ETV Bharat / bharat

তেলেংগানাত অভিলেখ সংখ্যক ভোটদানৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

author img

By ANI

Published : Nov 30, 2023, 11:08 AM IST

পুৱাৰে পৰা তেলেংগানাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ১১৯ খন আসনত মুঠ ২,২৯০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ৩৫,৬৫৫ টা ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে ।

Telangana assembly election
তেলেংগানাত অভিলেখ সংখ্যক ভোটদানৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক,৩০ নৱেম্বৰ : তেলেংগানাত বৃহস্পতিবাৰে পুৱা ৭ বজাৰ লগে লগে ভোটগ্ৰহণ আৰম্ভ হৈছে । ইফালে ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাবাসীক ১১৯ জনীয়া ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত অভিলেখ সংখ্যাত ভোটদান কৰিবলৈ আহ্বান জনায় ।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক ভোট দান কৰি গণতন্ত্ৰৰ উৎসৱত শক্তিশালী ভূমিকা গ্ৰহণৰ আহ্বান জনাইছে । তেওঁ বিশেষকৈ যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া লোকসকলক ভোটদান কৰিবলৈও অনুৰোধ জনাইছে।

ইফালে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাহুল গান্ধী আৰু মুখ্যমন্ত্ৰী তথা বিআৰএছৰ শীৰ্ষ নেতা কে চন্দ্ৰশেখৰ ৰাওকে ধৰি শীৰ্ষ ৰাষ্ট্ৰীয় নেতাসকলে ভোটাৰসকলক আকৰ্ষণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। ইয়াৰ মাজতে তেলেংগানাত বিজেপি, কংগ্ৰেছ আৰু ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে । বিআৰএছ দলে আটাইকেইখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ২২১ গৰাকী মহিলা আৰু এগৰাকী ট্ৰেন্সজেণ্ডাৰকে ধৰি ১০৯ টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ প্ৰায় ২,২৯০ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । তেওঁলোকৰ ভাগ্য প্ৰায় ৩.১৭ কোটি ভোটাৰে নিৰ্ধাৰণ কৰিব ।

এইবাৰ তেলেংগানাত মুঠ ১০৩ গৰাকী বিধায়কে পুনৰ প্ৰতিদ্বন্দিতা কৰিছে । তেওঁলোকৰ বেছিভাগেই শাসনাধিষ্ঠ ভাৰত ৰাষ্ট্ৰ সমিতিৰ। ভোটাৰসকলে ৰাজ্যজুৰি স্থাপন কৰা ৩৫,৬৫৫ টা ভোটকেন্দ্ৰত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। তেলেংগানাত প্ৰথমবাৰৰ বাবে ৮০ বছৰৰ অধিক বয়সৰ লোক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ঘৰতে ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে । প্ৰায় ২৭,৬০০ গৰাকী লোকে এই সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। ইলেক্ট্ৰনিকভাৱে প্ৰেৰণ কৰা পোষ্টেল বেলট প্ৰণালীৰ জৰিয়তে প্ৰায় ১,০০০ ভোটাৰে ভোটদান কৰিছে ৷

লগতে পঢ়ক :তেলেংগানাত ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ: কোন কোন হেভিৱেট নেতাৰ আজি ভাগ্যবন্দী হ’ব ই ভি এমত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.