ETV Bharat / bharat

Cloudburst Sirmaur Himachal Pradesh : হিমাচলত ডাৱৰ বিস্ফোৰণত খহি পৰিল ঘৰ; নিহত ২

author img

By

Published : Aug 10, 2023, 6:08 PM IST

হিমাচল প্ৰদেশত প্ৰতিদিনে ডাৱৰ বিস্ফোৰণৰ ঘটনা পোহৰলৈ আহিছে । চিৰমৌৰ জিলাৰ পাওণ্টা চাহিবত ডাৱৰ বিস্ফোৰণৰ ফলত বিস্তৰ ধ্বংসলীলাৰ সৃষ্টি হৈছে । জিলা প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্য চলাই আছে ।

Cloudburst Sirmaur Himachal Pradesh
Cloudburst Sirmaur Himachal Pradesh

নিউজ ডেস্ক, ১০ আগষ্ট : হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । চিৰমৌৰ জিলাত বিগত সন্ধিয়া একেৰাহে প্ৰায় ৫ ঘণ্টা ধাৰাসাৰ বৰষুণ হয় । যাৰ ফলত জীৱন-যাত্ৰা অচল হৈ পৰে । প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে সন্ধিয়া চিৰমুৰ জিলাৰ পাওণ্টা চাহিব উপ-সংমণ্ডলৰ চিৰমৌৰী তাল গাঁৱত এক ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই দুৰ্যোগত ৫ জন লোক সন্ধানহীন হয় । আনহাতে, দুটা মৃতদেহ উদ্ধাৰ হয় । ইয়াৰে ভিতৰত এটি শিশু আৰু আনটো ঘৰৰ মুৰব্বীৰ । ঘটনাটোৰ পিছতে জিলা প্ৰশাসনৰ লোক গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে ।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া মূষলধাৰ বৰষুণৰ ফলত মালগীৰ অৰণ্যত ডাৱৰ বিস্ফোৰণ হয় । ফলত চিৰমৌৰী তাল গাঁৱত এক বৃহৎ ধ্বংসযজ্ঞৰ সৃষ্টি হয় । ডাৱৰ বিস্ফোৰণৰ বাবে কুলদীপ সিং নামৰ ব্যক্তিগৰাকীৰ ঘৰটো ধ্বংসাৱশেষৰ তলত পোত খাই যায় । আনহাতে, একেটা পৰিয়ালৰ ৫ জন সদস্য সন্ধানহীন হৈ আছে । হঠাতে ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ৩ টা ঘৰ ধ্বংসস্তূপত পৰিণত হয় । ইয়াৰে ভিতৰত কুলদীপ সিঙৰ ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হয় ।

ডাৱৰ বিস্ফোৰণৰ পিছত কুলদীপ সিঙৰ পৰিয়ালৰ লোকসকলে ঘৰৰ পৰা ওলাই যোৱাৰো কোনো সুযোগ পোৱা নাছিল । যাৰ ফলত ৫ জন লোক সন্ধানহীন হয় । অৱশ্যে ধ্বংসাৱশেষৰ পৰা নীতেশ নামৰ শিশুটি আৰু ঘৰটোৰ মুৰব্বী কুলদীপ সিঙৰ মৃতদেহ উদ্ধাৰ কৰা হয় । প্ৰশাসন আৰু অঞ্চলটোৰ শ শ লোক ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকৰ অনুসন্ধান আৰম্ভ কৰে । এই ঘটনাত পতিত হোৱা লোকসকল হৈছে কুলদীপ সিং (৬৩), তেওঁৰ পত্নী জিতো দেৱী (৫৭), বোৱাৰীয়েক ৰজনী (৩১), নাতিনীয়েক নীতেশ (১০) আৰু দীপিকা (৮) । ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানপানীৰ বাবে পাওণ্টা চাহিব-শিলাই ৭০৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰাজবনৰ পৰা চৌতানলৈকে বন্ধ কৰি দিয়া হয় । যাৰ বাবে প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিবলগা হয় ।

ইফালে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তেওঁলোকে আজিলৈকে এনে দৃশ্য কেতিয়াও দেখা নাই । এনে এক ভয়ংকৰ ধ্বংস কেতিয়াও দেখা পোৱা নাই বুলি তেওঁলোকে ব্যক্ত কৰে । তেওঁলোকে লগতে কয় যে যদি এই ডাৱৰ বিস্ফোৰণ গাঁওখনৰ অলপ ওচৰত সংঘটিত হ'লহেঁতেন, তেন্তে সম্ভৱত বহু ঘৰ আৰু গোটেই গাঁওখন ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'লহেঁতেন ।

লগতে পঢ়ক :Maoist arrested: ঝাৰখণ্ড বিহাৰ সীমান্তত দুৰ্ধৰ্ষ মাওবাদী নেতা প্ৰমোদ মিশ্ৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.