ETV Bharat / bharat

Himachal Mandi Landslide : হিমাচলৰ মাণ্ডিত ভয়াৱহ ভূমিস্খলন; একেটা পৰিয়ালৰ ৭ জনৰ মৃত্যু

author img

By

Published : Aug 14, 2023, 5:34 PM IST

হিমাচল প্ৰদেশৰ মাণ্ডি জিলাত বৰষুণ আৰু ভূমিস্খলনৰ ফলত এটা ঘৰ খহি পৰে । এতিয়ালৈকে ধ্বংসাৱশেষৰ তলৰ পৰা একেটা পৰিয়ালৰ ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । উদ্ধাৰ অভিযান চলি আছে । কিন্তু বতৰৰ বাবে সমস্যাৰ সৃষ্টি হৈছে ।

Himachal Mandi Landslide
Himachal Mandi Landslide

নিউজ ডেস্ক, ১৪ আগষ্ট : ৰুষ্ট প্ৰকৃতিৰ ৰোষৰ পৰা এতিয়াও মুক্ত হোৱা নাই পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ । ৰাজ্যখনত শেহতীয়াভাৱে হৈ থকা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাত ধন-জনৰ বিস্তৰ ক্ষতি হৈছে । বহু লোকৰ মৃত্যুৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে । শেহতীয়াভাৱে মাণ্ডি জিলাৰ ড্ৰাঙত ধাৰাসাৰ বৰষুণৰ পিছত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । যাৰ ফলত একেটা পৰিয়ালৰে ৭ জন লোকৰ মৃত্যু হয় ।

ঘটনাটো ড্ৰাঙৰ কাটোলা তহচিলৰ অধীনৰ চেগলি পঞ্চায়তত সংঘটিত হয় । প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ পিছত এটা ঘৰ সম্পূৰ্ণৰূপে ভাঙি পৰে । এই দুৰ্ঘটনাত সমগ্ৰ পৰিয়ালটোৱে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে । স্থানীয় ৰাইজে এই ঘটনাৰ কথা প্ৰশাসনক অৱগত কৰে । কিন্তু বহু ঠাইত হৈ থকা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত উদ্ধাৰকাৰী দল কঠোৰ পৰিশ্ৰমৰ অন্তত বহু পলমকৈহে ঘটনাস্থলীত উপস্থিত হ'বলৈ সক্ষম হয় । তাৰ পিছত একেটা পৰিয়ালৰে ৭ জন লোকৰ মৃতদেহ ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হয় । আনহাতে, ৩ জন আহত লোককো উদ্ধাৰ কৰা হয় । উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ তলত আৰু লোক আৱদ্ধ হোৱাৰ আশংকা কৰিছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে ড্ৰাং বিধানসভা সমষ্টিৰ এই এলেকাটো এটা অতি দুৰ্গম অঞ্চল । ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ পিছত দেওবাৰে নিশা ঘৰটো খহি পৰে । মাণ্ডিৰ উপায়ুক্ত ডঃ মদন কুমাৰে কয় যে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হ'বলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । আহতসকলক প্ৰাথমিক চিকিৎসা দিবলৈ চিকিৎসকৰ এটা দলো ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে আৰু ৰাস্তা বন্ধ হোৱাৰ বাবে তেওঁলোকে খোজকাঢ়ি যাবলগা হৈছে ।

আনহাতে, ডিএছপি সঞ্জীৱ সুদে কয় যে ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পিছত এছডিআৰএফ আৰু ওচৰৰ আৰক্ষী চৌকিৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । কিন্তু ৰাস্তা বন্ধ হোৱাৰ বাবে দলবোৰ অতি পলমকৈ ঘটনাস্থলীত উপস্থিত হ'বলৈ সক্ষম হয় । উদ্ধাৰ অভিযান বৰ্তমান চলি আছে । দুৰ্গম অঞ্চল, ভঙা ৰাস্তাৰ লগতে বেয়া বতৰ উদ্ধাৰকাৰী দলৰ বাবে আটাইতকৈ ডাঙৰ বাধা হৈ পৰিছে ।

লগতে পঢ়ক :Cloudburst in Solan : হিমাচলত কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত ২২ গৰাকী লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.