ETV Bharat / bharat

Delhi Services Bill: নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আনিছে দিল্লী সেৱা বিধেয়ক; আপৰ দাবী

author img

By

Published : Aug 7, 2023, 12:03 PM IST

ভাৰতীয় সংবিধানৰ 239 AA অনুচ্ছেদ সহজ সংখ্যাগৰিষ্ঠতাৰে সংশোধন কৰিব বিচৰাৰ সময়তে বিৰোধী I.N.D.I.A. ব্লকৰ সদস্যই ৰাজ্যসভাত দিল্লী সেৱা বিধেয়ক বিবেচনা আৰু গৃহীত কৰাৰ বিৰোধিতা জনায় জাননী দিছে । নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে অধ্যাদেশখন অনা হৈছে বুলি আপ সাংসদে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

Delhi Services Bill: AAP issues notice opposing consideration
সদনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

নেশ্যনেল ডেস্ক, 7 আগষ্ট : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে 7 আগষ্ট সোমবাৰে দিল্লীৰ চৰকাৰ (সংশোধনী) সেৱা বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিবলৈ সাজু হৈছে । 3 আগষ্টত নিম্ন সদনত অৰ্থাৎ লোকসভাত মৌখিক ভোটৰ জৰিয়তে বিধেয়কখন গৃহীত হোৱাৰ পিছত 7 আগষ্টত গৃহমন্ত্ৰীয়ে বিধেয়কখন উত্থাপন কৰিব । এই বিষয়ত মে’ মাহত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ কিছুদিন পিছতে দিল্লীৰ সেৱা নিয়ন্ত্ৰণৰ অধ্যাদেশ জাৰি কৰা হৈছিল ।

বৰ্তমান ৰাজ্যসভাত মুঠ 245 খন আসন আছে যাৰ ভিতৰত 8 খন আসন খালী হৈ আছে ৷ মুঠ আসনৰ সংখ্যা বৰ্তমান 237 । ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰিবলৈ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হ’ব 119 । আনহাতে কংগ্ৰেছকে ধৰি আপৰ প্ৰতি সমৰ্থন আগবঢ়োৱা সকলো দলৰ মুঠ সংখ্যা 105 ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে আৰক্ষী, জনশৃংখলা আৰু ভূমি বাদ দি দিল্লীৰ সেৱাৰ নিয়ন্ত্ৰণ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত নিৰ্বাচিত চৰকাৰক অৰ্পণ কৰাৰ এসপ্তাহৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে এই অধ্যাদেশ জাৰি কৰে । দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড চৰকাৰ (সংশোধনী) বিধেয়ক, 2023, মে’ মাহত কেন্দ্ৰই অনা অধ্যাদেশৰ ঠাইত দিল্লী বিধানসভাৰ বিধানসভাৰ যোগ্যতাৰ পৰা ‘সেৱা’ক বাদ দিয়া অধ্যাদেশৰ স্থান দখল কৰিব বিচাৰিছে ।

ভাৰতীয় সংবিধানৰ 239 AA অনুচ্ছেদ সহজে সংখ্যাগৰিষ্ঠতাৰে সংশোধন কৰিব বিচৰাৰ সময়তে বিৰোধী I.N.D.I.A. ব্লকৰ সদস্যই ৰাজ্যসভাত দিল্লী সেৱা বিধেয়ক বিবেচনা আৰু গৃহীত কৰাৰ বিৰোধিতা কৰি জাননী দিছে । আপ ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকে দিল্লী সেৱা বিধেয়ক সন্দৰ্ভত কয়, "অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক আগবাঢ়ি যোৱাত বাধা দিবলৈ এই বিধেয়ক অনা হৈছে । কংগ্ৰেছ দল আৰু অন্যান্য দলসমূহে আমাক সমৰ্থন জনাইছে । কেন্দ্ৰীয় চৰকাৰখনে এই বিধেয়কখন নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে লৈ আহিছে । আমি জনসাধাৰণৰ মাজলৈ গৈ দলটোক উদঙাই দিম ৷"

লগতে পঢ়ক : Monsoon session 2023 : ৰাজ্যসভাত আজি উত্থাপন হ'ব দিল্লীৰ বিতৰ্কিত বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.