ETV Bharat / bharat

Critical care health policies : গুৰুতৰ ৰোগৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে নেকি ?

author img

By

Published : Nov 16, 2022, 10:23 AM IST

বৰ্তমান সময়ত খাদ্যাভাস আৰু জীৱনশৈলীৰ বাবে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা, কৰ্কট ৰোগ, পক্ষাঘাত, যকৃত, বৃক্ক আদিৰ ফলত বহুলোক গুৰুতৰভাৱে অসুস্থ হৈ পৰা দেখা গৈছে । তেনে ক্ষেত্ৰত এখন উপযুক্ত স্বাস্থ্য বীমা পলিচিয়ে আপোনাৰ লগতে আপোনাৰ পৰিয়ালক উদ্ধাৰ কৰিব পাৰে (Critical care health policies rescue families)। কিন্তু কি ধৰণৰ পলিচি ল'ব সেয়াহে গুৰুত্বপূৰ্ণ কথা ।

Critical
গুৰুতৰ ৰোগৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে নেকি

নেশ্যনেল ডেস্ক,১৬ নৱেম্বৰ : ৰাজীৱ এটা কোম্পানীৰ চেলছ মেনেজাৰ আৰু তেওঁ নিজৰ দলটোক দক্ষতাৰে চলোৱাৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । অৱশ্যে তেওঁৰ ওপৰত যথেষ্ট পৰিমাণৰ চাপ আছিল আৰু তাক দূৰ কৰিবলৈ ধূমপান কৰিছিল আৰু সোনকালেই ইয়াৰ প্ৰতি আসক্ত হৈ পৰিছিল । এদিন কৰ্তব্যৰত অৱস্থাত ৰাজীৱ হঠাতে বাগৰি পৰিল । সহকৰ্মীসকলে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাইছিল । কোনো বিশেষ অসুবিধা নাছিল যদিও তেওঁ শৰীৰৰ বাওঁফালে পক্ষাঘাতত ভুগিছিল ।

আন কৰ্মচাৰীৰ দৰে, ৰাজীৱে তেওঁৰ কোম্পানীৰ দ্বাৰা আগবঢ়োৱা গ্ৰুপ স্বাস্থ্য বীমা লাভ কৰিছে, যি কেৱল তেওঁৰ চিকিৎসা ব্যয় কভাৰ কৰে । এতিয়া তেওঁৰ গুৰুতৰ অসুস্থতাৰ বাবে, তেওঁক নিৰন্তৰ চিকিৎসাৰ প্ৰয়োজন । আনহাতে তেওঁ আৰু কাম কৰিব নোৱাৰে । এই সকলোবোৰ কাৰকে তেওঁৰ পৰিয়ালক আৰ্থিক সমস্যাৰ ফালে ঠেলি দিছে ।

ঠিক তেনেদৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা, কৰ্কট ৰোগ, পক্ষাঘাত, যকৃত, বৃক্ক আদিৰ ফলত বহুলোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে । ফাষ্ট ফুড আৰু পৰিৱৰ্তনশীল অভ্যাসৰ বাবে জীৱনশৈলীৰ ৰোগৰ তালিকা বৃদ্ধি পাইছে । এই গুৰুত্বপূৰ্ণ ৰোগবোৰৰ বাবে প্ৰচুৰ ব্যয় হয় । স্বাভাৱিক স্বাস্থ্য কভাৰে কেৱল চিকিৎসাৰ বাবে পৰিশোধ কৰে (Normal health covers pay for only treatment)। দীৰ্ঘম্যাদী ৰোগত আক্ৰান্ত হোৱাৰ পিছত কোনেও বৃহৎ বিত্তীয় ব্যয় বহন কৰিব নোৱাৰে যদিহে সেইবোৰ 'গুৰুত্বপূৰ্ণ ৰোগ নীতি'ৰ (critical illness policies) দ্বাৰা কভাৰ নহয় ।

