ETV Bharat / bharat

ডেৰেক অ'ব্ৰাইনসহ ১৪ সাংসদক সংসদৰ পৰা বহিষ্কাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 4:25 PM IST

Derek OBrien suspended from Rajya Sabha
ৰাজ্যসভাৰ পৰা নিলম্বন তৃণমূল সাংসদ ডেৰেক অ'ব্ৰাইনক

তৃণমূলৰ সাংসদ ডেৰেক অ'ব্ৰাইনক 'দুৰ্ব্যৱহাৰ'ৰ বাবে ৰাজ্যসভাৰ পৰা বহিষ্কাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ । বুধবাৰৰ সংসদৰ নিৰাপত্তা উলংঘনৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সদনত উপস্থিত থকাৰ দাবীত তীব্ৰ প্ৰতিবাদত যোগদান কৰিবলৈ নেতৃত্ব দিয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে এই সিদ্ধান্ত লয় অধ্যক্ষই ।

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : কংগ্ৰেছৰ পাঁচজন সাংসদ আৰু তৃণমূলৰ ডেৰেক অ'ব্ৰাইনকে ধৰি ১৪ জন সদস্যক বৃহস্পতিবাৰে সদনৰ পৰা বহিষ্কাৰ কৰে । সদনৰ কাৰ্যক্ৰম ব্যাহত কৰাৰ বাবে তেওঁলোকক সংসদৰ পৰা বহিষ্কাৰ কৰা হয় । এই বহিষ্কাৰ শীতকালীন অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে কাৰ্যকৰী হৈ থাকিব ।

ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে বৃহস্পতিবাৰে তৃণমূলৰ সাংসদ ডেৰেক অ'ব্ৰাইনক 'অসদাচৰণ'ৰ বাবে নিলম্বন কৰে । তেওঁ আন বিৰোধী সাংসদসকলক বুধবাৰৰ সংসদৰ নিৰাপত্তা উলংঘনৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সদনত উপস্থিত থাকিবলৈ দাবী জনাই তীব্ৰ প্ৰতিবাদত লিপ্ত হোৱাৰ পিছতে অধ্যক্ষই এই সিদ্ধান্ত লয় ।

বৃহস্পতিবাৰে ৰাজ্যসভাৰ কামকাজ সাধাৰণভাৱেই আৰম্ভ হয় । কিন্তু ডেৰেক অ'ব্ৰাইনৰ সৈতে কেইবাজনো বিৰোধী সাংসদে প্ৰতিবাদত অংশগ্ৰহণ কৰাত সংসদ অচল হৈ পৰে । তৃণমূলৰ সাংসদগৰাকীৰ সৈতে আন বিৰোধী সাংসদসকলেও সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত ৰাজ্যসভাত গৃহ মন্ত্ৰীৰ উপস্থিতি আৰু তেওঁৰ বক্তব্য দাবী কৰে । আনহাতে, ৰাজ্যসভাত অ'ব্ৰায়েনে অধ্যক্ষ জগদীপ ধনখড়ৰ সৈতে আন এক দ্বৈত যুদ্ধ আৰম্ভ কৰাৰ লগে লগে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । উল্লেখ্য যে যোৱা আগষ্ট মাহত ৰাজ্যসভাৰ অধিবেশনৰ সময়তো পূৰ্বৰ কেইবাটাও অধিবেশনত তৃণমূলৰ সাংসদগৰাকীক নিলম্বন কৰা বিষয়ক লৈ দুয়োৰে মাজত বিবাদ হৈছিল ।

ইফালে সংসদৰ উচ্চ সদনে তৃণমূল সদস্যগৰাকীক নিলম্বন কৰাৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰে । অ'ব্ৰায়েনে নিৰাপত্তা উলংঘনৰ ঘটনা সন্দৰ্ভত আলোচনাৰ দাবী জনাইছিল । ইয়াৰ ঠিক পিছতে তৃণমূল সাংসদগৰাকীৰ নাম উচ্চাৰণ কৰি ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে তেওঁক সদন এৰি যাবলৈ কয় ।

আনহাতে, সংসদৰ বাহিৰত বক্তব্য ৰাখি তৃণমূলৰ সাংসদ দোলা সেনেও বিজেপি সাংসদ প্ৰতাপ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । উল্লেখ্য যে প্ৰতাপ সিঙে অভিযুক্ত মনোৰঞ্জনক সংসদৰ বাবে ভিজিটৰ পাছ পোৱাত সহায় কৰিছিল বুলি জানিব পৰা গৈছে । "নৈতিক সমিতি এই বিষয়ে কিয় শান্ত ? প্ৰতাপ সিং এজন বিজেপি সাংসদ, তেওঁক কিয় বহিষ্কাৰ কৰা হোৱা নাই ? আমি গুৰুত্বসহকাৰে জানিব বিচাৰোঁ যে সাংসদসকলৰ নিৰাপত্তাৰ সৈতে আপোচ কৰা হৈছে নেকি ? যদি সেয়ে হয় তেন্তে দেশৰ নাগৰিকসকলৰ কি হ'ব ? গৃহ মন্ত্ৰীয়ে আনকি এই মুহূৰ্তলৈকে একো বিবৃতি দিয়া নাই । তৃণমূল কংগ্ৰেছে এক সঠিক তদন্ত বিচাৰিছে ।" দোলা সেনে কয় ।

লগতে পঢ়ক :সংসদৰ নিৰাপত্তা উলংঘনৰ সৈতে কংগ্ৰেছ জড়িত থকাৰ অভিযোগ বিজেপিৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.