ETV Bharat / bharat

ক'ভিড-১৯: ভাৰতৰ শেহতীয়া তথ্য

author img

By

Published : Oct 7, 2021, 5:12 PM IST

ভাৰতত অব্যাহত আছে ক’ৰণাৰ আক্ৰান্তৰ সংখ্যা ৷ বৃহস্পতিবাৰলৈ পুৱালৈ ভাৰতত ক’ৰণাৰ আক্ৰান্তৰ সংখ্যা ৩,৩৮,৯৪,৩১২ গৰাকী অতিক্ৰম কৰিছে ৷

India logs 22,431 fresh cases, 318 deaths
ক'ভিডৰ ভাৰতৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 7 অক্টোবৰ : ভাৰতত বুধবাৰে পুনৰ ২২,৪৩১ গৰাকী নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ৷ ইয়াৰ লগতে দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩,৩৮,৯৪,৩১২ গৰাকীলৈ বৃদ্ধি পাইছে । আনহাতে এই সময়ছোৱাত মৃত্যু হৈছে ৩১৮ গৰাকীৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে পুৱা প্ৰকাশ কৰে এই তথ্য ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতত বৃহস্পতিবাৰলৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৪৯,৮৫৬ লৈ বৃদ্ধি পাইছে । কেৱল কেৰালাতে বুধবাৰৰ দিনটোত আক্ৰান্ত হয় 12,616 গৰাকী আৰু মৃত্যু হয় 134 গৰাকীৰ । ৰাজ্যখনত বৰ্তমানেও সক্ৰিয় হৈ আছে 2,44,198টা ঘটনা । মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেৰালাত বৰ্তমানলৈ ক’ৰণাৰ পৰা আৰোগ্য লাভ কৰিছে ৩,৩২,০০,২৫৮ গৰাকীয়ে ৷

আনহাতে, বিগত 24 ঘণ্টাত 43,09,525 গৰাকী লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে দেশত ক’ভিড প্ৰতিষেধক প্ৰদান কৰা লোকৰ হাৰ 92.63 কোটি অতিক্ৰম কৰিছে ৷

লগতে পঢ়ক : মমতা বেনাৰ্জীসহ পশ্চিমবংগৰ তিনি নৱ-নিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.