ETV Bharat / bharat

Advisor of PM Modi : তিনিদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা

author img

By

Published : Oct 29, 2022, 10:12 AM IST

Amit Khare
Amit Khare

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা আইএএছ অমিত খাৰে শুকুৰবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হৈছে (PM Modi advisor visit Tripura) । বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ পিছত তেওঁ ৩০ অক্টোবৰত উভতি যাব ।

আগৰতলা, ২৯ অক্টোবৰ : ত্ৰিপুৰী বিধানসভা নিৰ্বাচন সমাগত । অহা বছৰ অনুষ্ঠিত হ'ব ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন । ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতি চলাইছে ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে । যিহেতু ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন ২০২৩ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে (Tripura Assembly election 2023) ।

সেয়ে ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ সঘন আহ-যাহ চলিছে ত্ৰিপুৰালৈ । বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জেপি নাড্ডা (JP Nadda) তথা গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) ৰাজ্যখন ভ্ৰমণ কৰি গৈছে । এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা আইএএছ অমিত খাৰে শুকুৰবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হৈছে (PM Modi advisor visit Tripura) । বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ পিছত তেওঁ ৩০ অক্টোবৰত উভতি যাব ।

চৰকাৰৰ আণ্ডাৰ ছেক্ৰেটেৰী চন্দন দাসে স্বাক্ষৰ কৰা এক জাননীত কোৱা হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপদেষ্টা আইএএছ অমিত খাৰে (Advisor to PM Narendra Modi Amit Khare) তেওঁৰ আন তিনিজন সঙ্গীৰ সৈতে শুকুৰবাৰে পুৱা ইয়াত এমবিবি বিমানবন্দৰত উপস্থিত হ'ব । প্ৰধানমন্ত্ৰীৰ উপদেষ্টাগৰাকীৰ নেতৃত্বত বিষয়াসকলৰ প্ৰতিনিধি দলটোৱে ত্ৰিপুৰা ৰাজ্যিক সংগ্ৰহালয়, এনআইটি আগৰতলা আৰু ত্ৰিপুৰা সুন্দৰী মন্দিৰ (Tripura Sundari Temple) পৰিদৰ্শন কৰিব ।

শনিবাৰে খাৰেয়ে তেওঁৰ সঙ্গীসকলৰ সৈতে উনাকোটি শিলৰ কাৰুকাৰ্য পৰ্যটনস্থলী পৰিদৰ্শন কৰিব আৰু কৈলাশাহৰ ডাক বঙলা বা কুমাৰঘাট পিডব্লিউডি ৰেষ্ট হাউছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব আৰু এনআইটি আগৰতলালৈ (NIT Agartala) উভতি আহিব ।

"অহা ৩০ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ উপদেষ্টাৰ নেতৃত্বত প্ৰতিনিধিসকলে নীৰমহল ভ্ৰমণ কৰিব আৰু সাগৰমহলত জলপান গ্ৰহণ কৰি এনআইটি আগৰতলালৈ উভতি আহিব । দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে এমবিবি বিমানবন্দৰলৈ ৰাওনা হ'ব ।" জাননীখনত এনেদৰে উল্লেখ কৰা হৈছে ।

বিষয়াজনে আৰক্ষী সঞ্চালক প্ৰধানক তেওঁলোকৰ ৰাজ্যিক ভ্ৰমণৰ সময়ত অতিথিসকলৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিবলৈও অনুৰোধ জনাইছে । "গোমতী আৰু উনাকোটি জিলাৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষক আৰু পৰ্যটন বিভাগৰ সচিবক ত্ৰিপুৰা সুন্দৰী মন্দিৰ, উজ্জয়ন্ত প্ৰাসাদ আৰু নীৰমহলত তেওঁলোকৰ ভ্ৰমণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।" নিৰ্দেশটোত লগতে উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :Manik Sarkar : ক্ৰমবৰ্ধিতৰ্ধি নাৰী নিৰ্যা তনৰ ৰ্যা ঘটনাত বিজেপিক সমালোচনা মাণিক সৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.