ETV Bharat / bharat

৫ ৰাজ্যৰ এখনতো বিজেপি জয়ী নহয়: অশোক গেহলট

author img

By ANI

Published : Nov 30, 2023, 4:44 PM IST

মিজোৰাম, তেলেংগানা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ নিৰ্বাচনত বিজেপি জয়ী হ'ব নোৱাৰে । এই দাবী ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ । তেওঁৰ মতে ৰাজস্থানত পুনৰ কংগ্ৰেছৰে চৰকাৰ আহিব ।

CM Ashok Gehlot on election results
৫ ৰাজ্যৰ এখনতো বিজেপি জয়ী নহয়

নেশ্যনেল ডেস্ক,৩০ নৱেম্বৰ : 'দেশৰ ৫ ৰাজ্যৰ এখনতো বিজেপি জয়ী হ'ব নোৱাৰে ।' এক্সিট প'লৰ ফলাফল ঘোষণাৰ পূৰ্বে এই মন্তব্য ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ । অশোক গেহলটে বৃহস্পতিবাৰে ভৱিষ্যদ্বাণী কৰি কয় যে মিজোৰাম, তেলেংগানা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ নিৰ্বাচনত বিজেপি জয়ী হ'ব নোৱাৰে ।

তেলেংগানাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী গেহলটে এই মন্তব্য কৰে । তেওঁৰ মতে এক্সিট প'লৰ ফলাফল যিয়েই নহওঁক কংগ্ৰেছেই ৰাজস্থানত পুনৰ ক্ষমতালৈ আহিব । কংগ্ৰেছক পুনৰ ক্ষমতালৈ আনিবলৈ ভোট দিয়াৰ তিনিটা কাৰণ ব্যাখ্যা কৰি গেহলটে কয় যে ৰাজস্থানত মানুহে কংগ্ৰেছৰ চৰকাৰৰ পুনৰাবৃত্তি বিচাৰিছে ।

তেওঁৰ মতে চৰকাৰৰ বিৰুদ্ধে যিকোনো ক্ষমতা-বিৰোধী ঢৌক অস্বীকাৰ কৰি ৰাইজে কংগ্ৰেছক ভোট দিছে । তেওঁৰ মতে নিৰ্বাচনী গৱেষকসকলেও এই কথা উল্লেখ কৰিছে । গেহলটে দাবী কৰিছে যে বিজেপিৰ ভোটাৰসকলে ক'ব যে মুখ্যমন্ত্ৰীয়ে উন্নয়নমূলক কাম কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি এৰা নাই । মুখ্যমন্ত্ৰী গেহলটৰ মতে প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে ব্যৱহাৰ কৰা ভাষা কোনোৱে পচন্দ কৰা নাছিল । মুখ্যমন্ত্ৰী গেহলটে লগতে দাবী কৰে যে কংগ্ৰেছে সামাজিক গ্যেৰাণ্টিৰ বাবে আটাইকেইখন ৰাজ্যতে চৰকাৰ গঠন কৰিব ।

উল্লেখ্য যে ৫ খন নিৰ্বাচনী ৰাজ্যৰ ভিতৰত মধ্যপ্ৰদেশ হৈছে একমাত্ৰ ৰাজ্য য'ত বিজেপিৰ শাসন আছে । ২০১৮ চনত ৰাজস্থানত কংগ্ৰেছে ৯৯ খন আসন লাভ কৰিছিল ৷ আনহাতে বিজেপিয়ে ৭৩ খন আসন লাভ কৰিছিল । গেহলটে বিএছপি বিধায়ক আৰু নিৰ্দলীয় বিজয়ী প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল ।

লগতে পঢ়ক :CAA কাৰ্যকৰীকৰণ কোনেও বন্ধ কৰিব নোৱাৰে; কলকাতাত ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.