ETV Bharat / bharat

আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস

author img

By

Published : Aug 21, 2019, 4:42 PM IST

প্ৰতি বছৰে 21 আগষ্টত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয় ৷ প্ৰথমবাৰৰ বাবে 1991 চনৰ 1 অক্টোবৰ তাৰিখে পালন কৰা হৈছিল এই দিৱস ৷

আজি বিশ্ব জ্যেষ্ঠ নাগআজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰিক দিৱস

নিউজ ডেক্স,21 আগষ্টঃ প্ৰতি বছৰে 21 আগষ্টত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয় ৷


বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ ইতিহাসঃ
বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পোন প্ৰথমবাৰৰ বাবে 1991 চনৰ 1 অক্টোবৰ তাৰিখে পালন কৰা হৈছিল ৷ উক্ত দিনটো জ্যোষ্ঠ নাগৰিকসকলক প্ৰভাৱিত কৰা বিষয় আৰু কাৰণসমূহ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে স্বীকৃতি দিয়া হৈছিল৷

আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস

বিশ্বৰ জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হোৱা সমস্যাসমূহঃ

স্বাস্থ্য, অপুষ্টি, আশ্ৰয়ৰ অভাৱ, ভয়, হতাশা, বোধগম্যতা, বিচ্ছিন্নতা, একঘেয়ামি, উৎপাদনহীনতাৰ লগতে আৰ্থিক অক্ষমতাই হ'ল আজি বিশ্বজুৰি প্ৰবীণ নাগৰিক সকলে মুখামুখী হোৱা সৰ্বাধিক সমস্যা ৷ এই সমস্যাসমূহ- 1. শৰিৰীক আৰু মানসিক স্বাস্থ্য আৰু 2. আৰ্থিক সক্ষমতা এই দুই ভাগত ভগাব পাৰি ৷


ভাৰতত প্ৰবীণ নাগৰিক দিৱস উদযাপনৰ বাবে কিছু পৰামৰ্শঃ
2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতত 60ৰ উৰ্দ্ধৰ 104 লাখ জ্যেষ্ঠ নাগৰিক আছে, যাৰ ভিতৰত 51 লাখ পুৰুষ আৰু 53 লাখ মহিলা ৷ প্ৰাপ্ত তথ্য অনুসৰি এই সংখ্যা বছৰৰ পিছত বছৰ বৃদ্ধি পাই আহিছে ৷ দেশৰ প্ৰবীণসকলৰ কথা বিবেচনা কৰি যত্ন আৰু স্নেহেৰে তেওঁলোকৰ সহায়ৰ হাত আগবঢ়োৱাটো আমাৰ মানৱ কৰ্তব্য ৷ পুৰণি স্মৃতি সজ্জীৱিত কৰি জ্যেষ্ঠ সকলৰ বাবে আগবঢ়োৱাটোও তেওঁলোকৰ সৈতে জড়িত থকাৰ এক দুৰ্দান্ত উপায় ৷ মানুহ বৃদ্ধ হোৱাৰ লগে লগে তেঁওলোকৰ দৈনন্দিন কাম কাজ কৰাৰ ক্ষমতা হেৰুৱাবলৈ আৰম্ভ কৰে লগতে স্মৃতিশক্তি হ্ৰাসপোৱাৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হবলৈ আৰম্ভ কৰে ৷ বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হ'ল আমাৰ সমাজৰ প্ৰতিজন জ্যেষ্ঠৰ প্ৰতি সন্মান জনোৱাৰ এক সোণালী সুযোগ অৰ্থাৎ ভৱিষ্যত প্ৰজন্মক শুদ্ধ নাগৰিকৰ পথত আগবঢ়োৱাৰ সুযোগ ৷

Intro:ৰঙিয়াৰ পৰা সন্ধানহীন হৈ আছে ছাত্র আৰু ছাত্ৰীBody:ৰঙিয়াৰ তুলসীবাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে ১৮ বছৰীয়া ছাত্রী এগৰাকী। ছাত্ৰী গৰাকীৰ নাম ৰেশ্মী বেগম। সন্ধানহীন হোৱা ছাত্ৰী গৰাকী মানবেন্দ্ৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মিকৰ ছাত্ৰী। পৰিয়ালৰ সদস্যই জানিবলৈ দিয়া মতে যোৱা কালি ছাত্ৰী গৰাকী দিনৰ ভাগত মহাবিদ‍্যালয়লৈ আহিছিল যদিও সন্ধিয়ালৈ তেওঁ ঘৰলৈ ওভতি নগল। তেতিয়াৰ পৰাই ছাত্ৰীগৰাকীৰ মোবাইল ফোনটো বন্ধ হৈ আছে। পৰিয়ালবৰ্গই বহু বিচাৰ খোচাৰৰ মুৰতো একো সন্ধান নাপাই তুলসীবাৰী আৰক্ষীৰ কাষ চাপিছে। ছাত্ৰী গৰাকী মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা বুলি ভয় আৰু সংকাত ভুগিছে ভুক্তভোগী পৰিয়ালটো ।

আনহাতে ৰঙিয়াৰ বনগাঁৱৰ পৰাও ৰহস্যজনকভাৱে সন্ধানহীন হৈছে ১৪ বছৰীয়া ছাত্র এগৰাকী । সন্ধানহীন হোৱা যুৱকজন হৈছে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আজিনুৰ হুছেইন । শনিবাৰে আবেলি বজাৰ কৰিবলৈ গৈ সন্ধানহীন হৈছে ছাত্রজন । মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা বুলি ভয় আৰু সংকাত ভুগিছে ভুক্তভোগী পৰিয়ালটো । পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো শুং সূত্ৰ লাভ কৰিব পৰা নাই আজিনুৰৰ । উপায় বিহীন হৈ পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে । কিন্তু আৰক্ষীয়েও কোনো সম্ভেদ উলিয়াব পৰা নাই আজিনুৰৰ ৷ বজাৰত গৈ হঠাৎ এনেদৰে ছাত্রজন সন্ধানহীন হোৱা ঘটনাটো সহজভাৱে লব পৰা নাই বনগাঁও অঞ্চলৰ ৰাইজে ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.