৰা বাতিল কৰা হয় আৰু পুনৰ বিমানৰ আস্থানলৈ বিমানখন ঘূৰাই অনা হয় (Indigo aircraft grounded after suspected spark)। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে শনিবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিষয়াসকলক বিষয়টো পৰ্যৱেক্ষণৰ নিৰ্দেশ জাৰি কৰিছে । মন্ত্ৰালয়ে টুইট কৰি কয় যে সংশ্লিষ্ট বিষয়াসকলক বিষয়টো নিৰীক্ষণ কৰি অতি সোনকালে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ঘটনাটোৰ কাৰণ জানিবলৈ এক বিতং তদন্তৰ নিৰ্দেশ দিছে । ইফালে উপযুক্ত অনুসৰণ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কোৱা হৈছে । এক বিজ্ঞপ্তিত সঞ্চালকালয়ে উল্লেখ কৰা মতে দিল্লীৰ পৰা বেংগালুৰুলৈ যাবলগীয়া বিমান 6E-2131 অপাৰেটিং ফ্লাইট ভিটি-আইএফএম ইণ্ডিগ' এ৩২০-চিইঅ'ৰ বিমানৰ দ্বিতীয়টো ইঞ্জিন ফেইলৰ সতৰ্কবাণী অহাৰ লগে লগে বিমানখনৰ উৰণত বাতিল কৰা হৈছে । সেই সময়ত এটা প্ৰচণ্ড শব্দ শুনা গৈছিল । অগ্নি নিৰ্বাপক বাহিনীয়ে লগে লগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছিল ।

শুক্ৰবাৰে নিশা টুইটাৰত এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত দেখা গৈছিল বিমানবন্দৰত পাৰ্কিং কৰাৰ সময়ত জুই আৰু ফিৰিঙতি । ইফালে বিমানখনত ১৮৪ গৰাকী লোক থকা বুলি জানিব পৰা গৈছে । সকলো যাত্ৰীকে সুৰক্ষিতভাৱে বিমানৰ পৰা স্থানান্তৰ কৰা হৈছিল ।

ইণ্ডিগ'ই এক বিবৃতি প্ৰকাশ কৰি কয় যে বেংগালুৰু অভিমুখী বিমানখনৰ উৰণৰ সময়ত এটা ইঞ্জিনৰ বিসংগতি ধৰা পৰিছিল । লগে লগে উৰণ বাতিল কৰি আৰু বিমানখন সুৰক্ষিতভাৱে আগৰ স্থানলৈ ঘূৰাই অনা হৈছিল । অৱশ্যে বিবৃতি অনুসৰি সকলো যাত্ৰীকে এখন পৃথক বিমানৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে ।

দিল্লী আৰক্ষীয়ে জনোৱা মতে জুই সন্দৰ্ভত চিআইএছএফ নিয়ন্ত্ৰণ কক্ষৰ পৰা বিমানবন্দৰ নিয়ন্ত্ৰণ কক্ষলৈ এটা ফোন আহিছিল । ইণ্ডিগ' বিমানখনৰ পিছফালে থকা স্পাইচজেট বিমানৰ এগৰাকী পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলাৰক ইঞ্জিনৰ জুইৰ বিষয়ে সতৰ্ক কৰি দিছিল ।

লগতে পঢ়ক :Advisor of PM Modi : তিনিদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.