ETV Bharat / bharat

১৫ অক্টোবৰৰ পৰা বিদেশীসকলক দিয়া হ'ব ভাৰতীয় পৰ্যটক ভিছা

author img

By

Published : Oct 8, 2021, 10:32 AM IST

দীৰ্ঘ বিৰতিৰ অন্তত অৱশেষত ভাৰতলৈ আহিব পাৰিব বিদেশী পৰ্যটক । ক'ভিড পৰিস্থিতিৰ বাবে যোৱা বছৰৰ পৰা বিদেশীসকলক প্ৰদান কৰা হোৱা নাছিল কোনো ধৰণৰ ভিছা । কিন্তু শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই মাহৰ পৰাই বিদেশীসকলক ভাৰতলৈ অহাৰ অনুমতি দিয়া হ'ব ।

foreign tourists
১৫ অক্টোবৰৰ পৰা বিদেশীসকলক দিয়া হ'ব ভাৰতীয় পৰ্যটক ভিছা

নেশ্যনেল ডেস্ক,৮ অক্টোবৰ : ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে পৰ্যটন ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ প্ৰভাৱ পৰা দেখা গৈছে । আনকি বিগত বছৰত বিদেশী পৰ্যটকক ভিছা প্ৰদান প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল । কিন্তু ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে পুনৰ বিদেশী পৰ্যটকসকলক ভিছা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অহা ১৫ অক্টোবৰৰ পৰা চাৰ্টাৰ্ড বিমানেৰে ভ্ৰমণ কৰা বিদেশীসকলক পৰ্যটক ভিছা (tourist visas) প্ৰদান কৰিব ভাৰত চৰকাৰে ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে ঘোষণা কৰি কয় যে, মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ভিছা আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ওপৰত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল । পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে চাৰ্টাৰ্ড বিমানৰ বাহিৰে নিয়মীয়া বিমানেৰে ভাৰতলৈ আহিব বিচৰা বিদেশী পৰ্যটকসকলক ১৫ নৱেম্বৰৰ পৰাহে নতুন পৰ্যটক ভিছা প্ৰদান কৰা হ'ব ।

অৱশ্যে গৃহ মন্ত্ৰালয়ৰ বিবৃতিত এইটোও কোৱা হৈছে যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা ক'ভিড প্ৰট'কল সকলো বিদেশী পৰ্যটক লগতে ইয়াৰ লগতে জড়িত সকলো ব্যক্তিয়ে পালন কৰিব লাগিব । সমান্তৰালকৈ পৰ্যটক ভিছাৰ উপৰিও বিদেশীসকলৰ বাবে আন যিকোনো ধৰণৰ ভাৰতীয় ভিছাও প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ।

উল্লেখ্য যে বিদেশী পৰ্যটকসকলক পৰ্যটন ভিছা প্ৰদানৰ বাবে কেইবাখনো ৰাজ্যৰ চৰকাৰ আৰু পৰ্যটন খণ্ডৰ লগত জড়িত বহু অংশীদাৰে গৃহ মন্ত্ৰালয়ক অনুৰোধ জনাই আহিছিল । সেয়েহে, গৃহ মন্ত্ৰালয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ লগতে সকলো মুখ্য অংশীদাৰৰ সৈতে এই বিষয়ে আলোচনা কৰিছিল ৷ অৱশেষত সকলোৰে অনুৰোধমৰ্মে গৃহ মন্ত্ৰালয়ে বিদেশী পৰ্যটকক ভিছা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক:ক'ভিড-১৯: ভাৰতৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.