ETV Bharat / bharat

Monsoon session 2023 : ৰাজ্যসভাত আজি উত্থাপন হ'ব দিল্লীৰ বিতৰ্কিত বিধেয়ক

author img

By

Published : Aug 7, 2023, 10:09 AM IST

কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ অধ্যাদেশ বিধেয়কখন আজি ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে । লোকসভাত গৃহীত হৈছে বিধেয়কখন । আপ আৰু কংগ্ৰেছে সকলো সাংসদকে ৰাজ্যসভাত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে ।

Monsoon session 2023
ৰাজ্যসভাত আজি উত্থাপন হ'ব দিল্লীৰ বিতৰ্কিত বিধেয়ক

নেশ্যনেল ডেস্ক,৭ আগষ্ট : বিতৰ্কিত দিল্লীৰ অধ্যাদেশ বিধেয়ক সোমবাৰে অৰ্থাৎ আজি কেন্দ্ৰই ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে । সূত্ৰৰ মতে বিধেয়কখন আলোচনা আৰু গৃহীত কৰাৰ বাবে ৰাজ্যসভাত উত্থাপন কৰিব । ইতিমধ্যে লোকসভাই উক্ত বিধেয়কখনত অনুমোদন জনাইছে । বিধেয়কখনে দিল্লীত গ্ৰুপ এ বিষয়াসকলৰ স্থানান্তৰ আৰু নিযুক্তিৰ বাবে কৰ্তৃত্ব স্থাপনৰ বাবে জাৰী কৰা অধ্যাদেশক সলনি কৰিব বিচাৰিছে ।

বিধেয়কখন সোমবাৰে ৰাজ্যসভাত উত্থাপিত হোৱাৰ লগে লগে কংগ্ৰেছৰ সাংসদ আৰু তথা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে ৰাজ্যসভাত সেৱা সম্পৰ্কীয় বিধেয়কখনৰ ওপৰত আলোচনা আৰম্ভ কৰিব বুলি আশা কৰা হৈছে । সিংভিয়ে প্ৰশাসনিক সেৱাৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় এটা বিষয়ত উচ্চতম ন্যায়ালয়ত দিল্লী চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল ।

ইফালে মণিপুৰৰ বিষয়ক লৈ সদনৰ অচলাৱস্থা সম্পৰ্কে শুকুৰবাৰে বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ একাংশ নেতাই পীয়ুষ গোৱেল আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীক সাক্ষাৎ কৰে । সূত্ৰৰ মতে বৈঠকৰ সময়ত বিৰোধী নেতাসকলে কংগ্ৰেছৰ সাংসদ ৰজনী পাটিলৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে আৰু এই সময়ছোৱাত তেওঁলোকক ইংগিত দিয়া হৈছে যে তেওঁলোকৰ ক্ষেত্ৰত সহানুভূতিশীল দৃষ্টিভংগী গ্ৰহণ কৰা হ'ব ।

অৱশ্যে, আপৰ সাংসদ সঞ্জয় সিঙৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা নাই । সূত্ৰৰ মতে চৰকাৰ মণিপুৰ বিষয়ত আলোচনাৰ বাবে সাজু আছে আৰু কি নিয়মৰ অধীনত আলোচনা অনুষ্ঠিত হ'ব পাৰে সেয়া ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে সিদ্ধান্ত ল'ব লাগিব । বিৰোধী সদস্যসকলক মণিপুৰ বিষয়টো আলোচনা কৰিবলৈ তেওঁলোকৰ প্ৰস্তাৱৰ খচৰা উল্লেখ কৰিবলৈ অনুৰোধ জনোৱা হৈছে । তেওঁলোকে এতিয়ালৈকে খচৰাখন উল্লেখ কৰা নাই ।

ৰাজ্যসভাত দিল্লী সম্পৰ্কীয় এখন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনাৰ মাজতে আম আদমি পাৰ্টীয়ে সকলো সাংসদক সোমবাৰে আৰু মঙলবাৰে সংসদৰ উচ্চ সদনত উপস্থিত থাকিবলৈ কৈ হুইপ জাৰি কৰিছে । বিৰোধী দলসমূহৰ দ্বাৰা ৱাকআউটৰ মাজতে বৃহস্পতিবাৰে লোকসভাত এই বিধেয়ক গৃহীত হয় ।

প্ৰায় ৪ ঘণ্টাৰ আলোচনাৰ অন্তত দিল্লী সেৱা বিধেয়ক লোকসভাত গৃহীত হয় । আলোচনাৰ উত্তৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দিয়ে । শ্বাহে স্পষ্ট কৰি দিছে যে কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ ওপৰত আইন প্ৰস্তুত কৰাৰ ক্ষমতা আছে, কেন্দ্ৰৰ ইয়াৰ বাবে নিয়ম প্ৰস্তুত কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে ।

ইফালে এই বিধেয়ক ৰাজ্যসভাত উত্থাপন হোৱাৰ সম্ভাৱনা থকাৰ মাজতে কংগ্ৰেছে সাংসদসকলক সোমবাৰে উচ্চ সদন স্থগিত নোহোৱালৈকে সদনত উপস্থিত থাকিবলৈ কৈ হুইপ জাৰি কৰিছে । হুইপ জাৰি কৰি জয়ৰাম ৰমেশে কয় যে ৭ আগষ্টত ৰাজ্যসভাত অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা হ'ব । বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ দলসমূহে বিধেয়কখন গৃহীত কৰাৰ চৰকাৰৰ পদক্ষেপক বিফল কৰিবলৈ সকলো ধৰণে প্ৰচেষ্টা কৰিব । অৱশ্যে বিজু জনতা দল (বিজেডি) আৰু যুৱজনা শ্ৰমিক ৰাইথু কংগ্ৰেছ পাৰ্টি (ৱাইএছআৰচিপি)য়ে বিধেয়কখন সন্দৰ্ভত চৰকাৰক তেওঁলোকৰ সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছে ।

লগতে পঢ়ক: Loksabha 2024 : 2024 ৰ লোকসভা নিৰ্বাচনত বিৰোধীৰ প্ৰধান মুখ হ’ব ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.