ETV Bharat / bharat

Under construction house collapsed: দিল্লীত নিৰ্মীয়মান গুদামঘৰ খহি নিহত 6

author img

By

Published : Jul 15, 2022, 5:04 PM IST

নতুন দিল্লীত নিৰ্মীয়মান গুদামঘৰৰ দেৱাল খহি 6 জনকৈ শ্ৰমিক নিহত হয় ৷ গুদাম ঘৰটো অবৈধভাৱে নিৰ্মাণ কৰাৰ অভিযোগ ৷ নিগমৰ নিৰ্দেশনাৰ স্বত্বেও উক্ত স্থানত চলি আছিল নিৰ্মাণকাৰ্য ৷

Under construction house collapsed in Alipore 6 workers died
দিল্লীত নিৰ্মীয়মান গুদাম ঘৰ খহি নিহত 6

নিউজ ডেস্ক, 15 জুলাই : নতুন দিল্লীৰ আলিপুৰ অঞ্চলত শুকুৰবাৰে সংঘটিত হয় এক অঘটন ৷ আলিপুৰ অঞ্চলত নিৰ্মীয়মান এটা গুদাম ঘৰৰ দেৱাল খহি পৰাত 6 জনকৈ শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা হৈছে(Six dead after under construction warehouse collapses in Delhi) ৷ গুদামঘৰৰ ধ্বংসাৱশেষৰ তলত বহু লোক আৱদ্ধ হৈ আছে ৷ ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান ৷

গুদামঘৰটো খহি পৰা সময়ত উক্ত স্থানত প্ৰায় 20/25 জন শ্ৰমিকে কাম কৰি আছিল বুলি জানিব পৰা হৈছে । জানিব পৰা মতে গুদামঘৰতো প্ৰায় 5000 গজ ভূমিত নিৰ্মাণ কৰা হৈছিল । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত দেৱালৰ নিৰ্মাণৰ কাম চলি আছিল । আহতসকলক ৰাজা হৰিশ্চন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি গুদাম ঘৰটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল(Warehouse collapses in Delhi) আৰু এই সন্দৰ্ভত লিখিত অভিযোগো দাখিল কৰা হৈছিল ৷ কিন্তু নিগমৰ নিৰ্দেশনাৰ স্বত্বেও উক্ত স্থানত চলি আছিল নিৰ্মাণ কাৰ্য ৷ সম্প্ৰতি গুদামঘৰৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰকাৰী দলে 11 জনকৈ লোকক উলিয়াই স্থানীয় ৰাজা হৰিশ্চন্দ্ৰ চিকিৎসালয়লৈ লৈ গৈছে বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক : India Rankings 2022: উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ৰেংকিঙত জিলিকিল IISC বেংগালুৰু; শীৰ্ষস্থানত IIT মাদ্ৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.