Early retirement crisis: বিত্তীয় সমস্যা সমাধানৰ বাবে নীতিন কামাথৰ পৰামৰ্শ

author img

By

Published : Nov 15, 2022, 11:51 AM IST

Generation Z

আগতীয়া অৱসৰৰ বাবে Generation Z অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ধাৰনা কৰা হৈছে (Generation Z will face an unexpected challenge)। অৱসৰৰ বয়স হ্ৰাস পাইছে কিয়নো যুৱক-যুৱতীসকলে ৫০ বছৰ বয়সৰ ভিতৰত চাকৰিৰ পৰা বিদায় লৈছে । জিৰোধা ব্ৰোকাৰেজ ফাৰ্মৰ প্ৰতিষ্ঠাপক নিথিন কামাথে ৫০ ৰ পৰা ৮০ বছৰৰ ভিতৰত কেনেদৰে অসুবিধামুক্ত অৱসৰৰ পৰিকল্পনা কৰিব লাগে তাৰ মূল্যৱান পইণ্টবোৰ শ্বেয়াৰ কৰিছে ৷

নেশ্যনেল ডেস্ক,১৫ নৱেম্বৰ : Generation Z অৰ্থাৎ ২৫ বছৰ তলৰ যুৱক-যুৱতীসকল অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ধাৰনা কৰা হৈছে (Generation Z will face an unexpected challenge)। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে আগতীয়া অৱসৰ । ইতিমধ্যে, প্ৰযুক্তিগত প্ৰগতিৰ বাবে অৱসৰৰ বয়স হ্ৰাস পাইছে আনহাতে চিকিৎসাৰ প্ৰগতিৰ বাবে জীৱনৰ প্ৰত্যাশা বৃদ্ধি হৈ আছে (Retirement age is dropping)। সেই দিনবোৰ এতিয়া নাই যেতিয়া মানুহে ৬০ বছৰ বয়সলৈকে কাম কৰাৰ পৰিকল্পনা কৰিছিল আৰু তাৰ পাছত সুখেৰে অৱসৰপ্ৰাপ্ত জীৱন যাপন কৰাৰ পৰিকল্পনা কৰিছিল ।

বিজ্ঞানৰ যুগত যুৱক-যুৱতীসকলে এক বিপৰীত দিশত অগ্ৰসৰ হৈছে । বৰ্তমানৰ প্ৰজন্মই তেওঁলোকৰ পচন্দৰ কেৰিয়াৰক ৫০ বছৰ বয়সৰ ভিতৰত বিদায় দিয়া দেখা গৈছে । ইয়াৰ কাৰণ ভৱিষ্যতৰ জীৱনটো মনৰ সন্তুষ্টি আৰু তেওঁলোকৰ ইচ্ছা আৰু আকাংক্ষা অনুসৰি পাৰ কৰা । নিশ্চিতভাৱে, অৱসৰৰ সময় ১০ বছৰতকৈও অধিক আগবাঢ়ি যোৱা দেখা গৈছে (Retirement is being advanced by over 10 years)।

একে সময়তে, আগতীয়া অৱসৰ লোৱাৰ লগে লগে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হয় । চিকিৎসাক্ষেত্ৰৰ উন্নয়নৰ বাবে, মানুহৰ আয়ুস ৮০ বছৰ পৰ্যন্ত হৈছে । এগৰাকী লোকে ৫০ বছৰতে অৱসৰ লোৱাৰ পাছত পৰৱৰ্তী ৩০ বছৰ জীয়াই থকাৰ কেনেকৈ পৰিকল্পনা কৰা উচিত (Planning to live next 30 years after retirement)?

