ETV Bharat / bharat

Suicide in IIT Bombay: সপ্তম মহলাৰ পৰা জপিয়াই ছাত্ৰৰ আত্মহত্যা

author img

By

Published : Feb 13, 2023, 11:24 AM IST

Suicide in IIT Bombay
সপ্তম মহলাৰ পৰা জপিয়াই ছাত্ৰৰ আত্মহত্যা

মুম্বাইস্থিত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ ছাত্ৰৰ আত্মহনন (Suicide in IIT Bombay) ৷ মৃত্যু হোৱা ছাত্ৰজন আই আই টি বম্বেৰ দৰ্শন সোলংকী বুলি জানিবলৈ পৰা গৈছে ৷ ছাত্ৰজনৰ বয়স ১৮ বছৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

নেশ্যনেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী : মুম্বাইস্থিত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত অঘটন (Indian Institute of Technology Bombay) ৷ প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানখনত অধ্যয়নৰত তথা প্ৰতিষ্ঠানখনৰ আবাসিক এলেকাত থকা এগৰাকী ছাত্ৰই আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে (Suicide in IIT Bombay) । আত্মহত্যা কৰা ছাত্ৰজনৰ নাম দৰ্শন সোলাংকি আৰু ছাত্ৰজন গুজৰাটৰ আহমেদাবাদৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

মুম্বাইৰ পৱাই অঞ্চলত অৱস্থিত আই আই টি - বম্বেৰ কেম্পাছত বি.টেক মেকানিকেল প্ৰগ্ৰেমৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি আছিল ১৮ বছৰীয়া দৰ্শন সোলাংকিয়ে । আই আই টি-বম্বেত অধ্যয়নৰত ১৮ বছৰীয়া ছাত্ৰজনে প্ৰতিষ্ঠানখনৰ আৱাসিক ভৱনৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে (IIT Bombay student dies )।

মাত্ৰ তিনিমাহ পূৰ্বে মৃত ছাত্ৰজনে মুম্বাইত অৱস্থিত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানখনত নামভৰ্তি কৰিছিল । ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ ছাত্ৰাবাসত থকা দৰ্শন সোলাংকিয়ে সপ্তম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । অৱশ্যে মেধাৱী ছাত্ৰজনে এই চৰম সিদ্ধান্ত কি কাৰণে গ্ৰহণ কৰিলে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । কেৱল মাত্ৰ তিনি মাহ পূৰ্বে মুম্বাইৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানখনলৈ অধ্যয়নৰ বাবে অহা প্ৰথম বৰ্ষৰ ছাত্ৰজনৰ আত্মহত্যাৰ খবৰ বিয়পি পৰাৰ পিচতে আই আই টি চৌহদত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । মৃত ছাত্ৰজনৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হোৱা নাই কোনো চুইচাইড নোট (MH IIT BTech 1st yr student dies by suicide)।

Suicide in IIT Bombay
সপ্তম মহলাৰ পৰা জপিয়াই ছাত্ৰৰ আত্মহত্যা

ঘটনাৰ খবৰ লাভ কৰাৰ পিচতে আৰক্ষীয়ে প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান চৌহদৰ উক্ত স্থান পৰিদৰ্শন কৰি ছাত্ৰজনে হোষ্টেল বিল্ডিঙৰ সপ্তম মহলাৰ পৰা পৰা জপিয়াইছিল বুলি সন্দেহ ব্যক্ত কৰে (jumps off hostel building) । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰুজু কৰিছে আকস্মিক মৃত্যুৰ গোচৰ । উল্লেখ্য যে, ছাত্ৰাবাসত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে প্ৰথমে প্ৰত্যক্ষ কৰে ছাত্ৰজনৰ মৃতদেহ ।

প্ৰতিষ্ঠান কৰ্তৃপক্ষই ছাত্ৰজনৰ পৰিয়ালৰ লোকক ছাত্ৰজনৰ মৃত্যুৰ বিষয়ে অৱগত কৰে । ছাত্ৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ নহা পৰ্যন্ত তদন্ত অব্যাহত থাকিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ছাত্ৰজন নতুনকৈ অহা হেতুকে আৰক্ষী আৰু প্ৰতিষ্ঠান কৰ্তৃপক্ষই বিষয়টো সকলো দিশৰ পৰা নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক : Mission Amrit Sarovar: চৰকাৰী পৃষ্ঠপোষকতাত ৰাজ্যত অবাধে চলিছে বন ধ্বংস কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.