ETV Bharat / bharat

Massive fire Accident : নামপল্লীত বিধ্বংসী অগ্নিকাণ্ড; চাৰিদিনীয়া শিশুসহ 7 গৰাকীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:03 PM IST

দীপাৱলীৰ উলহ-মালহৰ মাজতে হায়দৰাবাদৰ নামপল্লীৰ এটা গুদামত ভয়ংকৰ অগ্নিকাণ্ড ৷ এই ঘটনাত এতিয়ালৈ 7 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ছয়জন লোক আহত হৈছে । আনহাতে উদ্ধাৰ কৰা হৈছে 21 জন লোকক ৷

Massive fire Accident
নামপল্লীত বিধ্বংসী অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, 13 নৱেম্বৰ: সোমবাৰে হায়দৰাবাদৰ নামপল্লীৰ এটা গুদামত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ এই ঘটনাত এতিয়ালৈ 7 গৰাকী লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে এই ঘটনাত এতিয়ালৈ 21 জন লোকক উদ্ধাৰ কৰা হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, হায়দৰাবাদৰ এটা বহুমহলীয়া গুদামত সংঘটিত অগ্নিকাণ্ডত কমেও সাতজন লোক নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। নামপল্লীৰ বজাৰঘাট অঞ্চলত অৱস্থিত এটা চাৰিমহলীয়া অট্টালিকাত পুৱা প্ৰায় 9.35 বজাত এই ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ছয়জন লোক আহত হৈছে । আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইয়াৰ লগতে কিছুলোক এতিয়াও জুইৰ মাজত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । বাতৰিটো লিখাৰ সময়লৈকে, 21 জন লোকক উদ্ধাৰ কৰা হৈছিল, যাৰ ভিতৰত ইতিমধ্যে 7 জনৰ মৃত্যু হয় । বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে বুলি জানিব পৰা গৈছে ৷

কেনেকৈ সংঘটিত হৈছিল এই ঘটনা?

নামপল্লীৰ বজাৰঘাট এলেকাত অৱস্থিত চাৰিমহলীয়া গুদামটোৰ তলৰ মহলাটো এটা গেৰেজ আছে । সোমবাৰে পুৱা এখন গাড়ী মেৰামতিৰ বাবে গেৰেজলৈ লৈ আহিছিল। গাড়ীখন মেৰামতি কৰাৰ সময়ত অগ্নিসংযোগ হয় ৷ গেৰেজটোত ডিজেল আৰু ৰাসায়নিক ড্ৰামো আছিল ৷ ফলত সহজতে জুই বিয়পে ৷ নিমিষতে এই জুই সমগ্ৰ অট্টালিকাটোত বিয়পি পৰে ৷ এই দুৰ্ঘটনাটোত শ্বাসৰুদ্ধ হোৱাৰ ফলত সাতজন লোকৰ মৃত্যু হয় । মৃতসকলৰ ভিতৰত দুগৰাকী মহিলা আৰু এটা চাৰিদিনীয়া কেঁচুৱা আছিল।

এই ঘটনাৰ খবৰ লাভ কৰি চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ৷ এই উদ্ধাৰ অভিযানত জুইৰ মাজৰ পৰা এটি শিশু আৰু এগৰাকী মহিলাক বিপজ্জনক অৱস্থাৰ পৰা উদ্ধাৰ কৰা হৈছিল । বৰ্তমানো ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে । এই দুৰ্ঘটনাৰ ফলত, নিকটৱৰ্তী এপাৰ্টমেণ্টত বাস কৰা লোকসকল আতংকিত হৈ পৰিছিল ৷ ইতিমধ্যে ভৱনটোত আৱদ্ধ হৈ থকা মহিলা আৰু শিশুসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ৷

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি ৰাওৱে এই ঘটনাত শোক প্ৰকাশ কৰিছে ৷ তেওঁ মৃত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক তৎক্ষণাৎ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। তেলেংগানা ৰাজ্যিক বিজেপিৰ মুৰব্বী তথা কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে হায়দৰাবাদৰ নামপল্লীৰ ঘটনাস্থলী পৰিদৰ্শন কৰে বুলিও জানিব পৰা হৈছে ৷

লগতে পঢ়ক: Attempt to rape: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.