ETV Bharat / bharat

দাৰ্জিলিং-ছিকিমত ভূমিস্খলন : গৃহৰক্ষীৰ জোৱান সন্ধানহীন

author img

By

Published : Oct 21, 2021, 11:18 AM IST

Home guard of SDO bungalow missing after landslide in Darjeeling
দাৰ্জিলিঙত ভূমিস্খলনৰ পাচতে মহকুমা বিষয়াৰ বাংলোত কৰ্তব্যৰত গৃহৰক্ষী জোৱান সন্ধানহীন

মুষলধাৰ বৰষুণৰ বাবে দেশৰ ভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদি সংঘটিত হৈছে । পশ্চিমবংগৰ দাৰ্জিলিঙৰ কেইবাটাও স্থানত হৈছে ভূমিস্খলন । বুধবাৰে ভূমিস্খলন হোৱাৰ পিছৰে পৰা মহকুমা বিষয়াৰ বাংলোত নিয়োজিত এজন গৃহৰক্ষী জোৱান নিৰুদ্দেশ হৈ আছে । বৰ্তমানেও গৃহৰক্ষী জোৱানজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ।

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: ধাৰাসাৰ বৃষ্টিপাতৰ ফলত পশ্চিমবংগৰ দাৰ্জিলিঙৰ কেইবাটাও স্থানত হৈছে ভূমিস্খলন । নষ্ট হৈছে বহু সা-সম্পত্তি । লগতে মানুহৰ জীৱনৰ প্ৰতিও ভাবুকি আহিছে । বুধবাৰে ভূমিস্খলন হোৱাৰ পিছৰে পৰা দাৰ্জিলিঙৰ মহকুমা বিষয়া চালুংখে পীযুষ ভগৱান ৰাওৰ বাংলোত নিয়োজিত এজন গৃহৰক্ষী জোৱান সন্ধানহীন হৈ আছে ।

Home guard of SDO bungalow missing after landslide in Darjeeling
দাৰ্জিলিঙত ভূমিস্খলনৰ পাচতে মহকুমা বিষয়াৰ বাংলোত কৰ্তব্যৰত গৃহৰক্ষী জোৱান সন্ধানহীন

জিলা প্ৰশাসনৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, নিৰুদ্দিষ্ট হৈ থকা গৃহৰক্ষী জোৱানজনৰ নাম সুমন থাপা । সুমন থাপা বাংলোৰ পিছফালে থকা গাৰ্ড ৰুমত বাস কৰে । বুধবাৰেও তেওঁ গাৰ্ড ৰুমত থকা অৱস্থাতে ভূমিস্খলন সংঘটিত হয় আৰু কোঠাটো তললৈ খহি পৰে । তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে সুমন থাপা ।

Home guard of SDO bungalow missing after landslide in Darjeeling
দাৰ্জিলিঙত ভূমিস্খলনৰ পাচতে মহকুমা বিষয়াৰ বাংলোত কৰ্তব্যৰত গৃহৰক্ষী জোৱান সন্ধানহীন

বৃহস্পতিবাৰৰ পুৱা পৰ্যন্ত তেওঁক উদ্ধাৰ কৰিব পৰা নাই । তেওঁ দাৰ্জিলিঙৰ ৰংগলিয়া থানাৰ অধীনত কৰ্মৰত হৈ আছিল ।

আনহাতে, ছিকিমতো নেৰেনেপেৰা বৰষুণৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে । কেইবাঠাইতো ভূমিস্খলন হোৱাৰ ফলত ১০ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰিছে । চুবুৰীয়া ৰাজ্য পশ্চিমবংগ সংযোগী পথেৰেও যাতায়াত বন্ধ হৈ পৰিছে । বৰষুণৰ ফলত দাৰ্জিলিং, ছিকিম আৰু জলপাইগুৰিৰ কেইবাটাও স্থান প্ৰভাৱিত হৈছে । বহু অঞ্চল জলমগ্ন হৈ পৰিছে । ভূমিস্খলনৰ বাবে ছিকিম আৰু দাৰ্জিলিঙলৈ যোৱা কেইবাটাও গুৰুত্বপূৰ্ণ পথ বন্ধ হৈ আছে ।

Home guard of SDO bungalow missing after landslide in Darjeeling
দাৰ্জিলিঙত ভূমিস্খলনৰ পাচতে মহকুমা বিষয়াৰ বাংলোত কৰ্তব্যৰত গৃহৰক্ষী জোৱান সন্ধানহীন

ছিকিমৰ পেলিঙৰ পৰা শিলিগুৰি সংযোগী কালিমপুং পথ ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে । নেৰানেপেৰা বৰষুণৰ ফলতে তিস্তা নদীৰ জলস্তৰ বৃদ্ধি পাইছে । তিস্তা নদীৰ পানীয়ে ছিকিমৰ প্ৰৱেশদ্বাৰ ৰংপোত থকা এখন দলঙৰ পিলাৰবোৰৰ যথেষ্ট ক্ষতিসাধন কৰিছে । ইতিমধ্যে দলঙখনেৰে যাতায়াত সীমিত কৰা হৈছে ।

বৰষুণৰ ফলত খেতিপথাৰতো শস্য নষ্ট হৈছে । কৃষকে অতি কষ্টেৰে কৰা শস্য এতিয়া পানীৰ তলত । বহু সা-সম্পত্তিও ক্ষতিগ্ৰস্ত হৈছে । একাংশ বানাক্ৰান্তক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা লগতে বান বিধ্বস্ত অঞ্চলবোৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে ।

উল্লেখ্য যে, বুধবাৰে পুৱা গেংটকতো ভূমিস্খলন হৈছিল । প্ৰাকৃতিক দুৰ্যোগৰ বাবে উত্তৰ বংগত পৰ্যটকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । কিয়নো পথবোৰ বন্ধ হৈ পৰিছে আৰু বেয়া বতৰে বাগডোগ্ৰা বিমানবন্দৰৰ পৰা বিমান চলাচলতো প্ৰভাৱ পেলাইছে ।

লগতে পঢ়ক: আগ্ৰা যোৱাৰ পথত প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.