ETV Bharat / bharat

Criminals shot two policemen : অপৰাধীৰ গুলীত প্ৰাণ হেৰুৱালে আৰক্ষীয়ে

author img

By

Published : Feb 12, 2023, 2:30 PM IST

ঝাৰখণ্ডত চাঞ্চল্যকৰ ঘটনা (Two policemen were shot dead by criminals ) ৷ অপৰাধীৰ গুলীত প্ৰাণ হেৰুৱালে দুজন আৰক্ষীয়ে ৷ নিহত পুলিচ দুজন সন্তোষ যাদৱ আৰু ৰবি মিশ্ৰ ৷

Criminals shot two policemen
অপৰাধীৰ গুলীত থিতাতে মৃত্যু আৰক্ষীৰ

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰী : ঝাৰখণ্ডত আৰক্ষীক গুলীয়ালে অপৰাধীয়ে (Two policemen were shot dead by criminals) ৷ ৰাজ্যখনৰ দেওঘৰত শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷ দুয়োজন আৰক্ষী আছিল দেওঘৰৰ এজন ব্যৱসায়ীৰ দেহৰক্ষী ৷ অৱশ্যে আত্মৰক্ষাৰ স্বাৰ্থত নে অপৰাধীয়ে নিৰ্বিচাৰে গুলীচালনা কৰিছিল সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ৷ সেয়া নিশ্চিত কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত (Firing in Deoghar criminals shot two policemen)।

সুধাকৰ ঝা নামৰ মাছ ব্যৱসায়ীজনৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল নিহত আৰক্ষী জোৱান দুজন । নিহত আৰক্ষী জোৱান দুজন সন্তোষ যাদৱ আৰু ৰবি মিশ্ৰ বুলি জানিবলৈ পৰা গৈছে ৷ শনিবাৰে নিশা প্ৰায় ১২.৩০ বজাত শ্যামগঞ্জ পথত সংঘটিত হয় এই গুলীচালনাৰ ঘটনাটো । দেওঘৰত সংঘটিত এই ঘটনাটোত ব্যৱসায়িক স্বাৰ্থ জড়িত হৈ আছে বুলি স্থানীয় সূত্ৰ যোগে জানিবলৈ পৰা গৈছে ৷ উল্লেখ্য যে, পোন প্ৰথমে অপৰাধীকেইটাই মাছ ব্যৱসায়ী ঝাক চোকা অস্ত্ৰৰ লগতে গুলীচালনাৰ লক্ষ্য কৰি লৈছিল যদিও পৰৱৰ্তী সময়ত দেহৰক্ষী দুজনে সেই চেষ্টা সফল হ’বলৈ নিদিয়াত অপৰাধীকেইটাই দেহৰক্ষী দুজনকে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু গুলীচালনা কৰে ।

দেওঘৰৰ এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । জিলা আৰক্ষী অধীক্ষক সুভাষ চন্দ্ৰ জাটে ঘটনাস্থলীত উপস্থিত হৈ শণিবাৰৰ নিশা গুলীচালনাৰ ঘটনা সংঘটিত হোৱা অপৰাধস্থলী পৰিদৰ্শন কৰে । গুলীচালনাৰ ঘটনাটোত অপৰাধীয়ে গুলীয়াই হত্যা কৰা দুয়োজন আৰক্ষী জোৱানৰ থিতাতে মৃত্যু হোৱা বুলি আৰক্ষী অধীক্ষক সুভাষ চন্দ্ৰ জাটে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । নিহত দুয়োজন আৰক্ষী জোৱান চাহিবগঞ্জৰ বাসিন্দা আছিল ।

অপৰাধীয়ে আক্ৰমণ চলায় থকাৰ সময়ছোৱাতে উক্ত স্থান এৰি পলায় সাৰিবলৈ সক্ষম হয় ব্যৱসায়ী সুধাকৰ ঝা । বৰ্তমানে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱা এই গোচৰত একাংশ সন্দেহজনক লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ শনিবাৰৰ নিশা সংঘটিত হোৱা আক্ৰমণৰ ঘটনাটোৰ কাৰণ তাৎক্ষণিকভাৱে কৈ দিব নোৱাৰি বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে এই ঘটনাৰ কাৰণ ধন দাবী আৰু ব্যৱসায়িক আধিপত্যৰ যুঁজ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও মাছ ব্যৱসায়ী সুধাকৰ ঝাক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল বুলি সূত্ৰযোগে জানিবলৈ পৰা গৈছে । ঝাৰ নিৰাপত্তাৰ দিশটোত অগ্ৰাধিকাৰ প্ৰদান কৰিয়েই মাছ ব্যৱসায়ীজনক দুজন চৰকাৰী দেহৰক্ষীৰ ব্যৱস্থা কৰা হৈছিল বুলি জানিবলৈ পৰা গৈছে । দুৰ্ভাগ্যজনিত বিষয় যে, মাছ ব্যৱসায়ী সুধাকৰ ঝাৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱানকে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় আক্ৰমণকাৰীয়ে ৷

লগতে পঢ়ক : Haj 2023 : মাৰ্চত অন্ত পৰিব ২০২৩ বৰ্ষৰ হজ যাত্ৰাৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.