১৭ ছেপ্টেম্বৰত আৰম্ভ হ'ব Hyderabad State Liberation

author img

By

Published : Sep 3, 2022, 5:45 PM IST

Hyderabad State Liberation

নিজামৰ শাসনৰ(Nizams Rule in Hyderabad)অধীনত থকা হায়দৰাবাদ ৰাজ্যক 'অপাৰেচন পলো'(Operation Polo) নামৰ আৰক্ষীৰ পদক্ষেপৰ পিছত ১৯৪৮ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতত অন্তৰ্ভূক্ত কৰা হৈছিল । ইয়াৰ সৈতে সংগতি ৰাখি ১৭ ছেপ্টেম্বৰৰ পৰা 'Hyderabad State Liberation'ৰ ৭৫ বছৰ উপলক্ষে এক বৰ্ষজোৰা স্মৰণীয় অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব বুলি সদৰী কৰিছে কেন্দ্ৰীয় সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে ।

নেশ্য়নেল ডেস্ক, ৩ছেপ্তেম্বৰ: অহা ১৭ ছেপ্টেম্বৰৰ পৰা'Hyderabad State Liberation'ৰ ৭৫ বছৰ উপলক্ষে এক বৰ্ষজোৰা স্মৰণীয় অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব । কেন্দ্ৰীয় সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে(Union Culture Minister on Hyderabad Liberation)শনিবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে'Hyderabad State Liberation'ৰ ৭৫ বছৰ উপলক্ষে এক বৰ্ষজোৰা অনুষ্ঠানৰ আয়োজন কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(Home Minister Amit Shah)১৭ ছেপ্টেম্বৰত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলিও তেওঁ কয়।

ইতিমধ্য়ে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী ৰেড্ডীয়ে তেলেংগানা,কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীসকললৈ এই সন্দৰ্ভত পত্ৰ লিখা বুলি কয় । তেওঁ পুনৰ কয় যে হায়দৰাবাদ পেৰেড গ্ৰাউণ্ডত(inauguration at Hyderabad Parade Grounds)উদ্বোধনী কাৰ্যসূচীত তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,'মই আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে ভাৰত চৰকাৰে বিভিন্ন দিশৰ প্ৰতি সতৰ্কতাৰে বিবেচনা কৰাৰ পিছত 'Hyderabad State Liberation'ৰ ৭৫ বছৰ উদযাপন কৰাৰ সিদ্ধান্ত লৈছে । ভাৰত চৰকাৰে ২০২২ ৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২০২৩ৰ ১৭ ছেপ্টেম্বৰলৈ এই দিবস বছৰজোৰাকৈ স্মৰণীয় অনুষ্ঠান আয়োজনত অনুমোদন জনাইছে বুলি ৰেড্ডীয়ে পত্ৰত উল্লেখ কৰিছে ।

তেওঁ তিনিওখন ৰাজ্য়ৰেই মুখ্যমন্ত্ৰী কেইগৰাকীক তেওঁলোকৰ ৰাজ্যজুৰি এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৰণীয় অনুষ্ঠানৰ উদ্বোধনী দিনটো পালন কৰিবলৈ অনুৰোধ জনাইছে । তেওঁ কয় যে নিজামৰ শাসনৰ(Nizams Rule in Hyderabad)অধীনত থকা হায়দৰাবাদ ৰাজ্যক 'অপাৰেচন পলো'(Operation Polo)নামৰ আৰক্ষীৰ পদক্ষেপৰ পিছত ১৯৪৮ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতত অন্তৰ্ভূক্ত কৰা হৈছিল ।

উল্লেখ্য় যে ১৯৪৭ চনত স্বাধীনতা লাভ কৰা ভাৰতে তেতিয়াৰ হায়দৰাবাদ ৰাজ্যক ভাৰতত চামিল কৰাৰ(merger of Hyderabad in Indian Union) পিছতহে নিজকে সম্পূৰ্ণ মুক্ত দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে,হায়দৰাবাদ ৰাজ্যক ভাৰতত একত্ৰিত কৰাটো শান্তিপূৰ্ণ ভাৱে সম্পন্ন হোৱা নাছিল । কিয়নো ইয়াৰ শাসক ব্ৰিটিছে এৰি যোৱাৰ পিছত ভাৰত বা পাকিস্তানত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে হায়দৰাবাদক ভাৰতত চামিল কৰিবলৈ আনকি সামৰিক ব্যৱস্থা ল'ব লগা হৈছিল । সামৰিক পদক্ষেপক যদিও আৰক্ষীৰ পদক্ষেপ বুলি কোৱা হয়(Operation Polo)তথাপি আক্ষৰিক ভাৱে হায়দৰাবাদ ৰাজ্যৰ বিৰুদ্ধে এক যুদ্ধ আছিল ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে যেতিয়া ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল তেতিয়া ভাৰতীয় উপ-মহাদেশত ৫৬০ খনতকৈও অধিক ৰাজাৰ দ্বাৰা শাসিত ৰাজ্য আছিল । এইবোৰৰ অন্য়তম আছিল কাশ্মীৰ,মহীশূৰ(Mysore),জুনাগড়(Junagad),উদয়পুৰ,জানজিৰা, আউন্ধ(Aundh),কোচিন আৰু হায়দৰাবাদ ।

লগতে পঢ়ক:লখিমপুৰকে ধৰি ৰাজ্যৰ চাৰিখন চিকিৎসালয়ত সামুহিকভাৱে ৰক্ত পৃথকীকৰণ কেন্দ্র উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.