ETV Bharat / bharat

AAP Poster on PM Modi : মণিপুৰৰ হিংসাৰ লগে লগেই 3 মাহ ধৰি নিৰুদ্দেশ প্ৰধানমন্ত্ৰী, আপৰ পোষ্টাৰ শ্বেয়াৰ

author img

By

Published : Jul 28, 2023, 2:15 PM IST

Updated : Jul 28, 2023, 2:43 PM IST

মণিপুৰত চলি থকা হিংসাত্মক ঘটনাসন্দৰ্ভত আম আদমী পাৰ্টীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এখন পোষ্টাৰ মুকলি কৰিছে । পোষ্টাৰখনত লিখা আছে, "ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্ধানহীন হৈ আছে ।"

AAP Poster on PM Modi
প্ৰধানমন্ত্ৰী নিৰুদ্দেশ; আপৰ পোষ্টাৰ শ্বেয়াৰ

নিউজ ডেস্ক, 28 জুলাই : মণিপুৰত চলি থকা হিংসাত্মক ঘটনা সন্দৰ্ভত আম আদমী পাৰ্টীয়ে কেন্দ্ৰীয় চৰকাৰক নিৰন্তৰ আক্ৰমণ কৰি আহিছে ৷ আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পৰা নিলম্বিত কৰা হৈছে ৷ সাংসদগৰাকীয়ে সংসদ চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ আম আদমী পাৰ্টীয়ে মণিপুৰৰ হিংসা সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি দাবী কৰিছে ৷ প্ৰধানমন্ত্ৰীক ঘেৰাও কৰিবলৈ, আপে তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এখন পোষ্টাৰ শ্বেয়াৰ কৰিছে ৷ য’ত লিখা আছে "মণিপুৰ ৩ মাহ ধৰি জ্বলি আছে আৰু প্ৰধানমন্ত্ৰী মোদী সন্ধানহীন হৈ আছে ।"

  • लापता‼️ लापता‼️ लापता‼️

    3 महीने से जल रहा Manipur और PM Modi हैं लापता। pic.twitter.com/iaWfzd8fgZ

    — AAP (@AamAadmiParty) July 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পোষ্টাৰখনত প্ৰধানমন্ত্ৰীৰ ফটোখন ওপৰত ডাঙৰ আখৰেৰে লিখা হৈছে, ‘‘নিৰুদ্দেশ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷’’ ইয়াৰ উপৰিও, আপে ফটোখনৰ তলত লিখিছে যে তেওঁক বেছি ভাগ সময় বিদেশ ভ্ৰমণ আৰু পি.আৰ. কাৰ্যসূচীত দেখা যায় ৷ লগতে লিখিছে যে, বিজেপি শাসিত মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী ৩ মাহ ধৰি সন্ধানহীন হৈ আছে ৷

শুকুৰবাৰে পুৱা শ্বেয়াৰ কৰা পোষ্টাৰখন এই পৰ্যন্ত এক লাখ ৩৩ হাজাৰ লোকে প্ৰত্যক্ষ কৰিছে ৷ বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে এই পোষ্টাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মৃত্যুঞ্জয় শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উদ্দেশ্যি পোষ্টাৰত লিখিছে, ‘‘কেজৰিৱালৰ বিষয়ে এই চিন্তা নিশ্চিতভাৱে আহিছে’’, ‘‘এনেকৈ ৰং সলনি কৰক, আনকি কেমেলিয়নেও লাজ পাব লাগে’’।

পোষ্টাৰখনত নিজৰ মন্তব্য দি টুইটাৰ ব্যৱহাৰকাৰী গুৰজাভাৰথে লিখিছে যে ‘‘হেৰাইছে !! হেৰাইছে!! হেৰাইছে!!', তোমালোক মানুহবোৰ অদ্ভূত মূৰ্খ ! বৰ্তমান আপৰ ক্ষমতাত থকা দিল্লীত মোদীয়ে উদ্বোধন কৰিছে প্ৰগতি ময়দান ৷ এইবিলাক আপৰ অন্ধ সকলে দেখা নাপায় ৷’’

​লগতে পঢ়ক : Parliament Monsoon Session: মণিপুৰ ভ্ৰমণৰ বাবে সাজু বিৰোধী সাংসদৰ প্ৰতিনিধি দল

Last Updated : Jul 28, 2023, 2:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.