ETV Bharat / bharat

chhattisgarh election 2023: 7 বজাৰ পৰা আৰম্ভ হ’ল ছত্তীশগড়ত ভোটগ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 7:40 AM IST

ছত্তীশগড়ত 20 খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ ৷ মাওবাদী প্ৰভাৱিত বাষ্টাৰ বিভাগত অধিকাংশ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

chhattisgarh election 2023
7 বজাৰ পৰা আৰম্ভ হ’ল ছত্তীশগড়ত ভোটগ্ৰহণ

নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ: মিজোৰামৰ সমান্তৰালভাৱে ছত্তীশগড়টো মঙলবাৰে আৰম্ভ হৈছে বিধানসভাৰ নিৰ্বাচন ৷ 20 খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আজি 7 বজাৰ পৰা আৰম্ভ হৈছে ৷ ইয়াৰে কেইবাখনো আসন মাওবাদী প্ৰভাৱিত বাষ্টাৰ বিভাগত বুলি জানিব পৰা গৈছে ৷ নিৰাপত্তাজনিত দিশৰ পৰা নজৰ ৰাখি 25,249 জন জোৱান নিয়োগ কৰা হৈছে বুলি নিৰ্বাচনী বিষয়াসকলে জনায় ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 25 গৰাকী মহিলাকে ধৰি 223 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় 40,78,681 জন ভোটাৰে ৷ ইয়াৰে 19,93,937 জন পুৰুষ ভোটাৰ আৰু 20,84,675 গৰাকী মহিলা ভোটাৰ ৷ আনহাতে 69 জন তৃতীয় লিংগৰ ভোটাৰ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 5304 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 25,429 জন ভোটগ্ৰহণ কৰ্মী নিয়োগ কৰা হৈছে ।

পুৱা 7 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত 10 খন আসনত অৰ্থাৎ মোহলা-মানপুৰ, অন্তগড়, ভানুপ্ৰত্পপুৰ, কংকেৰ, কেশকল, কোণ্ডাগাঁও, নাৰায়ণপুৰ, দন্তেৱাড়া, বিজাপুৰ আৰু কন্টাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে । পুৱা 8 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত খৈৰাগড়, ডংগৰগড়, ৰাজনান্দগাঁও, ডংগৰগাঁও, খুজ্জী, পাণ্ডাৰীয়া আৰু কাৱৰ্ধ বাস্তাৰ, জগদলপুৰ আৰু চিত্ৰকোটত ভোটগ্ৰহণ কৰা হ’ব বুলিও বিষয়াসকলে লগতে কয় ।

"সুকমা, বিজাপুৰ, দান্তেৱাড়া, কাংকেৰ আৰু নাৰায়ণপুৰ জিলালৈ মুঠ 156 টা ভোটগ্ৰহণকাৰী দল হেলিকপ্টাৰেৰে প্ৰেৰণ কৰা হৈছে, আনহাতে 5148 টা ভোটগ্ৰহণ কৰা দল বাছেৰে নিজ নিজ বুথলৈ প্ৰেৰণ কৰা হৈছে । এক বিবৃতিযোগে আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, নক্সাল ক্ষতিগ্ৰস্ত বাষ্টাৰ সংমণ্ডলৰ 12 টা সমষ্টিত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 40 হাজাৰকে ধৰি 60 হাজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ।

লগতে পঢ়ক: Mizoram polls 2023: 174 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 8 লক্ষাধিক ভোটাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.