ETV Bharat / bharat

গোপন চুক্তি আৰু ভুল সিদ্ধান্তৰ বাবে বাতিল হৈছিল উচ্চ শিখৰত কৰ্মৰত সৈনিকৰ সু-ব্যবস্থা

author img

By

Published : Aug 11, 2020, 10:44 PM IST

পাব্লিক একাউন্টছ কমিটীয়ে শেহতীয়া কম্পট্ৰ'লাৰ এণ্ড একাউন্টেন্ত জেনেৰেল প্ৰতিবেদনৰ ওপৰত কৰা এক আলোচনাত স্পষ্ট হয় যে, কেনেকৈ কিছু গোপন বুজাবুজি, দ্ধিধা আৰু খুত থকা পৰিকল্পনাৰ বাবে উচ্চ শিখৰত কৰ্মৰত সৈনিক সকলৰ থকা আৰু খোৱাৰ মানদণ্ড উন্নত কৰাৰ বাবে নিৰ্ধাৰিত এক প্ৰকল্প বাতিল হয় ৷

How shady deals, indecision wrecked high-altitude shelter plan for Indian soldiers
গোপন চুক্তি আৰু ভূল সিদ্ধান্তৰ বাবে বাতিল হৈছিল উচ্চ শিখৰত কৰ্মৰত সৈনিকৰ সু-ব্যবস্থা

নিউজ ডেস্ক, 11 আগষ্ট : সোমবাৰে পাব্লিক একাউন্টছ কমিটীয়ে শেহতীয়া কম্পট্ৰ'লাৰ এণ্ড একাউন্টেন্ত জেনেৰেল প্ৰতিবেদনৰ ওপৰত কৰা এক আলোচনাত স্পষ্ট হয় যে, কেনেকৈ কিছু গোপন বুজাবুজি, দ্ধিধা আৰু খুত থকা পৰিকল্পনাৰ বাবে উচ্চ শিখৰত কৰ্মৰত সৈনিক সকলৰ থকা আৰু খোৱাৰ মানদণ্ড উন্নত কৰাৰ বাবে নিৰ্ধাৰিত এক প্ৰকল্প বাতিল হয় ৷

ভাৰত আৰু চীনৰ মাজত চলি থকা সংঘাতৰ বাবে এইবাৰ উচ্চ শিখৰত কৰ্মৰত সৈনিক সকলৰ বাবে শীতকাল দীঘলীয়া হোৱাটো অৱধাৰিত য'ত প্ৰকৃতিৰ ক্ৰৰতাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োজন হ'ব এক সঠিক পৰিকাঠামো আৰু যাৱতীয় বস্তু সমূহৰ সময় সাপেক্ষ সৰবৰাহ ৷

শিখৰত কৰ্মৰত সৈনিক সকলৰ বাবে থকাৰ সু-ব্যবস্থাই তেওঁলোকক সামৰিকভাবে সবল কৰাৰ উপৰিও তেওঁলোকৰ মনোবল যথেষ্ট বৃদ্ধি কৰিব পাৰিলেহেতেন ৷

এই সৈনিক সকলৰ বাসস্থানৰ মানদণ্ড উন্নত কৰাৰ বাবে 274.11 কোটি টকা ব্যয়ৰে কৰা এক পৰিকল্পনা তিনিবাৰকৈ পাইলট প্ৰকল্প স্থাপনৰ পিচতো 2017 চনত সামৰিক অভিযানৰ মহা পৰিচালক ( Director General Militry Operations ) কাৰ্যালয়ৰ পৰা বাতিল কৰা হয় ৷ যোৱা বছৰ আগষ্ট মাহৰ 19 তাৰিখে সেই প্ৰকল্পৰ মুখ্য নিৰ্মাণ অভিযন্তাই CAG ক এক প্ৰতিবেদনযোগে জনাই যে, প্ৰকল্প বাতিলৰ কাৰণ সমূহ জনোৱা হোৱা নাই ৷

