ETV Bharat / bharat

বিবাহপাশত আবদ্ধ ক্ৰিকেটাৰ মুকেশ কুমাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 2:58 PM IST

mukesh kumar married to divya singh
বিবাহপাশত আবদ্ধ ক্ৰিকেটাৰ মুকেশ কুমাৰ

ভাৰতীয় ক্ৰিকেটাৰ মুকেশ কুমাৰৰ বিয়া গোৰখপুৰৰ এখন হোটেলত সম্পন্ন হয় । ভাৰতীয় ফাষ্ট বলাৰগৰাকীয়ে তেওঁৰ প্ৰেয়সী দিব্যা সিঙক বৰমালা পিন্ধাই জীৱন সংগী হিচাপে গ্ৰহণ কৰে । অৱশ্যে ক্ৰিকেটাৰগৰাকীৰ মাত্ৰ কেইগৰাকীমান বিশেষ বন্ধুহে বিবাহ অনুষ্ঠানত উপস্থিত থাকে ।

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ৫ খন মেচৰ টি-২০ শৃংখলাৰ মাজতে বিবাহপাশত আবদ্ধ হয় ক্ৰিকেটাৰ মুকেশ কুমাৰ । বিবাহ অনুষ্ঠান মঙলবাৰে গোৰখপুৰৰ এখন হোটেলত সম্পন্ন হয় । ভাৰতীয় ফাষ্ট বলাৰগৰাকীৰ বৰযাত্ৰী তেওঁৰ জন্মস্থান বিহাৰৰ চপ্ৰা জিলাৰ গাঁৱৰ পৰা গৈ গোৰখপুৰত উপস্থিত হয় । বিয়াৰ বাবে হোটেলখনত এক বিশাল অনুষ্ঠানৰো আয়োজন কৰা হয় । তেওঁ ঘোঁৰাত উঠি কইনাক মালাবৰণ কৰিবলৈ বিবাহস্থলীত উপস্থিত হয় । তাৰ পিছত বিবাহ মণ্ডপত তেওঁলোকে বিবাহৰ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি বিবাহ কাৰ্য সম্পূৰ্ণ কৰে ।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট দলৰ উদীয়মান ফাষ্ট বলাৰ মুকেশ কুমাৰে তেওঁৰ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে চপ্ৰা জিলাৰে ৰছুলপুৰ গাঁৱৰ বাসিন্দা দিব্যা সিঙৰ সৈতে । গোৰখপুৰৰ হোটেলত প্ৰথমতে প্ৰথম তিলাকোৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ পিছত জয়মালা মঞ্চত উপস্থিত হৈ মুকেশে দিব্যা সিঙক বৰমালা পিন্ধাই নিজৰ জীৱন সংগী কৰি লয় । আনহাতে, বিবাহ অনুষ্ঠানত উপস্থিত থকা লোকসকলে দুয়োকে নতুন জীৱন আৰম্ভ কৰাৰ বাবে শুভেচ্ছা জনায় । ইয়াৰ পিছত বিবাহ মণ্ডপত উপস্থিত থকা লোকসকলে এক সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ডিজেৰ তালে তালে নৃত্য কৰে ।

ক্ৰিকেট খেলপথাৰত বলিং কৰি বিপক্ষ দলৰ খেলুৱৈসকলক ব'ল্ড কৰা ফাষ্ট বলাৰ মুকেশ কুমাৰে ব্যক্তিগত জীৱনত এতিয়া দিব্যা সিঙৰ সৈতে জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিব । বিবাহ অনুষ্ঠানত উপস্থিত থকা গোপালগঞ্জৰ প্ৰমোদ কুমাৰে কয় যে মুকেশ আৰু দিব্যা হৈছে চপ্ৰা জিলাৰ নিকটৱৰ্তী দুখন গাঁৱৰ বাসিন্দা । দুয়োৱে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল । পৰিয়ালত মুকেশেই বিয়া কৰাবলৈ বাকী আছিল । তেওঁৰ ভাতৃ-ভগ্নী সকলো বিবাহিত ।

মুকেশ তেওঁৰ তিনিজন ভাতৃৰ ভিতৰত আটাইতকৈ কনিষ্ঠ । মুকেশ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চলিত টি-২০ শৃংখলাৰ ভাৰতীয় দলৰ এজন সদস্য । দুখন মেচত অংশগ্ৰহণৰ পিছত তেওঁ বিয়াত বহিবলৈ গোৰখপুৰত উপস্থিত হয় । বুধবাৰে তেওঁ গোৰখপুৰৰ পৰা গৈ পাটনাত উপস্থিত হ'ব । তাৰ পিছত তেওঁ পৰৱৰ্তী মেচৰ বাবে ৰায়পুৰলৈ ৰাওনা হ'ব ।

উল্লেখ্য যে মুকেশ কুমাৰে আইপিএলৰ দুটা ছিজনত দিল্লী কেপিটেলছৰ হৈ খেলিছে । তেওঁ ২০২৪ চনৰ বাবেও দলটোত খেলাৰ সুযোগ পাইছে । অৱশ্যে মুকেশৰ বিবাহ অনুষ্ঠানত চহৰখনৰ কোনো বিশিষ্ট ব্যক্তি উপস্থিত নাছিল । তথাপি তেওঁৰ বিয়াৰ বিষয়টো এতিয়া চৰ্চাত আছে । বিয়াৰ অনুষ্ঠান নিশা প্ৰায় ১২ বজালৈ চলে । মুকেশৰ বিবাহ অনুষ্ঠানত মাত্ৰ কেইগৰাকীমান বিশেষ লোকহে উপস্থিত থাকে ।

লগতে পঢ়ক :মেক্সৱেলৰ বিস্ফোৰক বেটিঙেৰে বৰ্ষাপাৰাত জয়ৰ সোৱাদ ল’লে অষ্ট্ৰেলিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.