ETV Bharat / bharat

Covid vaccination in India: ক'ভিড টিকাকৰণৰ 200 কোটি পালি সম্পূৰ্ণ

author img

By

Published : Jul 17, 2022, 8:12 PM IST

ভাৰতৰ একত্ৰিত ক'ভিড-19 টিকাকৰণ অভিযানে দেওবাৰে 200 কোটি পালিৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে(COVID 19 vaccination in India)। দিনৰ এক বজালৈকে সমগ্ৰ দেশত 2,00,00,15,631 পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য় সদৰি কৰিছে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক টুইটযোগে কয়, 'ভাৰতৰ টিকাকৰণ অভিযানৰ গতিত অতুলনীয় (PM Narendra Modi tweet)।'

covid
COVID vaccination in India: ক'ভিড টিকাকৰণৰ 200 কোটি পালি অতিক্ৰম

নেচনেল ডেস্ক,১৭, জুলাই: ভাৰতৰ একত্ৰিত ক'ভিড-19 টিকাকৰণ অভিযানে দেওবাৰে 200 কোটি পালিৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে (COVID19 vaccination)। দিনৰ এক বজালৈকে সমগ্ৰ দেশত 2,00,00,15,631 পালি প্ৰদান কৰা হৈছে । স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য় সদৰি কৰিছে । ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক টুইটযোগে কয়, 'ভাৰতৰ টিকাকৰণ অভিযানৰ গতিত অতুলনীয় (PM Narendra Modi tweet)।'

উল্লেখ্য় যে ২০২১ চনৰ ১৬ জানুৱাৰীত অভিযান আৰম্ভ হোৱাৰ পিছত দেশখনক ১০০ কোটিৰ সীমাত উপনীত হ'বলৈ ন মাহ লাগিছিল আৰু ২০০ কোটি টিকাকৰণৰ সংখ্যা স্পৰ্শ কৰিবলৈ আৰু ন মাহ সময়ৰ প্ৰয়োজন হৈছে । তদুপৰি ২০২১ৰ ১৭ ছেপ্টেম্বৰত সৰ্বাধিক ২.৫ কোটি পালি প্ৰদান কৰি এদিনীয়া টিকাকৰণ অভিলেখ স্থাপন কৰা হৈছিল । ইপিনে, যোৱা 15 জুলাইত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী চিভিচিত সকলো যোগ্য প্ৰাপ্তবয়স্ক লোকক বিনামূলীয়া পালি প্ৰদান কৰিবলৈ 75 দিনীয়া 'ক'ভিড টিকাকৰণ অমৃত মহোৎসৱ' আৰম্ভ কৰে ।

লগতে পঢ়ক:Wild Elephant Roaming: বন্যহস্তীৰ মুক্ত বিচৰণ কলিয়াবৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.