ETV Bharat / bharat

২৭ নৱেম্বৰৰ পৰা অধিক শক্তিশালী ৰূপত প্ৰতিবাদ কৰিব কৃষকে: ৰাকেশ টিকেইটৰ সকীয়নি

author img

By

Published : Nov 1, 2021, 2:25 PM IST

২৬ নৱেম্বৰত কৃষকৰ প্ৰতিবাদৰ ১ বছৰ সম্পূৰ্ণ হ'ব । কিন্তু এতিয়াও কৃষকৰ দাবী মানি লোৱা নাই কেন্দ্ৰীয় চৰকাৰে । সোমবাৰে ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকেইটে কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে যে, ২৭ নৱেম্বৰৰ পৰা ট্ৰেক্টৰ লৈ দিল্লী সীমান্তৰ বিভিন্ন স্থানত উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষকসকলে ।

Farmer protest
২৭ নৱেম্বৰৰ পৰা অধিক শক্তিশালী ৰূপত প্ৰতিবাদ কৰিব কৃষকে

নেশ্যনেল ডেস্ক, ১ নৱেম্বৰ : অধিক শক্তিশালী হ'ব কৃষক আন্দোলন । বিগত বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি অহা অক্লান্ত কৃষকে এতিয়াও নিজৰ স্থিতিতে অটল আছে । উৎকট গৰম, ঠেৰেঙা লগা জাৰ একোৱে কৃষকৰ মনোবল কম কৰিব পৰা নাই । কেন্দ্ৰীয় চৰকাৰে সংশোধন আৰু প্ৰণয়ন কৰা ৩ খন কৃষি আইন বাতিলৰ দাবীৰে দিল্লী সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকে ।

আনহাতে, কেন্দ্ৰীয় চৰকাৰেও কৃষকৰ দাবী মানি লোৱাত সন্মত হোৱা নাই । সেয়ে, এইবাৰ অধিক শক্তিশালী ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পণ লৈছে কৃষকসকলে । সোমবাৰে ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকেইটে টুইটযোগে সকীয়নি দিয়ে যে, ২৭ নৱেম্বৰৰ পৰা ট্ৰেক্টৰ লৈ দিল্লী সীমান্তৰ বিভিন্ন স্থানত উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষকসকলে । কৃষক সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰক নিজৰ সিদ্ধান্ত সলনি কৰাৰ বাবে ২৬ নৱেম্বৰলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিছে ।

ৰাকেশ টিকেইটে লগতে টুইটত উল্লেখ কৰে যে, ২৭ নৱেম্বৰৰ পৰা গাঁৱৰ কৃষকসকলে ট্ৰেক্টৰ লৈ দিল্লী সীমান্তৰ ভিন্ন স্থানত উপস্থিত হ'ব আৰু প্ৰতিবাদ সাব্যস্ত কৰিব । দেওবাৰে টিকেইটে সকীয়াই দিছিল যে, প্ৰশাসনে যদি প্ৰতিবাদস্থলীত কৃষকৰ টেণ্টবোৰ ভাঙি পেলায়, তেন্তে তেওঁলোকে আৰক্ষী থানা আৰু জিলা দণ্ডাধীশৰ কাৰ্যালয়ত টেণ্ট স্থাপন কৰিব ।

তেওঁ কয় যে, প্ৰশাসনে এক্সকেভেটৰেৰে টেণ্টবোৰ ভাঙি পেলোৱাৰ পৰিকল্পনা কৰি আছে । দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা টিক্ৰী আৰু গাজীপুৰ সীমান্তত স্থাপন কৰা বেৰিকেডবোৰ আঁতৰাবলৈ আৰম্ভ কৰিছিল । এই স্থানতে কৃষকসকলে কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

কৃষকসকলৰ আন্দোলন আৰম্ভ হোৱাৰ পৰা ১১ মাহৰো অধিক সময় ধৰি এই পথ বন্ধ হৈ আছিল । ফলত যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ অভিযোগ তুলি আহিছিল যাত্ৰীসকলে । বিগত বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰা ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ আইন, এগ্ৰীমেণ্ট অন প্ৰাইচ এছুৰেন্স এণ্ড ফাৰ্ম চাৰ্ভিছ আইন আৰু এছেনচিয়েল ক'ম'ডিটিজ আইন বাতিলৰ দাবীত কৃষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

লগতে পঢ়ক:ক’ভিড 19 : ভাৰতত বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.