ETV Bharat / bharat

Harbhajan Singh as MP: কৃষকৰ কন্যা সন্তানলৈ আগবঢ়াব দৰমহাৰ ধন

author img

By

Published : Apr 16, 2022, 5:16 PM IST

ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে ল’লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ যি সিদ্ধান্ত সামাজিক মাধ্যমযোগে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে প্ৰকাশ কৰিছে ৷ কৃষকসকলৰ কণ্যা সন্তানৰ শিক্ষা আৰু কল্যাণৰ বাবে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে পাবলগীয়া দৰমহা ব্যয় কৰিব (Harbhajan Singh will spend salary for farmers daughter)।

Harbhajan Singh as MP
কৃষকৰ কন্যা সন্তানলৈ আগবঢ়াব দৰমহাৰ ধন

নিউজ ডেস্ক: এজন সফল ক্ৰিকেটাৰ হিচাপে বিশ্ববাসীৰ মনত সাঁচ বহুৱাৰ পাছত হৰভজন সিঙৰ আন এক জনদৰদী সিদ্ধান্তই সকলোকে আপ্লুত কৰিছে ৷ শেহতীয়াকৈ পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত লাভ কৰিবলগীয়া দৰমহাৰ ক্ষেত্ৰত ল’লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ আম আদমী পাৰ্টিৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কৃষকৰ কণ্যাসন্তানসকলৰ কল্যাণৰ বাবে আগবঢ়াব দৰমহাৰ সমুদায় ধন ৷

সামাজিক মাধ্যমযোগে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয় যে, কৃষকসকলৰ কণ্যা সন্তানৰ শিক্ষা আৰু কল্যাণৰ বাবে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে পাবলগীয়া দৰমহা ব্যয় কৰিব (Harbhajan Singh will spend salary for farmers daughter)। ৰাষ্ট্ৰৰ উন্নতিৰ বাবে যিমান সম্ভৱ সিমাখিনি কৰিবলৈ তেওঁ প্ৰস্তুত বুলি মন্তব্য কৰে ৷ সামাজিক মাধ্যমক প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে লিখিছে, ‘‘এজন ৰাজ্যসভাৰ সদস্য হিচাপে মই কৃষকৰ কন্যা সন্তানসকলৰ শিক্ষা আৰু কল্যাণৰ বাবে মই লাভ কৰিবলগীয়া দৰমহা আগবঢ়াব বিচাৰিছোঁ । মই দেশৰ উন্নতিত অৰিহণা যোগাবলৈ আগবাঢ়িছোঁ ৷ ইয়াৰ বাবে মই সম্ভৱপৰ সকলো কৰিম ৷ জয় হিন্দ৷’’

উল্লেখ্য যে, অলপতে হৰভজন সিঙক আম আদমী পাৰ্টিৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰা হৈছে । আনহাতে পঞ্জাৱৰ কৃষক আন্দোলনত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কৃষকসকললৈ মুকলি সমৰ্থন নজনোৱাৰ বাবে প্ৰশ্নৰো সন্মুখীন হৈছিল (Farmers protest against government) ৷ জলন্ধৰৰ বাসিন্দা হৰভজন সিঙে বিজেপিত যোগদান কৰা বুলি হৈছিল প্ৰচাৰ৷ আনকি পঞ্জাৱ নিৰ্বাচনত তেওঁ বিজেপিৰ পক্ষত থকাৰ লগতে এখন মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰো কথা ওলাইছিল ৷ ইয়াৰ পাছতো পঞ্জাৱ কংগ্ৰেছৰ তদানীন্তন সভাপতি নৱজ্যোত সিদ্ধুৰ সৈতে থকা সম্পৰ্কক লৈও ভিন্ন মহলত জল্পনা-কল্পনা চলিছিল ।

আশা কৰা হৈছিল যে, প্ৰতিদ্বন্দিতা নকলিলেও ভজ্জিয়ে কংগ্ৰেছত যোগদান কৰিব ৷ কিন্তু সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই হৰভজন সিঙে আম আদমী পাৰ্টিত যোগদান কৰে আৰু আপে তেওঁক পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত কৰে (Harbhajan Singh elected as Rajya Sabha MP)।

লগতে পঢ়ক: ৰাজ্যবাসীলৈ জনাৰ্দন দেৱ গোস্বামীৰ বিহুৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.