এজন গুৰুতৰ ৰোগ পলিচি ধাৰক দীৰ্ঘম্যাদী ৰোগত আক্ৰান্ত হোৱাৰ পাছত কোম্পানীবোৰে এবাৰতে ক্ষতিপূৰণ পৰিশোধ কৰিব । Critical care health policiesৰ অধীনত নিম্নতম পৰিমাণ হৈছে প্ৰায় ৫ লাখ টকা । এই পলিচিবোৰে ৰোগী এজনক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত হোৱা ব্যয় বহন কৰিবলৈ সক্ষম কৰি তুলিব ।

কোম্পানীবোৰে কৰ্কট ৰোগ, হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, মস্তিষ্ক, স্নায়ু বিকলাঙ্গতা, পক্ষাঘাত, অন্ধত্ব, বধিৰতা, যকৃত, হাঁওফাঁও আৰু বৃক্ক আদি কভাৰ কৰিবলৈ বজাৰত চাৰি প্ৰকাৰৰ critical illness policies আগবঢ়াইছে । পলিচি ধাৰকসকলে এই আঁচনিসমূহৰ অধীনত ১০০ শতাংশ দাবী কৰিব পাৰে ।

স্বাভাৱিক স্বাস্থ্য পলিচিয়ে কেৱল চিকিৎসাৰ বিল পৰিশোধ কৰে কিন্তু critical care কভাৰে দীৰ্ঘম্যাদী ৰোগৰ চাৰিটা শ্ৰেণীৰ (four categories of chronic diseases) প্ৰতিটোত ১০০ শতাংশ চিকিৎসা ব্যয় সামৰি লয় । সেয়েহে, এজন পলিচি ধাৰকে হৃদযন্ত্ৰ, কৰ্কট ৰোগ, স্নায়ু আৰু যকৃত সম্পৰ্কীয় চাৰিটা critical illness policiesৰ অধীনত প্ৰায় ৪০০ শতাংশ যুটীয়া কভাৰ লাভ কৰিব পাৰে । Critical illness policiesৰ অধীনত অহা ক্ষতিপূৰণে এনে পৰিস্থিতিৰ অধীনত বিত্তীয় সহায় হিচাপে কাম কৰিব ।

Critical illness policiesৰ বাবে কম সময় অপেক্ষা কৰাৰ সুবিধা আছে । বহুতো কোম্পানীয়ে পলিচিখন লোৱাৰ ৯০ দিন পাছতে চাৰিওটা শ্ৰেণীতে গুৰুতৰ ৰোগ কভাৰ কৰিব পাৰে । অৱশ্যে, ড্ৰাগছ আৰু সুৰাপানৰ ক্ষেত্ৰত ক্ষতিপূৰণ পৰিশোধ কৰা নহয় । কিছুমান কোম্পানীয়ে পলিচি এখন জাৰী কৰাৰ পূৰ্বে এজন কৰ্মচাৰীৰ কামৰ পৰিস্থিতি বিবেচনা কৰে । এনে পলিচি লোৱাৰ পৰিকল্পনা কৰাৰ পূৰ্বে এই সকলোবোৰ কাৰক বিশ্লেষণ কৰা উচিত ।

পৰিয়ালত দীৰ্ঘম্যাদী ৰোগৰ ইতিহাস থকা সকলৰ বাবে Critical illness policies অতি আৱশ্যক । যিসকলে চাপৰ সৈতে কাম কৰে আৰু যাৰ জীৱনশৈলী অতি জটিল, তেওঁলোকৰ বাবেও এই পলিচি প্ৰয়োজনীয় । কেতিয়াবা, চিকিৎসাৰ পাছতো ৰোগটো পুনৰ হ'ব পাৰে আৰু তাৰ চিকিৎসাৰ প্ৰয়োজন হয় । কিন্তু এই পলিচিৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী ৰোগৰ বাবে চিকিৎসা ব্যয় অব্যাহত থাকে । Critical care কভাৰে এনে সকলো অনিবাৰ্য কাৰণত ব্যয় পূৰণ কৰাত সহায় কৰিব ।

লগতে পঢ়ক :Early retirement crisis: বিত্তীয় সমস্যা সমাধানৰ বাবে নীতিন কামাথৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.