ETV Bharat / bharat

ISRO Aditya L1 Mission: সূৰ্য-পৃথিৱী এল১ পইণ্টলৈ আগবাঢ়িছে আদিত্য এল১; ইছৰো

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 1:28 PM IST

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) প্ৰথম সৌৰ অভিযান আদিত্য-এল১-ত ট্ৰেন্স-লাগ্ৰেঞ্জিয়ান পইণ্ট ১ ইনছাৰ্চন (TL1I) কক্ষপথ সফলতাৰে সলনিৰ কথা ঘোষণা কৰিছে । মহাকাশযানখন এতিয়া এক গতিপথত আছে, যিয়ে ইয়াক সূৰ্য-পৃথিৱী এল১ বিন্দুলৈ লৈ যাব । মঙলবাৰে এই কক্ষপথ সলনিয়ে ইছৰোৰ একেৰাহে পঞ্চমবাৰৰ বাবে মহাকাশত আদিত্য এল১ৰ কক্ষপথ সলনি কৰাৰ সফলতা লাভ কৰিছে ।

ISRO Aditya L1 Mission
ISRO Aditya L1 Mission

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) মঙলবাৰে ঘোষণা কৰিছে যে ইয়াৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১-য়ে সফলতাৰে ট্ৰেন্স-লাগ্ৰেঞ্জিয়ান পইণ্ট ১ ইনচাৰ্চন (TL1I) কৌশল প্ৰদৰ্শন কৰিছে আৰু মহাকাশযানখন এতিয়া সূৰ্য-পৃথিৱী এল১ বিন্দুলৈ লৈ যোৱা এক গতি পথত আছে ।

ইছৰোৱে লগতে এইটোও জনাইছে যে একেৰাহে পঞ্চমবাৰৰ বাবে ইছৰোৱে কোনো এটা অবজেক্ট সফলতাৰে আন এটা মহাকাশীয় অবজেক্ট বা মহাকাশৰ অৱস্থানৰ ফালে স্থানান্তৰ কৰিছে ।

ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইছৰোৰ অফিচিয়েল এক্স হেণ্ডেলত এটা পোষ্টত লিখিছে, "আদিত্য-এল১ মিছন । অফ টু ছান-আৰ্থ এল১ পইণ্ট । ট্ৰেন্স-লাগ্ৰেঞ্জিয়ান পইণ্ট ১ ইনচাৰ্চন (TL1I) কৌশল সফলতাৰে সম্পাদন কৰা হয় । মহাকাশযানখন এতিয়া এক পথত আছে, যিয়ে ইয়াক সূৰ্য-পৃথিৱী এল১ বিন্দুলৈ লৈ যাব । প্ৰায় ১১০ দিনৰ পিছত কক্ষপথ সলনিৰ জৰিয়তে ইয়াক এল১ৰ চাৰিওফালে এটা কক্ষপথত সুমুৱাই দিয়া হ'ব । এইটো একেৰাহে পঞ্চমবাৰৰ বাবে ইছৰোৱে সফলতাৰে সম্পাদন কৰিছে ।"

  • Aditya-L1 Mission:
    Off to Sun-Earth L1 point!

    The Trans-Lagrangean Point 1 Insertion (TL1I) maneuvre is performed successfully.

    The spacecraft is now on a trajectory that will take it to the Sun-Earth L1 point. It will be injected into an orbit around L1 through a maneuver… pic.twitter.com/H7GoY0R44I

    — ISRO (@isro) September 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, আদিত্য-এল১ হৈছে প্ৰথম ভাৰতীয় মহাকাশ-ভিত্তিক অবজাৰভেটৰী, যিয়ে পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰত্বত অৱস্থিত প্ৰথম সূৰ্য-পৃথিৱী লাগ্ৰাঞ্জিয়ান বিন্দুৰ (এল১) চাৰিওফালে থকা হেলো কক্ষপথৰ পৰা সূৰ্য অধ্যয়ন কৰিব । যিটো দূৰত্ব হৈছে পৃথিৱী-সূৰ্য দূৰত্বৰ প্ৰায় এক শতাংশ ।

সূৰ্য হৈছে গেছৰ এক বিশাল গোলক আৰু আদিত্য-এল১-এ সূৰ্যৰ বাহিৰৰ বায়ুমণ্ডল অধ্যয়ন কৰিব । ই সূৰ্যৰ ওপৰত অৱতৰণ নকৰে বা সূৰ্যৰ ওচৰলৈ নাযায় ।

উৎক্ষেপণৰ পিছৰে পৰা আদিত্য-এল১-এ পৃথিৱীৰ চাৰিওফালে যাত্ৰা কৰাৰ সময়ত ক্ৰমান্বয়ে ৩, ৫,১০ আৰু ১৫ ছেপ্টেম্বৰত চাৰিটা পৃথিৱী-আবদ্ধ কক্ষপথ সলনি কৰিছে । ইয়াৰ দ্বাৰা ই এল১-লৈ ইয়াৰ পৰৱৰ্তী যাত্ৰাৰ বাবে প্ৰয়োজনীয় বেগ লাভ কৰিছে ।

এল১ পইণ্টত উপস্থিত হোৱাৰ পিছত আন এটা কক্ষপথ সলি কৰি আদিত্য-এল১-ক এল১-ৰ চাৰিওফালে থকা কক্ষপথৰ সৈতে বান্ধি ৰাখিব ।

আনহাতে, উপগ্ৰহটোৱে পৃথিৱী আৰু সূৰ্যৰ সৈতে সংযোগ কৰা ৰেখাৰ প্ৰায় লম্বভাৱে এখন সমতলত অনিয়মীয়া আকৃতিৰ কক্ষপথত এল১-ৰ চাৰিওফালে প্ৰদক্ষিণ কৰি গোটেই মিছন জীৱন অতিবাহিত কৰিব ।

আদিত্য-এল১ প্ৰায় ১২৭ দিনৰ পিছত এল১ পইণ্টত কক্ষপথত উপস্থিত হ'ব বুলি আশা কৰিছে ইছৰোৱে ।

উল্লেখ্য যে, ২ ছেপ্টেম্বৰত ইছৰোৰ প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেলে (পিএছএলভি-চি৫৭) শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (এছডিএছচি) দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা আদিত্য-এল-১ মহাকাশযান সফলতাৰে উৎক্ষেপণ কৰে ।

সেইদিনা ৬৩ মিনিট আৰু ২০ ছেকেণ্ডৰ উৰণ সময়ৰ পিছত আদিত্য-এল১ মহাকাশযানক সফলতাৰে পৃথিৱীৰ চাৰিওফালে ২৩৫x১৯৫০০ কিলোমিটাৰ উপবৃত্তাকাৰ কক্ষপথত সুমুৱাই দিয়া হৈছিল ।

লগতে পঢ়ক :Aditya L1 mission : আদিত্য এল১ৰ বৈজ্ঞানিক তথ্য সংগ্ৰহ আৰম্ভ; জনালে ইছৰোৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.