ETV Bharat / bharat

Vice presidential election: বিজেপিয়ে ঘোষণা কৰিব উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

author img

By

Published : Jul 16, 2022, 1:25 PM IST

দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে দলৰ প্ৰাৰ্থী বাছনি কৰিবলৈ শনিবাৰে সন্ধিয়া বিজেপি সংসদীয় পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব (BJP parliamentary board meeting Saturday evening)। উক্ত বৈঠকখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দলৰ আন জ্যেষ্ঠ নেতাসকলে বৈঠকখনত অংশগ্ৰহণ কৰিব (PM Narendra Modi will attend the meeting)।

y
Vice presidential election: বিজেপিয়ে ঘোষণা কৰিব উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

নেচনেল ডেস্ক,১৬ জুলাই: দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে দলৰ প্ৰাৰ্থী বাছনি কৰিবলৈ শনিবাৰে সন্ধিয়া বিজেপি সংসদীয় পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব (BJP parliamentary board meeting Saturday evening)। উক্ত বৈঠকখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দলৰ আন জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিব (PM Narendra Modi will attend the meeting)। আনহাতে, ইয়াৰ পিছতে অহা ১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় সাংসদসকলৰ বৈঠক অনুষ্ঠিত হ'ব । এইখিনিতে উল্লেখ কৰিব লাগিব যে সংসদীয় পৰিষদ হৈছে বিজেপিৰ শীৰ্ষ সাংগঠনিক সংস্থা । ইয়াৰ সদস্যসকলৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু নীতিন গাডকাৰীৰ উপৰি দলৰ সভাপতি জে পি নাড্ডা (Union ministers Amit Shah, Rajnath Singh, Nitin Gadkari and party president J P Nadda)। দলীয় সূত্ৰ অনুসৰি বিজেপিয়ে জেডি(ইউ)ৰ দৰে ইয়াৰ সহযোগী দলৰ সৈতে আলোচনাত মিলিত হ'ব । লগতে বিভিন্ন দলৰ সৈতেও এই সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে ।

ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি হ'বলৈ সাজু হোৱা দ্ৰৌপাদী মুৰ্মুৰ পিছত বিজেপিয়ে এতিয়া উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে দলৰ অধিক অভিজ্ঞ মুখ বাছনি কৰিব নেকি সেইলৈ ৰাজনৈতিক পৰ্য্যৱেক্ষকসকলে চৰ্চা আৰম্ভ কৰিছে । উল্লেখ্য় যে ২০১৭ চনত দলটোৱে তেতিয়াৰ কেবিনেট মন্ত্ৰী এম ভেংকায়া নাইডুক এজন প্ৰাক্তন বিজেপি সভাপতি আৰু প্ৰবীণ সাংসদ হিচাপে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । সেই বৰ্ষত বিহাৰৰ তদানীন্তন ৰাজ্যপাল তথা এগৰাকী দলিত ৰামনাথ কোবিন্দক ৰাষ্ট্ৰপতিৰ বাবে বাছনি কৰি সকলোকে আচৰিত কৰাৰ পিছতেই চমক সৃষ্টিৰে এম ভেংকায়া নাইডুৰ নাম ঘোষণা কৰিছিল । উক্ত নিৰ্বাচনত ৰামনাথ কোবিন্দ আৰু এম ভেংকায়া নাইডুৱে দেশৰ দুটা সৰ্বোচ্চ সাংবিধানিক পদ সহজেই দখল কৰিবলৈ সক্ষম হৈছিল ।

আনহাতে, এইবাৰো বিজেপিয়ে পুনৰ নিজৰ প্ৰাৰ্থীৰ জয় নিশ্চিত কৰিবলৈ শক্তিশালী স্থিতিত আছে । কিয়নো সংসদৰ বৰ্তমানৰ 780 গৰাকী সাংসদৰ ভিতৰত বিজেপিৰ 394 গৰাকী সাংসদ আছে । এই পৰিসংখ্য়া হ'ল সংখ্যাগৰিষ্ঠতাৰ সংখ্যা 390 তকৈ অধিক । উল্লেখ্য় যে উপ-ৰাষ্ট্ৰপতি নাইডুৰ কাৰ্যকাল অহা 10 আগষ্টত সমাপ্ত হ'ব । উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ১৯ জুলাই । আনহাতে, নিৰ্বাচন অহা ৬ আগষ্টত অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক:etv comment image Thumbnail image Under construction house collapsed: দিল্লীত নিৰ্মীয়মান গুদামঘৰ খহি নিহত 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.