এই প্ৰসংগত অনলাইন ব্ৰোকাৰেজ প্লেটফৰ্ম জিৰোধাৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নীতিন কামাথে Generation Zৰ বাবে কিছুমান মূল্যৱান পইণ্ট টুইটাৰত শ্বেয়াৰ কৰিছে (Nithin Kamath gives suggestions)। ৫০ ৰ পৰা ৮০ ৰ ভিতৰত অসুবিধামুক্ত অৱসৰৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ কি কৰা উচিত ? স্থায়ী সম্পত্তি আৰু শ্বেয়াৰ বজাৰত দীৰ্ঘম্যাদী বিনিয়োগে এক মসৃণ অৱসৰপ্ৰাপ্ত জীৱন নিশ্চিত কৰাত সহায় কৰে । তেওঁৰ পোষ্টত এক প্ৰশ্ন উত্থাপন কৰা হৈছিল যে ৫০ বছৰত অৱসৰ লোৱাৰ লগে লগে জীৱনৰ বাকী সময়চোনা অৰ্থাৎ ৩০ বছৰৰ বাবে কেনেদৰে পুঁজি যোগান ধৰিব ?

যদি জলবায়ু পৰিৱৰ্তনে সমস্যাৰ সৃষ্টি নকৰি অৱসৰৰ সংকট সম্ভৱতঃ এতিয়াৰ পৰা ২৫ বছৰৰ পিছত বেছিভাগ দেশৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হ'ব । আগৰ প্ৰজন্মবোৰ দীৰ্ঘম্যাদী ৰিয়েল ইষ্টেট আৰু ইকুইটি বুল বজাৰৰ দ্বাৰা লাভান্বিত হৈছিল । যাৰ ফলত অৱসৰৰ পিছৰ সময়চোৱা আনন্দৰে অতিক্ৰম কৰিছিল ।

কিন্তু ভৱিষ্যতে এনে সম্ভাৱনা নাই বুলি তেওঁ উল্লেখ কৰে । জীৱনৰ যিকোনো পৰ্যায়ত বিত্তীয় সমৰ্থনৰ বাবে Generation Z য়ে কি কৰা উচিত ? জিৰোধাৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নীতিন কামাথে তলৰ পৰামৰ্শবোৰ দিছে ।

ধাৰলৈ দিয়া বন্ধ কৰক লগতে অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ ধাৰ লোৱা বন্ধ কৰক । সোনকালে সঞ্চয় কৰা আৰম্ভ কৰক । মুদ্ৰাস্ফীতিক প্ৰতিহত কৰিবলৈ সকলোতকৈ উত্তম পথ হ'ল ষ্টক মাৰ্কেট ।

নীতিন কামাথে দিয়া পৰামৰ্শ অনুসৰি নিজৰ লগতে পৰিয়ালৰ বাবে এক বিস্তৃত স্বাস্থ্য বীমা পলিচি কৰক । স্বাস্থ্যজনিত কোনো সমস্যাই বেছিভাগ লোককে আৰ্থিক সমস্যালৈ ঠেলি দিয়া দেখা যায় । সেয়ে সেই সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ এই পলিচি গুৰুত্বপূৰ্ণ । চাকৰি চিৰদিনৰ বাবে নাথাকে, সেয়েহে কৰ্মক্ষেত্ৰত প্ৰদান কৰা পলিচিৰ উপৰিও অতিৰিক্ত পলিচি কৰক ।

যদি আপোনাৰ ওপৰত নিৰ্ভৰশীল কোনো লোক থাকে তেনেহ'লে তাৰ লাভালভ তেওঁলোকে পোৱাটো নিশ্চিত কৰক । পৰ্যাপ্ত ক'ভাৰ সৈতে এক ম্যাদী পলিচি ক্ৰয় কৰক । অতিকৈ বেয়া পৰিস্থিতিটো বেংকৰ এফডি-ৰ ধনে বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে । কিন্তু বেছিভাগ লোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁলোকে ঋণ লোৱা বন্ধ কৰা উচিত !

লগতে পঢ়ক :Health Insurance Policy : ভবা মতে সহজ নহয় Cashless claim, তাৰ বাবে কি কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.