ETV Bharat / international

Earthquake in Nepal: শুকুৰবাৰৰ ভূমিকম্পত ১৫৭ জন লোকৰ মৃত্যু হোৱাৰ পিচতে ৩.৬ প্ৰাৱল্যৰ আন এক ভূমিকম্পই জোকাৰি যায় নেপালক

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 9:22 AM IST

Earthquake in Nepal
নেপালত ভূমিকম্প

নেপালত বিগত ৩০ ঘন্টাত তিনিটাকৈ প্ৰৱল ভূমিকম্পই জোকাৰি গৈছে । দেওবাৰে পুৱা ৪.৩৮ বজাত ৰাষ্ট্ৰখনত অনুভূত হয় তৃতীয়টো ভূমিকম্পৰ জোকাৰণিৰ । ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৩.৬ । শুকুৰবাৰে নিশা ১১.৩২ বজাত প্ৰথমটো আৰু শনিবাৰে বিয়লি ৩.৪০ বজাত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ৷ এই ভূমিকম্পত বৰ্তমানলৈ ১৫৭ জন লোকৰ মৃত্যু হৈছে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ : নেপালত আকৌ এবাৰ অনুভৱ হ’ল ভূমিকম্পৰ কম্পন । দেওবাৰে পুৱা ৪.৩৮ বজাত ৰাষ্ট্ৰখনত অনুভূত হয় ভূমিকম্পৰ জোকাৰণিৰ । ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৩.৬ । ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কাঠমাণ্ডু । বিগত ৩০ ঘন্টাত নেপালত তিনিটাকৈ প্ৰবল ভূমিকম্পই জোকাৰি গৈছে । শুকুৰবাৰে নিশা ১১.৩২ বজাত নেপালত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ৷ ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৬.৪ । ই নেপালত প্ৰচণ্ড ধ্বংসলীলাৰ সৃষ্টি কৰিছিল ।

এই ভূমিকম্পত বৰ্তমানলৈ প্ৰায় ১৫৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল শ শ লোক ৷ ধ্বংসস্তূপত পৰিণত হৈছিল ঘৰ-দুৱাৰ ৷ ইয়াৰ পিচত শনিবাৰে বিয়লি ৩.৪০ বজাত অনুভূত হয় আন এক জোকাৰণিৰ । এইবাৰ ভূমিকম্পৰ তীব্ৰতা ৪.২ আৰু তৃতীয়টো জোকাৰণি আজি পুৱা সংঘটিত হয় । অৰ্থাৎ যোৱা ৩০ ঘন্টাত নেপালত তিনিটাকৈ ভূমিকম্পই জোকাৰি যায় । অৱশ্যে এইবাৰ নেপালত হোৱা ভূমিকম্পৰ কম্পন ভাৰতত অনুভৱ হোৱা নাছিল ।

লগতে পঢ়ক : Earthquake in Nepal: নেপালত ভূমিকম্পৰ ফলত বৰ্তমানলৈ 140 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.