এই প্ৰস্তাৱিত প্ৰকল্প সমূহৰ ভিতৰত সৈনিক সকলৰ বাবে ফাইবাৰ গ্লা'ছেৰে নিৰ্মিত ছাউনী, বিদ্যুৎ যোগান, পানী যোগান, পানী গৰম কৰা আহিলা তথা মল নিস্কাষনৰ ব্যবস্থা আদি অন্তৰ্ভূক্ত কৰা হৈছিল ৷

2007 চনত ভাৰতীয় সেনাৰ নৰ্ডান কামাণ্ডৰ মুখ্য অভিযন্তাই এই বিষয়ে এক অধ্যয়ন চলাই প্ৰতিবেদন দাখিল কৰিছিল ৷ এই প্ৰতিবেদনত কোৱা হৈছিল যে, সৰ্বমুঠ 3180 কোটি টকা প্ৰকল্প সম্পূৰ্ণ কৰণৰ বাবে প্ৰয়োজন হ'ব আৰু 5 বছৰৰ ভিতৰত সেয়া সম্পূৰ্ণ হ'ব ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ বাবে এক পাইলট প্ৰকল্প নিৰ্ধাৰণ কৰে য'ত 95 কোটি টকা নিৰ্ধাৰণ কৰা হয় ৷ এই পাইলট প্ৰকল্পৰ উদ্দেশ্য আছিল উচ্চ শিখৰত নিৰ্মাণৰ বাবে ব্যৱহৃত হ'বলগীয়া প্ৰযুক্তি সমূহৰ পৰীক্ষণ ৷ কিন্তু এই ক্ষেত্ৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৰা নিৰ্বাচিত টেন্ডাৰিং ব্যবস্থা আছিল বিভ্ৰান্তিকৰ ৷

CAG এ এই সম্পৰ্কে এক প্ৰতিবেদনত উল্লেখ কৰে যে, পাইলট প্ৰকল্পৰ মূল উদ্দেশ্য আছিল ব্যৱহৃত হ'বলগীয়া হোৱা প্ৰযুক্তিৰ পৰীক্ষণ কিন্তু নিৰ্বাচিত টেন্ডাৰিং ব্যবস্থাই এই গোটেই প্ৰকল্পক মূল উদ্দেশ্যৰ পৰা আঁতৰাই লৈ যায় ৷

এই প্ৰকল্পটোৰ দ্ধিতীয় এটা ভাগ 2010 চনত আৰু আন এটা ভাগ 2013 চনৰ ডিচেম্বৰ মাহত নিৰ্মাণ কৰিবলৈ 163.65 কোটি টকাৰ আৱন্টন প্ৰতিৰক্ষা মন্ত্ৰালয়ে দিয়ে ৷ 2007 চনৰ অক্টোবৰ মাহত অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াৰ দ্বাৰা স্থাপিত এখন কনচালেন্সি প্ৰতিষ্ঠানক প্ৰকল্প সম্পৰ্কে পৰামৰ্শ দিবলৈ জড়িত কৰোৱা হয় ৷ এই প্ৰতিষ্ঠানটোৰ লগত থকা চুক্তি সময়ে সময়ে বঢ়াই থকা হয় ৷

মন কলিবলগীয়া যে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে যদিও প্ৰকল্পটোৰ ৰূপায়নৰ বাবে পৰামৰ্শৰ ক্ষেত্ৰত 7.38 কোটি ( 3 শতাংশ ) ধাৰ্য কৰিছিল সেই ব্যক্তিগত প্ৰতিষ্ঠানখনক প্ৰকল্প ৰূপায়নৰ বাবে পৰামৰ্শৰ বাবদ 11.39 কোটি ( 4.6 শতাংশ ) আদায় দিয়া হয়, যি ধাৰ্য কৰা পৰিমাণকতৈ বেছি ৷

উচ্চ শিখৰত কৰ্মৰত ভাৰতীয় সৈন্য সমূহে এতিয়াও অক্সিজেনৰ অভাৱ আৰু বৰফৰ দৰে শীতল লাইন অফ এক্সুৱেল কন্ট্ৰ'ল থাকিবলৈ বাধ্য য'ত হয়তো তেওঁলোক সামন্যতম সুবিধাৰ পৰাও বঞ্চিত হ'ব ৷

লগতে পঢ়ক : COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.