ETV Bharat / bharat

PM Candidate for INDIA Bloc : অৰবিন্দ কেজৰিৱাল ইণ্ডয়া মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হওক; আপ মুখপাত্ৰৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:41 PM IST

মুম্বাইত বিৰোধী ইণ্ডিয়া ব্লকৰ দুদিনীয়া বৈঠকৰ এদিন পূৰ্বে আম আদমী পাৰ্টীৰ এগৰাকী মুখপাত্ৰই ইচ্ছা প্ৰকাশ কৰিছে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱা উচিত । আনহাতে, ইতিমধ্যে বিহাৰৰ এজন মন্ত্ৰীয়ে কৈছে যে হিন্দু বলয়ৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰাৰ্থী হিচাপে বিবেচনা কৰা হৈছে ।

PM Candidate for INDIA Bloc
PM Candidate for INDIA Bloc

ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী প্ৰক্ষেপ কেজৰিৱালক

নিউজ ডেস্ক, ৩০ আগষ্ট : বিৰোধী মিত্ৰজোঁট ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স চমুকৈ ইণ্ডিয়াৰ তৃতীয়া বৈঠকৰ এদিন পূৰ্বে আম আদমী পাৰ্টীৰ (আপ) মুখপাত্ৰ প্ৰিয়ংকা কাক্কাৰে বুধবাৰে কয় যে তেওঁ দলৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাটো বিচাৰিব ।

বুধবাৰে এএনআইৰ সৈতে বাৰ্তালাপত কাক্কাৰে কয়, "যদি আপুনি মোক সোধে, মই বিচাৰিম যে অৰবিন্দ কেজৰিৱাল প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হওক (বিৰোধী মিত্ৰজোঁটৰ) ।" তেওঁ লগতে কয় যে আপৰ আহ্বায়কজনে জনসাধাৰণৰ বিষয়বোৰ উত্থাপন কৰিছে আৰু দেশৰ সৰ্বোচ্চ পদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্থান দখলৰ বাবে এক বিশ্বাসযোগ্য প্ৰত্যাহ্বানকাৰী হিচাপে কেজৰিৱালে আত্মপ্ৰকাশ কৰিছে ।

এএনআইৰ এক প্ৰতিবেদন অনুসৰি, "প্ৰধানমন্ত্ৰীৰ শৈক্ষিক ৰেকৰ্ড, অৰ্হতা বা আন যিকোনো বিষয়য়েই হওক, অৰবিন্দ কেজৰিৱালে অজস্ৰ বিষয়ত সাহসেৰে তেওঁৰ মতামত আগবঢ়াই আহিছে ।" কাক্কাৰে কয় । অৱশ্যে বৃহস্পতিবাৰে আৰম্ভ হ'বলগীয়া মুম্বাই বৈঠকৰ পূৰ্বে তেওঁৰ এই মন্তব্যই বিৰোধীৰ নৌকাত জোকাৰণি তোলাৰ আশংকা থকাৰ পিছতো আপ নেত্ৰীগৰাকীয়ে কয় যে ইণ্ডিয়াই দেশখনক এক নতুন দিশত আগুৱাই নিয়াৰ বাবে কাম কৰি আছে ।

তেওঁ দাবী কৰে যে আনকি অত্যাৱশ্যকীয় সামগ্ৰী আৰু খাদ্য-সামগ্ৰীৰ বৰ্ধিত মূল্যৰ মাজতো, ৰাষ্ট্ৰীয় ৰাজধানীত 'নিম্নতম' মুদ্ৰাস্ফীতি আছে । "আমাৰ চৰকাৰে বিনামূলীয়া পানী, বিনামূলীয়া শিক্ষা, বিনামূলীয়া বিদ্যুৎ, মহিলাসকলৰ বাবে বিনামূলীয়া বাছযাত্ৰা আৰু বৃদ্ধসকলৰ বাবে বিনামূলীয়া তীৰ্থযাত্ৰা প্ৰদান কৰিছে । তথাপিও আমি এক অতিৰিক্ত বাজেট উপস্থাপন কৰিছোঁ । তেওঁ (কেজৰিৱাল) জনসাধাৰণৰ সমস্যা উত্থাপন কৰে আৰু এজন প্ৰত্যাহ্বানকাৰী (প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে) হিচাপে আত্মপ্ৰকাশ কৰিছে ।" আপৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় ।

উল্লেখ্য যে মুম্বাইত নৱগঠিত বিৰোধী মিত্ৰজোঁটৰ তৃতীয়খন বৈঠকত মুঠ ২৬-ৰ পৰা ২৭ টা দলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইণ্ডিয়াৰ অংশীদাৰসকলে ১ ছেপ্টেম্বৰত মুম্বাইত এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে । বৈঠকত আগন্তুক ৰাজ্যিক নিৰ্বাচন আৰু অহা বছৰৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ব্লকৰ ৰণনীতি সম্পৰ্কে আলোচনা হ'ব । দুদিনীয়া বৈঠকত বিৰোধী মিত্ৰজোঁটৰ প্ৰতীক উন্মোচন কৰাৰ সম্ভাৱনা আছে ।

কেন্দ্ৰত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এনডিএ) বিৰুদ্ধে কংগ্ৰেছকে ধৰি মুঠ ২৬ টা দল একত্ৰিত হৈছে । ২৩ জুনত পাটনাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মিত্ৰজোঁটৰ উদ্বোধনী বৈঠকখন আহ্বান কৰিছিল । দলটোৰ দ্বিতীয়খন বৈঠক ১৭-১৮ জুলাইত কংগ্ৰেছশাসিত কৰ্ণাটকৰ বেংগালুৰুত আয়োজন কৰা হৈছিল ।

লগতে পঢ়ক :INDIA Alliance Mumbai Meet : ইণ্ডিয়া মিত্ৰজোঁটৰ মুম্বাই বৈঠক; এখন পতাকা, এটা প্ৰতীকৰ ওপৰত কৰিব আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.