ETV Bharat / bharat

Sikkim CM on hydel dam destroyed : আকস্মিক বানত ধ্বংস হাইডেল বান্ধ; পূৰ্বৰ চৰকাৰক দোষাৰোপ ছিকিমৰ মুখ্যমন্ত্ৰী

author img

By ANI

Published : Oct 7, 2023, 2:24 PM IST

পূৰ্বৰ চৰকাৰে যদি বান্ধটো সঠিকভাৱে নিৰ্মাণ কৰিলেহেঁতেন আৰু যদি গুণগত মানৰ কাম কৰিলেহেঁতেন, তেন্তে পানীৰ হেঁচা নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন । মুখ্যমন্ত্ৰী তামাঙে কয় ।

আকস্মিক বানত ধ্বংস হাইডেল বান্ধ
Sikkim CM on hydel dam destroyed

নিউজ ডেস্ক, ৭ অক্টোবৰ : ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে শনিবাৰে কয় যে ৰাজ্যখনৰ মংগন জিলাৰ চুংথাঙত ১২০০ মেগাৱাটৰ বান্ধ ভাঙি যোৱাৰ পিছত তিস্তা নদীত হোৱা আকস্মিক বানত সৰ্বাধিক ক্ষতি হৈছে । লগতে তেওঁ ৰাজ্যখনৰ পূৰ্বৰ চৰকাৰে বান্ধটোৰ নিম্নমানৰ নিৰ্মাণকাৰ্যৰো অভিযোগ উত্থাপন কৰে ।

"চুংথাং বান্ধ ভাঙি যোৱাৰ পিছত সৰ্বাধিক ক্ষতি হৈছে । যদি পূৰ্বৰ চৰকাৰে বান্ধটো সঠিকভাৱে নিৰ্মাণ কৰিলেহেঁতেন আৰু যদি গুণগত মানৰ কাম কৰিলেহেঁতেন, তেন্তে পানীৰ হেঁচা নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন ।" মুখ্যমন্ত্ৰী তামাঙে এএনআইক কয় । আনহাতে, মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ মূল্যাঙ্কন কৰিবলৈ মংগনৰ নাগা গাঁৱত বানপীড়িত অঞ্চল আৰু সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু শনিবাৰে পুৱা তাত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে ।

মুখ্যমন্ত্ৰী তামাঙে কয় যে এই ঘটনাৰ বাবে এখন সমিতি গঠন কৰি তদন্ত কৰা হ'ব । তেওঁ কয়, "আমি কেন্দ্ৰীয় সংস্থাৰ পৰা সহায় বিচাৰিম আৰু অপৰাধীসকলক শাস্তি দিয়াটো নিশ্চিত কৰিম ।" উল্লেখ্য যে ছিকিম হিমালয়ৰ লোনক হিমবাহটো বিস্ফোৰিত হৈ ৩ অক্টোবৰত হ্ৰদৰ এটা ফাল ভাঙি পানীৰে উপচি পৰিবলৈ আৰম্ভ কৰে । যাৰ ফলত তিস্তাত জলস্তৰ বৃদ্ধি পায় আৰু ৰাজ্যখনৰ কেইবাটাও অঞ্চল প্লাবিত হয় ।

উল্লেখ্য যে চুংথাং গাঁৱত ১২০০ মেগাৱাট বান্ধ তিস্তা তৃতীয় পৰ্যায়ৰ হাইডেল বিদ্যুৎ প্ৰকল্পটো ২০১৭ চনত আৰম্ভ কৰা হৈছিল । মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ মংগনৰ দুৰ্যোগৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহো পৰিদৰ্শন কৰিব আৰু নাগা, ৰেল আৰু টুং ৱাৰ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আলোচনাত মিলিত হ'ব । ছিকিমৰ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰংপো আৰু চিংথাম জিলাৰ বিদ্যালয়সমূহ ১৫ অক্টোবৰলৈকে বন্ধ ৰখা হৈছে । কিয়নো এই জিলাসমূহ বিপদাশংকা ক্ষেত্ৰত আছে ।

"আমি পশ্চিম ছিকিমৰ বিদ্যালয়সমূহ বন্ধ কৰা নাই ।" মুখ্যমন্ত্ৰী তামাঙে লগতে কয় । ইয়াৰ উপৰ্ তেওঁ কয় যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে ফোনযোগে তেওঁৰ পৰা বিৱৰণ লৈছে । "ভাৰত চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াই আছে । চৰকাৰে তাৎক্ষণিক সাহায্যৰ বাবে সা-সামগ্ৰী, সেনা আৰু বিত্তীয় সাহায্য প্ৰদান কৰিছে । কেন্দ্ৰই পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোক পৰিস্থিতিৰ বুজ ল'বলৈ ফোন কৰিছিল ।" তামাঙে কয় ।

আনহাতে, মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান আবদ্ধ লোকসকলক উদ্ধাৰ কৰা আৰু বিদ্যুৎ আৰু পানীযোগান ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাত অগ্ৰাধিকাৰ দিয়া হৈছে । "শুকুৰবাৰৰ তথ্য অনুসৰি, ১৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ১০৩ জন সন্ধানহীন হৈ আছে । সন্ধানহীন হোৱা ২২ জন সেনা বিষয়াৰ ভিতৰত ৭ টা মৃতদেহ উদ্ধাৰ হৈছে । নিশাৰ ভাগত আৰু কেইটামান মৃতদেহ উদ্ধাৰ কৰা হৈছে । আমি তাৰ সংখ্যা হিচাপ কৰি আছোঁ । ক্ষতিগ্ৰস্ত পৰিয়ালৰ মুঠ সংখ্যা ২২ হাজাৰৰো অধিক আৰু আমি ৩৯০০-ৰো অধিক লোকক উদ্ধাৰ কৰিছোঁ । তেওঁলোকক সাহায্য শিবিৰত ৰখা হৈছে । বৰ্তমান ছিকিমত প্ৰায় ২৬ টা সাহায্য শিবিৰ চলি আছে ।" মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক :Road accident in Doda: গভীৰ খাদত বাহন পিচলি থিতাতে মৃত্যু 3 জনৰ, আহত 5

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.