ETV Bharat / bharat

ক’ভিড 19 : ভাৰতত বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা

author img

By

Published : Nov 1, 2021, 12:04 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত ১২,৫১৪ গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ তদুপৰি ২৫১ গৰাকী লোক মৃত্য়ুমুখত পৰিছে ৷

India logs 12,514 COVID19 cases and 251 deaths
India logs 12,514 COVID19 cases and 251 deaths

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত ১২,৫১৪ গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ তদুপৰি ২৫১ গৰাকী আক্ৰান্ত লোক মৃত্য়ুমুখত পৰিছে ৷ ইয়াৰ লগে লগে মৃতকৰ সংখ্যা 4,58,437 গৰাকীলৈ বৃদ্ধি পায় ৷

দেশৰ ভিতৰতে কেৰালাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে ৷ ইয়াৰ পিছতে মৃতকৰ সংখ্যা 4,58,437 গৰাকীলৈ বৃদ্ধি পায় ৷ মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি, সম্প্ৰতি দেশত 1,58,817 গৰাকী লোক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে, যাৰ হাৰ বিগত 248 দিনৰ ভিতৰত সৰ্বনিম্ন ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বৰ্তমান দেশত আক্ৰান্ত ব্যক্তিৰ হাৰ মুঠ আক্ৰান্তৰ তুলনাত 0.46 শতাংশ, যি বিগত বৰ্ষৰ মাৰ্চ মাহৰ পিছত সৰ্বনিম্ন ৷ বিগত 24 ঘণ্টাত 12,718 গৰাকী লোকে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত মুঠ আৰোগ্যৰ সংখ্যা হৈছে 3,36,68,560 গৰাকী ৷ সম্প্ৰতি আৰোগ্যৰ হাৰ হৈছে 98.20 শতাংশ ৷

সোমবাৰৰ দিনটোলৈকে দেশৰ মুঠ জনসংখ্যাৰ ভিতৰত 60.92 কোটি লোকৰ ক’ভিড 19 ৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ ভাইৰাছবিধৰ পৰা পৰিত্ৰাণ পাবলৈ দেশত দ্ৰুতগতিত অব্যাহত আছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ দেশৰ প্ৰায় 106.31 কোটি লোকক ইতিমধ্যে প্ৰদান কৰা হৈছে প্ৰতিষেধক ৷

লগতে চাওক: ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.