ETV Bharat / bharat

Chandrayaan-3 Mission: বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰৰ পৰা পোৱা নাই কোনো সংকেত-ISRO

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 7:50 PM IST

বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰৰ সৈতে যোগাযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও কোনো সংকেত লাভ কৰা নাই ৷ এই কথা সদৰী কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ৷

Chandrayaan-3 Mission
Chandrayaan-3 Mission

নেশ্যনেল ডেস্ক, 22 ছেপ্টেম্বৰ: চন্দ্ৰ পৃষ্ঠত চিৰদিনৰ বাবে শুই পৰিল নেকি বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰ ! কিয়নো ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে জনোৱা অনুসৰি এতিয়ালৈকে বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰৰ পৰা কোনো সংকেত পোৱা হোৱা নাই ৷

'X' হেণ্ডেলত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উল্লেখ কৰি কয়, ‘‘বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰৰ সৈতে যোগাযোগ স্থাপনৰ প্ৰচেষ্টা কৰা হৈছে যাতে সক্ৰিয় অৱস্থা নিশ্চিত কৰিব পৰা যায় ৷ বৰ্তমানলৈকে কোনো সংকেত লাভ কৰা হোৱা নাই ৷ সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টা অব্যাহত থাকিব ৷’’

  • Chandrayaan-3 Mission:
    Efforts have been made to establish communication with the Vikram lander and Pragyan rover to ascertain their wake-up condition.

    As of now, no signals have been received from them.

    Efforts to establish contact will continue.

    — ISRO (@isro) September 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে 2 ছেপ্টেম্বৰত ISROয়ে 'X' হেণ্ডেলযোগে সদৰী কৰিছিল যে-ৰভাৰে ইয়াৰ কাম সম্পূৰ্ণ কৰিছে ৷ ইয়াক সম্প্ৰতি পাৰ্ক কৰি শ্লিপিং মোডত ৰখা হৈছে ৷ APXS আৰু LIBS পেলোড অফ কৰা হৈছে...বৰ্তমান বেটাৰিটো সম্পূৰ্ণ চাৰ্জ কৰাৰ বাবে ৰখা হৈছে ৷ সৌৰ পেনেলটোৱে (Solar panel) পৰৱৰ্তী 22 ছেপ্টেম্বৰত সূৰ্যৰ পোহৰ লাভ কৰাৰ সম্ভৱনা আছে ৷’’

‘‘ৰভাৰৰ ৰিচিভাৰ অন কৰি ৰখা হৈছে, লগতে আন কামৰ বাবে ই শীঘ্ৰেই সক্ৰিয় হ’ব বুলি আশা কৰা হৈছে ৷ অন্যথা ই ভাৰতৰ চন্দ্ৰৰ ৰাষ্ট্ৰদূত হিচাপে চিৰকাল তাতে থাকিব,’’ ISRO লগতে 'X'ত উল্লেখ কৰে ৷

স্মৰ্তব্য যে 3 আগষ্টত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান-3 উৎক্ষেপণ কৰা হৈছিল আৰু 23 আগষ্টত চন্দ্ৰ পৃষ্ঠত ই মসৃণ অৱতৰণ কৰিছিল ৷ ইয়াৰ পাছতেই চন্দ্ৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম দেশ হিচাবে পৰিগণিত হৈছিল ভাৰতবৰ্ষ ৷

লগতে পঢ়ক: ISRO Aditya L1 Mission: সূৰ্য-পৃথিৱী এল১ পইণ্টলৈ আগবাঢ়িছে আদিত্য এল১; ইছৰো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.