ETV Bharat / bharat

CAA কাৰ্যকৰীকৰণ কোনেও বন্ধ কৰিব নোৱাৰে; কলকাতাত ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 1:24 PM IST

কলকাতাত অমিত শ্বাহ
CAA কাৰ্যকৰীকৰণ কোনেও বন্ধ কৰিব নোৱাৰে

অমিত শ্বাহে সভাত উপস্থিত থকা বিজেপি সমৰ্থকসকলক প্ৰশ্ন কৰে, "অনুপ্ৰৱেশ অব্যাহত থাকিলে বংগৰ বিকাশ সম্ভৱ নেকি ?" উপস্থিত জনসমাগমৰ পৰা ইয়াৰ বিৰুদ্ধে গৰ্জন শুনি অমতি শ্বাহে অসমৰ বিষয়টো উত্থাপন কৰে । "অসমত বিজেপি শাসনলৈ অহাৰ পিছত তাত অনুপ্ৰৱেশ বন্ধ হৈ গৈছে । ৰাজ্যখনত বিজেপিক লৈ থকা মানুহৰ শংকাও দূৰ হৈছে । বিজেপিয়ে 'কা' কাৰ্যকৰী কৰিবই ।" কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ গৰ্জন ।

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : কোনো আঁৰ-বেৰ নথকাকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে কয় যে কেন্দ্ৰই নাগৰিকত্ব (সংশোধনী) আইন কাৰ্যকৰী কৰাৰ পথত আগবাঢ়ি আছে । যেনেদৰেই নহওক কিয় নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ 'কা' কাৰ্যকৰী হ'বই । "আমি নাগৰিকত্ব (সংশোধনী) আইন কাৰ্যকৰী কৰিম আৰু কোনেও ইয়াক বন্ধ কৰিব নোৱাৰে ।" বুধবাৰে ঐতিহাসিক ভিক্টোৰিয়া হাউছৰ সন্মুখৰ মঞ্চৰ পৰা এই কথা উচ্চ স্বৰে আৰু স্পষ্টভাৱে জনাই দিয়ে ।

আনহাতে, বিতৰ্কিত 'কা' বিষয়টোৰ সন্দৰ্ভত অমিত শ্বাহে কয় যে মমতা বেনাৰ্জীয়ে ইয়াৰ বিৰোধিতা কৰি আহিছে । কিন্তু এটা কথা জানি থওক যে যিয়েই ইয়াৰ বিৰোধিতা নকৰক কিয়, ইয়াৰ কাৰ্যকৰীকৰণ কোনেও বন্ধ কৰিব নোৱাৰে । উল্লেখ্য যে 'কা' বৰ্তমান এক অচলাৱস্থাৰ পৰিস্থিতিত আছে । কিয়নো ইয়াৰ বিৰুদ্ধে বিৰোধীৰ শক্তিশালী স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই এতিয়ালৈকে ইয়াৰ নিয়মাৱলী প্ৰস্তুত কৰা নাই । কিন্তু গৃহমন্ত্ৰীয়ে আইনখনৰ দ্বাৰা সুবিধা লাভ কৰিবলগা হিতাধিকাৰীসকলৰ সন্দৰ্ভত কয় যে তেওঁলোকৰ নাগৰিকত্বৰ অধিকাৰ আন যিকোনো লোকৰ দৰেই আছে ।

ইফালে অমিত শ্বাহে সভাত উপস্থিত থকা বিজেপি সমৰ্থকসকলক প্ৰশ্ন কৰে, "অনুপ্ৰৱেশ অব্যাহত থাকিলে বংগৰ বিকাশ সম্ভৱ নেকি ?" উপস্থিত জনসমাগমৰ পৰা ইয়াৰ বিৰুদ্ধে গৰ্জন শুনি অমতি শ্বাহে অসমৰ বিষয়টো উত্থাপন কৰে । "অসমত বিজেপি শাসনলৈ অহাৰ পিছত তাত অনুপ্ৰৱেশ বন্ধ হৈ গৈছে । ৰাজ্যখনত বিজেপিক লৈ থকা মানুহৰ শংকাও দূৰ হৈছে । বিজেপিয়ে 'কা' কাৰ্যকৰী কৰিবই ।" কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ গৰ্জন ।

আনহাতে, গৃহমন্ত্ৰীয়ে ধৰ্মীয় মেৰুকৰণৰ বাৰ্তাও প্ৰদান কৰি কয়, "চুবুৰীয়া ৰাজ্যৰ (বাংলাদেশ) পৰা অহা হিন্দু ভাতৃসকলৰ এই দেশত আমাৰ দৰেই অধিকাৰ আছে ।" উল্লেখ্য যে অমিত শ্বাহে দলৰ কৰ্মীসকলক উদ্বুদ্ধ কৰিবলৈ বুধবাৰে পশ্চিমবংগ ভ্ৰমণৰ সময়ছোৱাত কলকাতাত বিজেপি কৰ্মীসকলক সম্বোধন কৰে ।

তেওঁ অৱশ্যে মাত্ৰ ২৩ মিনিট সময় মঞ্চত আছিল যদিও উদাত্ত ভাষণেৰে গেৰুৱা দলটোৰ কৰ্মীসকলক অনুপ্ৰাণিত কৰিছিল । লগতে তেওঁলোকক ২০২৪ চনত কেন্দ্ৰত নৰেন্দ্ৰ মোদীক পুনৰ ক্ষমতালৈ আনিবলৈ আৰু ২০২৬ চনত বংগত বিজেপিক ক্ষমতালৈ আনিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক :তেলেংগানাত অভিলেখ সংখ্যক ভোটদানৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.