ETV Bharat / bharat

Mizoram polls 2023: 174 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 8 লক্ষাধিক ভোটাৰে

author img

By ANI

Published : Nov 7, 2023, 7:17 AM IST

Updated : Nov 7, 2023, 7:27 AM IST

আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ 40 জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ বাবে মুঠ 8,57,063 জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ 174 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব আজি ৷ ইয়াৰে 16 জন মহিলা প্ৰাৰ্থী বুলি জানিব পৰা গৈছে ৷

Mizoram gears up for Assembly polls today, heavy security in place
174 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 8 লক্ষাধিক ভোটাৰে

নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ: মিজোৰামত আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ 40 জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ বাবে মঙলবাৰে একক পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মিজোৰামৰ সাজু হৈছে । পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ ।

ৰাজ্যখনত মুঠ 8,57,063 জন ভোটাৰে (4,13,062 জন পুৰুষ, 4,39,026 গৰাকী মহিলা আৰু 4,975 জন সেৱা ভোটাৰে) নিৰ্ণয় কৰিব 174 জন প্ৰাৰ্থীৰ ভাগ্য ৷ ইয়াৰে 16 জন মহিলা প্ৰাৰ্থী আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ বুলি জানিব পৰা গৈছে ৷

ইযাৰে মুঠ 50,611 জন ভোটাৰ 18-19 বছৰ বয়সৰ আৰু এওঁলোকে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব । ইয়াৰ উপৰিও 80 বছৰৰ উৰ্ধৰ 8,490 জন জ্যেষ্ঠ নাগৰিকেও এই নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা হৈছে ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি চৰকাৰী ভোটগ্ৰহণৰ তাৰিখৰ পূৰ্বে ইতিমধ্যে প্ৰায় 10 হাজাৰ আগতীয়া ভোটাৰে ভোটদান কৰিছে । এই ভোটাৰসকলৰ ভিতৰত আছে 80 বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম ব্যক্তি, সেৱা ভোটাৰ আৰু ডাক বেলট ব্যৱহাৰ কৰা ভোটগ্ৰহণ কৰ্মী ।

ভোটাৰৰ ভোটদানৰ হাৰ অধিক বজাই ৰখা আৰু ভোটদান প্ৰক্ৰিয়া শান্তি প্ৰক্ৰিয়াৰে নিশ্চিত কৰাৰ ক্ষেত্ৰত মিজোৰামৰ সুনাম আছে । নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ 2018 চনৰ নিৰ্বাচনত ভোটাৰৰ হাৰ 81.31 % আছিল, যিটো 2013 চনত 80.80 % আছিল ।

খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যখনৰ এইবাৰো যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হয় তাৰবাবে নিৰ্বাচন আয়োগৰ বিষয়া আৰু নিৰাপত্তাৰক্ষীয়ে বিভিন্ন সমষ্টিত থকা ভোটগ্ৰহণ কেন্দ্ৰসমূহত কঠোৰ দৃষ্টি ৰাখিছে ৷ এই নিৰ্বাচনত শাসকীয় মিজো নেশ্যনেল ফ্ৰণ্ট (MNF), বিৰোধী জোৰাম পিপলছ পাৰ্টি (জেডপিএম) আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মাজত এক তীব্ৰ ত্ৰিকোণীয় নিৰ্বাচনী প্ৰতিযোগিতা হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।

লগতে পঢ়ক: Chhattisgarh Election 2023: ছত্তীশগড়ৰ নিৰ্বাচনী সভাত কংগ্ৰেছ চৰকাৰক মিছলীয়া আখ্যা ৰামেশ্বৰ তেলীৰ

Last Updated : Nov 7, 2023, 7:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.