ETV Bharat / bharat

Parliament Monsoon Session : এয়া থিয়েটাৰ হল নহয়; ৰাজ্যসভা স্থগিত কৰাৰ পূৰ্বে ক্ষুব্ধ ধানখড়ৰ অ'ব্ৰাইনলৈ মন্তব্য

author img

By

Published : Jul 28, 2023, 2:53 PM IST

উত্তেজিত ধনখৰক তৃণমূলৰ সাংসদগৰাকীৰ 'থিয়েট্ৰিক'ৰ ওপৰত খং উঠা দেখা যায়, যিটো পূৰ্বৰ ভাষণৰ সময়ত হৈছিল । তৃণমূল কংগ্ৰেছৰ সাংসদজনে মাত্ৰ কেইদিনমান আগতে কৰা কাৰ্যৰ পুনৰাবৃত্তিত ধনখৰে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ধনখৰে অৱশ্যে তেওঁক সদনত কিছু শালীনতা দেখুৱাবলৈ আৰু নমনীয় হ'বলৈও অনুৰোধ কৰে ।

Parliament Monsoon Session
Parliament Monsoon Session

নিউজ ডেস্ক, ২৮ জুলাই : ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধানখড়ে শুকুৰবাৰে তৃণমূলৰ সাংসদ ডেৰেক অ'ব্ৰাইনৰ সৈতে বিবাদৰ পিছত সদনৰ কাৰ্যক্ৰম দিনটোৰ বাবে স্থগিত ৰাৰে ।

উত্তেজিত ধানখড়ৰ তৃণমূলৰ সাংসদগৰাকীৰ 'থিয়েট্ৰিক'ৰ ওপৰত খং উঠা দেখা যায়, যিটো পূৰ্বৰ ভাষণৰ সময়ত হৈছিল । তৃণমূল কংগ্ৰেছৰ সাংসদজনে মাত্ৰ কেইদিনমান আগতে কৰা কাৰ্যৰ পুনৰাবৃত্তিত ধানখড়ে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ধানখড়ে অৱশ্যে তেওঁক সদনত কিছু শালীনতা দেখুৱাবলৈ আৰু নমনীয় হ'বলৈও কৰা অনুৰোধ অব্যাহত ৰাখিছিল ।

নিৰন্তৰভাৱে অ'ব্ৰাইনৰ আগ্ৰাসী মনোভাব দেখি ধানখড়ৰ খং উঠে আৰু তৃণমূলৰ সাংসদজনক কঠোৰভাৱে ভৰ্ৎসনা কৰে । "থিয়েট্ৰিকত জড়িত হোৱাটো আপোনাৰ অভ্যাস হৈ পৰিছে... আপুনি ভাবে যে এইটো আপোনাৰ বিশেষাধিকাৰ । প্ৰতিবাৰেই মই আলোচনা আৰম্ভ কৰোঁ আৰু আপুনি উঠি লৈ চিঞৰ-বাখৰ কৰে । এই কথা ক'বলগা হোৱাৰ বাবে দুঃখিত । মেজত নথপৰিয়াব । এইটো এটা থিয়েটাৰ হল নহয় ।" ধানখড়ে ৰাজ্যসভা স্থগিত কৰাৰ ঠিক আগতে এনেদৰে কয় ।

উল্লেখ্য, এই উত্তপ্ত বাৰ্তালাপৰ পূৰ্বে ধানখড়ে তৃণমূল কংগ্ৰেছৰ সাংসদজনক তেওঁৰ আসনত বহিবলৈ আহ্বান জনাইছিল । ইয়াৰ পূৰ্বে সোমবাৰেও ৰাজ্যসভাৰ কাৰ্যক্ৰমৰ সময়ত একে ধৰণৰ ঘটনা দেখা গৈছিল । ধানখড় আৰু অ'ব্ৰাইনৰ মাজত এক উত্তপ্ত বাৰ্তালাপ হৈছিল । অধ্যক্ষক মণিপুৰ হিংসাৰ ওপৰত আলোচনা বিচৰা বিৰোধী দলৰ সদস্যসকলৰ দলীয় সম্পৰ্ক উল্লেখ কৰিবলৈ আহ্বান জনোৱাৰ সময়ত এই ঘটনা হৈছিল ।

বিৰোধী দলৰ সদস্যসকলৰ দলীয় সম্পৰ্ক উল্লেখ কৰাৰ পিছত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছিল । জগদীপ ধানখড় আৰু ডেৰেক অ'ব্ৰাইনৰ মাজত পুনৰ বাক-বিতণ্ডা আৰম্ভ হৈছিল । প্ৰসংগ আৰু পৰিৱেশ বেলেগ আছিল, কিন্তু বৰ্ষাকালীন অধিবেশনে দুয়োজনকে পুনৰ এবাৰ সমুখ সমৰলৈ আনিছিল । পশ্চিমবংগ বিধানসভাতো ধনখৰ ৰাজ্যপাল হৈ থাকোঁতে একে ধৰণৰ দৃশ্য দেখা গৈছিল ।

উল্লেখ্য, ধানখড়ে সোমবাৰে সাংসদসকলৰ লগতে তেওঁলোকৰ সৈতে জড়িত ৰাজনৈতিক দলসমূহৰ নাম পঢ়ি শুনায়, যিসকলৰ পৰা ৰাজস্থান আৰু মণিপুৰকে ধৰি ৰাজ্যসমূহত হিংসাৰ বিষয়ে আলোচনা কৰিবলৈ, কম সময়ৰ আলোচনাৰ বাবে অধিনিয়ম ১৭৬-ৰ অধীনত ১১ খন জাননী লাভ কৰা হৈছে ।

কিন্তু যেতিয়া ধানখড়ে অধিনিয়ম ২৬৭-ৰ অধীনত লাভ কৰা ২৭ খন জাননী পঢ়িবলৈ আৰম্ভ কৰিছিল, য'ত কোৱা হৈছিল যে সদনে 'জৰুৰী ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ' সকলো কাম বন্ধ কৰিব লাগে, তেতিয়া কিন্তু তেওঁ বিৰোধী দলৰ সাংসদসকলৰ তেওঁলোকৰ দলীয় সম্পৰ্কৰ কথা উল্লেখ কৰা নাছিল । ইয়াৰ পিছতে অ'ব্ৰায়েনে জগদীপ ধানখড়ক তেওঁলোকৰ দলীয় সম্পৰ্ক উল্লেখ কৰিবলৈ কৈছিল, যেনেদৰে তেওঁ নিয়ম ১৭৬-ৰ অধীনত জাননী দাখিল কৰাসকলৰ বাবে কৰিছিল । কিন্তু ধানখড়ে সাংসদসকলৰ নাম ল'বলৈ আৰম্ভ কৰাৰ লগে লগে অ'ব্ৰাইনে চিঞৰি চিঞৰি কোৱা শুনা গৈছিল, "কোনটো দল ? কোনটো পাৰ্টী ? মই জানিব বিচাৰোঁ ।"

লগতে পঢ়ক :AAP Poster on PM Modi : মণিপুৰৰ হিংসাৰ লগে লগেই 3 মাহ ধৰি নিৰুদ্দেশ প্ৰধানমন্ত্ৰী, আপৰ পোষ্টাৰ শ্বেয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.