ETV Bharat / bharat

ভূমিকম্প; মহাৰাষ্ট্ৰৰ হিংগোলীত ৩.৫ প্ৰাবল্যৰ জোকাৰণি

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 8:28 AM IST

Updated : Nov 20, 2023, 11:11 AM IST

Earthquake in Maharashtra Hingoli
কঁপি উঠিল মহাৰাষ্ট্ৰৰ হিংগোলী

সোমবাৰে পুৱা কঁপি উঠিল মহাৰাষ্ট্ৰৰ হিংগোলী ৷ অৱশ্যে এই ভূমিকম্পৰ তীব্ৰতা যথেষ্ট কম আছিল বুলি জানিব পৰা গৈছে । বৰ্তমানলৈকে জীৱন বা সা-সম্পত্তি হেৰুৱাৰ খবৰ লাভ কৰা নাই (Earthquake in Maharashtra Hingoli) ৷

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ : সোমবাৰে পুৱাই কঁপি উঠিল মায়া নগৰী মুম্বাই ৷ সোমবাৰে পুৱা মহাৰাষ্ট্ৰৰ হিংগোলী অঞ্চলত অনুভূত হয় ভূ কম্পন । অৱশ্যে ইয়াৰ তীব্ৰতা কম আছিল । এই ভূ কম্পনৰ ফলত বৰ্তমানলৈকে কোনো ধৰণৰ সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই । লগতে হতাহত হোৱা নাই কোনো লোক ৷

কিন্তু এই ভূমিকম্পৰ ফলত অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰা দেখিবলৈ পোৱা যায় । এই কম্পনৰ তীব্ৰতা কম হোৱাৰ বাবে বহুতে আকৌ অনুভৱো কৰা নাছিল । তথ্য অনুসৰি আজি অৰ্থাৎ সোমবাৰে পুৱা ৫.০৯ বজাত মহাৰাষ্ট্ৰৰ হিংগোলী অঞ্চলত ভূমিকম্পৰ সৃষ্টি হয় ।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ) ৰ তথ্য অনুসৰি ভূগৰ্ভস্থ ৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল । ইয়াৰ প্ৰাবল্য আছিল ৩.৫ ৷ অধিকাংশ লোক শুই থকাৰ বাবে পুৱা ভূমিকম্পৰ অনুভৱ কৰা নাছিল । অৱশ্যে একাংশ লোকে এই ভূমিকম্পৰ কঁপনি ভালদৰে অনুভৱ কৰিছিল । কিছু লোকে আকৌ ভয়ত বিতত হৈ ঘৰৰ পৰা দৌৰি মুকলি স্থানলৈ ওলাই আহিছিল ।

সকলোৰে জ্ঞাত যে, চলিত মাহৰ প্ৰথম সপ্তাহতে উত্তৰ ভাৰতত অনুভৱ হৈছিল ভূ-কম্পন । এই ভূমিকম্পটো নেপালত সংঘটিত হৈছিল । উত্তৰ ভাৰততো ইয়াৰ প্ৰভাৱ দেখা গৈছিল । বিগত ৩ নৱেম্বৰত নেপালত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৪ ।

এই ভূমিকম্পৰ ফলত নেপালত বহু ক্ষয়-ক্ষতি হৈছিল ৷ যাৰ ফলত নেপালত ১৫০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাৰ লগতে ২৫০ জনতকৈ অধিক লোক আহত হৈছিল । ভূমিকম্পৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলকেইটা হৈছে নেপালৰ জাজাৰকোট আৰু ৰুকুম পশ্চিম জিলা ।

লগতে পঢ়ক : Earthquake in Nepal: শুকুৰবাৰৰ ভূমিকম্পত ১৫৭ জন লোকৰ মৃত্যু হোৱাৰ পিচতে ৩.৬ প্ৰাৱল্যৰ আন এক ভূমিকম্পই জোকাৰি যায় নেপালক

Last Updated :Nov 20, 2023, 11:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.