ETV Bharat / bharat

সংসদৰ নিৰাপত্তা উলংঘনৰ সৈতে কংগ্ৰেছ জড়িত থকাৰ অভিযোগ বিজেপিৰ !

author img

By ANI

Published : Dec 14, 2023, 2:35 PM IST

Updated : Dec 14, 2023, 3:00 PM IST

সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাক লৈ উত্তাল হৈ আছে দেশ ৷ ৰাজনৈতিক দলসমূহৰ মাজত এতিয়া এই ঘটনাক লৈ সৃষ্টি হৈছে বোকা ছটিওৱা ৰাজনীতি ৷ ইণ্ডি মিত্ৰজোঁটে বিজেপিৰ সাংসদ প্ৰতাপ সিম্হাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ পাচতেই এইবাৰ সংসদৰ নিৰাপত্তা উলংঘনৰে কংগ্ৰেছ-কমিউনিষ্ট জড়িত থকাৰ অভিযোগ বিজেপিৰ ৷

Parliament attack
সংসদৰ নিৰাপত্তা উলংঘনৰ সৈতে কংগ্ৰেছ জড়িত থকাৰ অভিযোগ বিজেপি

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ: সংসদৰ নিৰাপত্তা উলংঘনৰ সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত থকাৰ সময়তে এই কাণ্ড ৰাজনৈতিক ক্ষেত্ৰখনৰো কেন্দ্ৰবিন্দু হৈ পৰিছে । ইণ্ডি মিত্ৰজোঁটে বিজেপিৰ সাংসদ প্ৰতাপ সিম্হাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰা সময়তে ভাৰতীয় জনতা পাৰ্টিৰ নেতা অমিত মালব্যই দাবী কৰে যে সংসদৰ নিৰাপত্তা ভংগ কংগ্ৰেছ-কমিউনিষ্টৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত ৷

বিজেপি নেতাগৰাকীয়ে X ত টুইট কৰি কয়, এই ঘটনাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে ই স্পষ্ট হৈ পৰিছে যে সংসদৰ নিৰাপত্তা ভংগ কৰাসকলৰ ডি এন এ কংগ্ৰেছ-কমিউনিষ্টৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা আৰু পূৰ্বে আয়োজিত প্ৰতিবাদত তেওঁলোক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছিল ৷

  • As details emerge, it is getting obvious that DNA of those, who breached Parliament security, is inextricably linked to the Congress-Communist axis. The kinds who were part of Rahul Gandhi’s Bharat Jodo Yatra and active participants in the orchestrated protests seen in the past…

    — Amit Malviya (@amitmalviya) December 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে ভাৰত মিত্ৰজোঁটৰ হৈ X ত টুইট কৰি বুধবাৰে সংসদত সংঘটিত হোৱা অতি গুৰুতৰ আৰু বিপজ্জনক নিৰাপত্তাজনিত ত্ৰুটি সন্দৰ্ভত উভয় সদনত গৃহমন্ত্ৰীয়ে বিতংভাৱে বক্তব্য দিয়াৰ লগতে ইয়াৰ ওপৰত আলোচনা কৰাৰ দাবী জনায় ৷ তেওঁ লগতে অনুপ্ৰৱেশকাৰীক ভিজিটৰ পাছ প্ৰদান কৰা বিজেপি সাংসদ প্ৰতাপ সিম্হাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায় ৷ কিন্তু মোদী চৰকাৰে মানি ল’বলৈ অস্বীকাৰ কৰাৰ বাবে আজি পুৱা লোকসভা আৰু ৰাজ্যসভাৰ কার্যসূচী স্থগিত ৰখা হয় বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে X ত উল্লেখ কৰে ৷

  • INDIA की पार्टियां मांग कर रही हैं:

    1. कल संसद में हुई बेहद गंभीर और ख़तरनाक सुरक्षा चूक पर दोनों सदनों में गृह मंत्री विस्तृत बयान दें और उसके बाद इसपर चर्चा हो।

    2. घुसपैठ करने वालों को विजिटर पास दिलवाने वाले BJP सांसद प्रताप सिम्हा के ख़िलाफ़ सख्त कार्रवाई हो।

    मोदी सरकार…

    — Jairam Ramesh (@Jairam_Ramesh) December 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও এই সমগ্ৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ সদনৰ নিৰাপত্তাৰ দায়িত্ব লোকসভা সচিবালয়ৰ বুলি উল্লেখ কৰি সচিবালয়ৰ বিষয়ত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ৷ তেওঁ লগতে এই বিষয়ত পুনৰ আলোচনা কৰাৰ কথা উল্লেখ কৰে ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও জনতাক ভ্ৰমণ পাছ প্ৰদান কৰাৰ সময়ত সদনৰ সদস্যসকলক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনায় । পুৰণি সংসদ ভৱনটোতো এনে কাণ্ড সংঘটিত হোৱাৰ কথা উল্লেখ কৰি সিঙে ভৱিষ্যতে সম্ভৱপৰ সকলো সাৱধানতা অৱলম্বন কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক: সংসদত আতংক সৃষ্টি কৰা ৫ অনুপ্ৰৱেশকাৰীক আটক; ইউএপিএৰ অধীনত গোচৰ ৰুজু

Last Updated :Dec 14, 2023, 3:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.