ETV Bharat / bharat

হায়দৰাবাদৰ ৰাজপথত স্তব্ধ অমিত শ্বাহৰ কনভয়

author img

By

Published : Sep 18, 2022, 10:00 AM IST

তেলেংগানাৰ ৰাজপথত শনিবাৰে হঠাতে ৰখাবলগীয়া হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কনভয়(Amit Shah's convoy had to stop briefly) ৷ এখন গাড়ীয়ে বাধাৰ সৃষ্টি কৰিছিল অমিত শ্বাহৰ কনভয়ত ৷

Car briefly obstructs Amit Shah's convoy in Hyderabad
হায়দৰাবাদৰ ৰাজপথত স্তব্ধ অমিত শ্বাহৰ কনভয়

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কনভয় শনিবাৰে তেলেংগানাৰ ৰাজপথত হঠাতে ৰখাবলগীয়া হয়(Amit Shah's convoy had to stop briefly) ৷ তেলেংগানা পৰ্যটন হোটেলৰ(Telangana Tourism hotel in hyderabad) ওচৰত অলপ সময়ৰ বাবে ৰখাবলগীয়া হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ কনভয় ৷ শ্বাহে চহৰখন ভ্ৰমণ কৰা সময়তে এখন গাড়ীয়ে চলাচলত বাধাৰ সৃষ্টি কৰিছিল ৷

শ্বাহৰ কনভয়ত বাধাৰ সৃষ্টি কৰা বাহনখন এজন টিআৰএছ কৰ্মীৰ বুলি জানিব পৰা হৈছে ৷ বিজেপি সাংসদ কে লক্ষ্মণে এই ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে আহ্বান জনায় ৷ আনহাতে আৰক্ষী সূত্ৰে জানিব পৰা মতে, গাড়ীখনৰ চালকে সেইস্থানত বাহনখন সঠিকভাৱে স্থানান্তৰ কৰিব নোৱাৰাৰ বাবে এই ঘটনাটো সংঘটিত হয় ৷

উল্লেখ্য যে, 1948 চনৰ 17 ছেপ্টেম্বৰত ভাৰতীয় ইউনিয়নৰ সৈতে নিজাম শাসনাস্থিত পূৰ্বৰ হায়দৰাবাদ(Nizams Rule in Hyderabad) ৰাজ্যৰ একত্ৰীকৰণৰ স্মৃতিত চহৰখনৰ পেৰেড গ্ৰাউণ্ডত হায়দৰাবাদ মুক্তি দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছিল ৷ হায়দৰাবাদ মুক্তি দিৱস(Hyderabad Liberation Day) উদযাপনৰ বাবে চহৰখনত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷

হায়দৰাবাদ মুক্তি দিৱসৰ কাৰ্যসূচীত অমিত শ্বাহে অংশ লৈ শনিবাৰে ৰাজ্যিক বিজেপি নেতাসকলৰ সৈতে হোটেলখনত এখন বৈঠকত মিলিত হোৱাৰ কথা আছিল ৷ শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজিত দিব্যাংগজনক সঁজুলি বিতৰণ কৰা এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক : ১৭ ছেপ্টেম্বৰত আৰম্ভ হ'ব Hyderabad State Liberation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.