ETV Bharat / bharat

Road accident in Doda: গভীৰ খাদত বাহন পিচলি থিতাতে মৃত্যু 3 জনৰ, আহত 5

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 12:34 PM IST

শোকাৱহ পথ দুৰ্ঘটনাত জন্মু-কাশ্মীৰৰ ড’ডা জিলাত মৃত্যু 3 শ্ৰমিকৰ ৷ আহত অৱস্থাত উদ্ধাৰ পাঁচজন ৷ শুকুৰবাৰৰ নিশা প্ৰায় 10.40 বজাত হাম্বাল গাঁৱৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷

Several labourers dead as vehicle plunges into gorge
শোকাৱহ পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: জন্মু-কাশ্মীৰৰ ড’ডা জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোৰ ফলত থিতাতে প্ৰাণ হেৰুৱালে 3 জনকৈ শ্ৰমিকে ৷ দুৰ্ঘটনাটো সন্দৰ্ভত শনিবাৰে আৰক্ষী বিষয়াই জনোৱা মতে, খেলানিত কেইবাজনো শ্ৰমিকে এখন বাহনত উঠি জম্মু-কাশ্মীৰৰ ড’ডা জিলাৰ পৰা গৈ থকা অৱস্থাতে বাহনখন পথৰ পৰা পিচলি গৈ গভীৰ খাদত পৰে আৰু বাহনখনত থকা তিনিজনকৈ শ্ৰমিকৰ মৃত্যু হয় । স্থানীয় আৰক্ষীয়ে ভয়ংকৰ দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

জন্মু-কাশ্মীৰৰ খেল্লানীৰ পৰা বাহনখনত আহি থকা শ্ৰমিককেইজনে মৰমত অঞ্চলত থকা ঘৰলৈ যোৱাৰ পথতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে । শুকুৰবাৰৰ নিশা প্ৰায় 10.40 বজাত হাম্বাল গাঁৱৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিচতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষীৰ লগতে স্থানীয় স্বেচ্ছাসেৱকৰ দল ৷ আৰক্ষীৰ লগত যুটীয়াভাৱে অভিযান চলায় স্থানীয় স্বেচ্ছাসেৱকৰ দলটোৱে ।

দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা তিনিজন শ্ৰমিকৰ নাম হ’ল মণি কুমাৰ (31), কৰণ জীৎ সিং (40) আৰু লাল চান্দ (45) । উদ্ধাৰকাৰী তথা স্থানীয় লোকে তিনিওজন শ্ৰমিকক মৃত অৱস্থাত উদ্ধাৰ কৰে বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে ।

আনহাতে, আহত অৱস্থাত আন পাঁচজনক উদ্ধাৰ কৰা হয় আৰু আটাইকেইজনে ড’ডাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, বিগত জুলাই মাহত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ থানা মাণ্ডী মহকুমাৰ ভংগাই পথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল, য’ত চাৰিজনৰো অধিক লোকৰ মৃত্যু হৈছিল । আহত কেইবাজনো লোকক ৰাজৌৰীৰ কালে চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়া বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Suicide attempt inside jail: কাৰাগাৰত লোহাৰ তাঁৰ গিলি আত্মহত্যাৰ চেষ্টা কেন্দ্ৰীয় মন্ত্ৰীক ধন দাবী কৰা অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.