ETV Bharat / bharat

Fire Incident in Bihar : বিহাৰত ভয়াৱহ অগ্নিকাণ্ডত অগ্নিদগ্ধ শতাধিক; বহুতৰে অৱস্থা সংকটজনক

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 5:28 PM IST

ফটকাৰ ফিৰিঙতিয়ে খাণ্ডৱদাহৰ সৃষ্টি কৰে বিহাৰত । চিৱানৰ এখন দোকানত ফটকাৰ ফিৰুঙতিৰ পৰা অগ্নিকাণ্ড সংঘটিত হয় । দোকানখনত থকা পেট্ৰ'ল আৰু ডিজেলৰ বাবে মুহূৰ্ততে জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, অগ্নিনিৰ্বাপক বাহিনীৰ দল তথা স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰে । এই ঘটনাত শতাধিক লোক আহত হয় । ইয়াৰে প্ৰায় ২৪ জনৰ অৱস্থা সংকটজনক হৈ আছে ।

বিহাৰত ভয়াৱহ অগ্নিকাণ্ডত অগ্নিদগ্ধ শতাধিক; বহুতৰে অৱস্থা সংকটজনক
Fire Incident in Bihar

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : দেওবাৰে সমগ্ৰ দেশে দীপাৱলীৰ আনন্দত মতলীয়া হৈ থকাৰ সময়তে বিহাৰত সংঘটিত হয় এক শোকাৱহ ঘটনা । বিহাৰৰ চিৱানত দীপাৱলী উদযাপন কৰি থখাৰ মাজতে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । আতচবাজী ফুটাই থকাৰ সময়ত নিশা প্ৰায় ১০ বজাত চহৰখনৰ এম এইচ শীলা বজাৰৰ এখন দোকানত ফটকাৰ ফিৰিঙতিৰ পৰা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।

জানিব পৰা মতে, দোকানখনত পেট্ৰ'ল আৰু ডিজেল মজুত থকাৰ বাবে জুয়ে এক ভয়ংকৰ ৰূপ গ্ৰহণ কৰে । আনহাতে, জুই নুমুৱাবলৈ যাওঁতে পেট্ৰ'লৰ ড্ৰামত জুই লাগি বিস্ফোৰণ হয় । ইয়াৰ ফলত দুজন অগ্নিনিৰ্বাপক বাহিনী আৰু তিনিজন আৰক্ষীকে ধৰি শতাধিক লোক অগ্নিদগ্ধ হয় । ইয়াৰে ভিতৰত বহুতৰে অৱস্থা সংকটজনক ।

ইফালে জুয়ে নিমিষতে এনে এক ভয়ংকৰ ৰূপ ধাৰণ কৰে যে ওচৰ-পাজৰৰ বহু দোকান ইয়াৰ গ্ৰাসত পৰে । পেট্ৰ'ল আৰু ডিজেল ৰখা দোকানখনত জুই লগাৰ ফলত জুইৰ শিখা যথেষ্ট উচ্চতালৈ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে । ফলত বজাৰখনত মানুহৰ হুৱাদুৱা লাগি পৰে । মানুহে কি কৰিব কি নকৰিব ভাবি নাপাই দৌৰিবলৈ আৰম্ভ কৰে । পিছত অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত জুই নিয়ন্ত্ৰণ কৰিবলৈ দুখন অগ্নিনিৰ্বাপক গাড়ী ঘটনাস্থলীত উপস্থিত হয় ।

ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, অগ্নিকাণ্ডৰ সময়ত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাছিল । কিন্তু পেট্ৰ'লৰ ড্ৰামত হোৱা বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । বিস্ফোৰণৰ ফলত জুইৰ ফিৰিঙতি বহু দূৰলৈ ছিটিকি যায় আৰু মানুহৰ গাত পৰে । যাৰ ফলত তেওঁলোক অগ্নিদগ্ধ হয় । ইয়াৰে বহু লোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছিল ।

"আতচবাজীৰ স্ফুলিঙ্গৰ ফলত এই জুই লাগে । এখন দোকানত অগ্নিকাণ্ড সংঘটিত হয় । দোকানখনত পেট্ৰ'ল আৰু ডিজেল ৰখা হৈছিল । জুয়ে বহু দোকান গ্ৰাস কৰে । জুই নুমুৱাবলৈ যাওঁতে বেছিভাগ লোক আহত হয় । পেট্ৰ'লৰ ড্ৰামত জুই লগাত সকলোৱে পলাই যাবলৈ আৰম্ভ কৰিছিল । কিন্তু জুয়ে সকলোকে গ্ৰাস কৰিছিল । ফলত বহু লোক বেয়াকৈ আহত হয় ।" প্ৰত্যক্ষদৰ্শীয়ে কয় ।

লগতে পঢ়ক :Massive fire Accident : নামপল্লীত বিধ্বংসী অগ্নিকাণ্ড; চাৰিদিনীয়া শিশুসহ 7 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.