ETV Bharat / state

Mission Amrit Sarovar: চৰকাৰী পৃষ্ঠপোষকতাত ৰাজ্যত অবাধে চলিছে বন ধ্বংস কাৰ্য

author img

By

Published : Feb 13, 2023, 8:16 AM IST

Mission Amrit Sarovar
অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ নামত বন ধ্বংস

মৰাণৰ পানীতোলা গ্ৰেজিঙত বন ধ্বংসক কেন্দ্ৰ কৰি ক্ষোভিত স্থানীয় ৰাইজ ৷ চৰকাৰী অভিলাষী আচঁনি অমৃত সৰোবৰৰ ৰূপায়ণ কৰিবলৈ গৈ বন ধ্বংসৰ লগতে পুখুৰী খনন কাৰ্যক সহজভাৱে মানি হ’ব পৰা নাই স্থানীয় ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে (Mission Amrit Sarovar in Assam) ৷ স্থানীয় ৰাইজক নজনোৱাকৈয়ে আচঁনিখন ৰূপায়ণৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন ৷

অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ নামত বন ধ্বংস

ডিব্ৰুগড়, 13 ফেব্ৰুৱাৰী : গোলকীয় উষ্ণতা বৃদ্ধিয়ে সমগ্ৰ বিশ্বৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হোৱাৰ সময়তে ৰাজ্যত চলিছে অবাধ হাৰত বন ধ্বংসৰ প্ৰতিযোগিতা (Global warming) ৷ যি সময়ত বিভিন্ন দল-সংগঠনৰ লগতে গ্ৰেটা থুনবাৰ্গ, যাদৱ পায়েঙৰ দৰে (Greta Thunberg) ব্যক্তিয়ে পৰিৱেশ ৰক্ষাৰ প্ৰতি দায়বদ্ধ হ’বলৈ বিশ্ব সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনাইছে তেনে সময়তে অৱশ্যে বিনা দ্বিধাই এনে আহ্বানৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে ৷ সদৃশ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আমাৰ ৰাজ্যটো ৷

পৰিৱেশলৈ নিত্য নতুন ভাবুকি আহি থকাৰ সময়তে ৰাজ্য চৰকাৰৰ পৰিৱেশ ৰক্ষাৰ প্ৰতি দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ নিৰ্বিকাৰ ভূমিকা ৷ ৰাজ্যত চৰকাৰী পৃষ্ঠপোষকতাতে চলিছে এই অবাধ বন ধ্বংস কাৰ্য ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ পথালিবামত অৱস্থিত পানীতোলা গ্ৰেজিঙত অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ নামত চৰকাৰী উদ্যোগত বন ধ্বংস কৰা কাৰ্যক লৈ দেওবাৰে অঞ্চলটোৰ সচেতন ৰাইজ তথা প্ৰকৃতিপ্ৰেমীয়ে প্ৰকাশ কৰে ক্ষোভ (Mission Amrit Sarovar in Assam)।

পানীতোলা গ্ৰেজিঙৰ সংৰক্ষিত চৰকাৰী ভূমিত অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ নামত বৃহৎ বৃহৎ গছ কাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । তদুপৰি স্থানীয় গাঁওবুঢ়া আৰু একাংশ ঠিকাদাৰৰূপী বিজেপি নেতা-পালিনেতাই চৰকাৰী আঁচনিৰ গইনা লৈ গ্ৰেজিঙৰ গছ আৰু মাটি খনন কৰি বিক্ৰী কৰাত খেদ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে ৷ দেওবাৰে উক্ত অঞ্চলত খনন চলি থকা অৱস্থাতে ৰাইজ উপস্থিত হৈ গছ কটাত বাধা প্ৰদান কৰে । ইয়াকে লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । স্থানীয় ৰাইজে গছ কাটিলে বিষম পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি ইতিমধ্যে বন বিভাগ তথা চৰকাৰলৈ সকিয়নী প্ৰদান কৰিছে ৷ উল্লেখযোগ্য যে, মিছন অমৃত সৰোবৰ আঁচনিৰ অধীনত প্ৰতিখন জিলাত ৭৫ টাকৈ অমৃত সৰোবৰ পুখুৰী খন্দাৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে মীন পালনৰ লগতে পুখুৰী পাৰত মূল্যৱান বৃক্ষৰোপণৰ ব্যৱস্থা কৰা হ'ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।

কিন্তু আঁচনি ৰূপায়ণৰ কাম আৰম্ভ হোৱাৰ লগে লগেই এতিয়া ডিব্ৰুগড় জিলাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনাঞ্চল ধ্বংসৰ যজ্ঞ চলা পৰিলক্ষিত হৈছে, যিয়ে চৰকাৰী কাৰ্য কলাপৰ বিৰুদ্ধে সৰ্বসাধাৰণক ক্ষোভিত কৰি তোলাৰ লগতে অনাগত সময় সম্পৰ্কেও শংকিত কৰি তুলিছে ৷ উল্লেখযোগ্য যে, জিলাখনৰ উক্ত এলেকাত অমৃত সৰোবৰ আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত সম্পূৰ্ণ অজ্ঞানতা প্ৰকাশ কৰে সংশ্লিষ্ট অঞ্চলবাসীয়ে ৷ অঞ্চলবাসীৰ অনুমতি অবিহনেই চৰকাৰী আচঁনিৰ ৰূপায়ণ কৰিবলৈ লোৱা কথাই সম্প্ৰতি যথেষ্ট ইংগিত বহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Criminals shot two policemen : অপৰাধীৰ গুলীত প্ৰাণ হেৰুৱালে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.