Wild Elephant Roaming: বন্যহস্তীৰ মুক্ত বিচৰণ কলিয়াবৰত

By

Published : Jul 17, 2022, 2:21 PM IST

thumbnail

ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহে বন্যহস্তীৰজাক ৷ শেহতীয়াকৈ, নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ সমষ্টিত 6 টাকৈ বনৰীয়া হাতীৰ এটা জাকে জনাঞ্চলত অৱস্থান লৈছে (Wild elephants roam free at Kaliabor) ৷ পথাৰত বন্যহস্তীয়ে খেদিলে গৰু । এৰাল ছিঙি পলায়ন গৰুৰ । স্থানীয় কোনো লোকৰ কেমেৰাত বন্দী হয় এই দৃশ্য । কামাখ্যা পাহাৰৰ পৰা নামি আহিছিল হাতীৰ জাকটো (Elephants came down from Kamakhya Hills) ৷ দুদিন ধৰি জনাঞ্চলত বিচৰণ কৰা বন্যহস্তীৰ জাকটোক পুনৰ কামাখ্যা পাহাৰৰ দিশে খেদি পঠাবলৈ সক্ষম হয় শিলঘাট খণ্ড বন বিভাগে । কলিয়াবৰৰ ভিঞাৰীচুক, বৰভকতি, সোণাৰীগাঁৱত অৱস্থান লোৱা বন্যহস্তীকেইটা পুনৰ কামাখ্যা পাহাৰৰ দিশে উভতি যায় । উল্লেখ্য যে, দুদিন ধৰি হাতী খেদাত ব্যস্ত হৈ থাকিব লগা হ’ল বন বিভাগ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.