ETV Bharat / bharat

Balasore train accident : কেনেকৈ হৈছিল ৰে'ল দুৰ্ঘটনাটো ?

author img

By

Published : Jun 3, 2023, 2:11 PM IST

ওড়িশাৰ ভয়ংকৰ দুৰ্ঘটনাটো বৰ্ণনা কৰিলে এগৰাকী যাত্ৰীয়ে (Odisha train accident)। ভয়াৱহ দৃশ্যবোৰ তেওঁ কেতিয়াও পাহৰিব নোৱাৰে । নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ যাত্ৰীগৰাকীয়ে ।

Balasore train accident
কেনেকৈ হৈছিল ৰে'ল দুৰ্ঘটনাটো

নেশ্যনেল ডেস্ক,৩ জুন : ওড়িশাৰ ৰে'ল দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে । মৃতকৰ সংখ্যা ২৬১ অতিক্ৰম কৰিছে (Death toll rises in train accident)। ইয়াৰ মাজত দুৰ্ঘটনাৰ সাক্ষী তথা দুৰ্ঘটনাগ্ৰস্ত ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ এগৰাকী যাত্ৰীৰ বিশেষ টুইটাৰ পোষ্ট চৰ্চালৈ আহিছে । অনুভৱ দাস নামৰ প্ৰত্যক্ষদৰ্শীয়ে টুইটযোগে দুৰ্ঘটনাৰ বিৱৰণ দিছে । একেৰাহে কেইবাটাও টুইটত তেওঁ দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্যসমূহ বৰ্ণনা কৰিছে । তেওঁ উল্লেখ কৰিছে কেনেকৈ এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে (Balasore train accident)।

হাওৰাৰ পৰা চেন্নাইলৈ ক'ৰ'মণ্ডল এক্সপ্ৰেছত যাত্ৰী হিচাপে গৈ আছিল অনুভৱ দাস । এই ভয়ংকৰ দুৰ্ঘটনাত তেওঁ নিজকে ৰক্ষা কৰি অত্যন্ত কৃতজ্ঞ । তেওঁ উল্লেখ কৰা মতে এইটো সম্ভৱতঃ ৰেল দুৰ্ঘটনা সম্পৰ্কীয় আটাইতকৈ ডাঙৰ ঘটনা । তিনিখন ৰে'ল দুৰ্ঘটনাত পতিত হৈছিল (Triple train accident)। ক'ৰ'মণ্ডল এক্সপ্ৰেছ ১২৮৪১, যশৱন্তপুৰ-হাওৰা এছএফ আৰু এখন মালবাহী ৰে'ল । তেওঁ উল্লেখ কৰা মতে প্ৰাৰম্ভিক ধাৰণা হৈছে যে ক'ৰ'মণ্ডল এক্সপ্ৰেছ লাইনচ্যুত হৈছিল আৰু মালবাহী ৰেলখনৰ সৈতে সংঘৰ্ষ হৈছিল ।

অনুভৱ দাসৰ মতে, পৰৱৰ্তী সময়ত লাইনচ্যুত ডবাবোৰ ওচৰৰ ট্ৰেকত পৰি আছিল আৰু সেই ট্ৰেকত আহি থকা যশৱন্তপুৰ এক্সপ্ৰেছে খুন্দা মাৰিছিল । আন এটা টুইটত তেওঁ কয় যে যশৱন্তপুৰ এক্সপ্ৰেছৰ ৩ টা সাধাৰণ ডবা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে লাইনচ্যুত হয় (Train Passenger Description of the accident)। সাধাৰণ, স্লিপাৰ, এচি ৩ টায়াৰ আৰু এচি ২ টায়াৰকে ধৰি ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ প্ৰায় ১৩ টা ডবা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় । দাসে উল্লেখ কৰা মতে তেওঁ এই দুৰ্ঘটনাৰ দৃশ্যসমূহ কেতিয়াও পাহৰিব নোৱাৰে । দুৰ্ঘটনাটোত নিহতসকলৰ আত্মীয়লৈ তেওঁ সমবেদনা জ্ঞাপন কৰে ।

যাত্ৰীগৰাকীৰ মতে তেওঁ নিজেই ২০০-২৫০ তকৈও অধিক লোকৰ মৃত্যুৰ সাক্ষী হৈছে । ভয়ংকৰ পৰিস্থিতিৰ বৰ্ণনা কৰি তেওঁ কয় যে যাত্ৰীবোৰ ছেদেলি-ভেদেলি হৈ গৈছিল, হাত-ভৰি বিহীন শৰীৰবোৰ পৰি আছিল আৰু ৰে'লৰ ট্ৰেকবোৰ তেজেৰে ৰাঙলী হৈ আছিল । এই দৃশ্য তেওঁ কেতিয়াও পাহৰিব নোৱাৰে । আন এক টুইটত তেওঁ ভুক্তভোগী পৰিয়ালক সহায়ৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ।

লগতে পঢ়ক :Odisha Train Accident : মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি অহা যাত্ৰীয়ে বৰ্ণনা কৰিলে ৰে’ল দুৰ্ঘটনাৰ সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.