ETV Bharat / international

COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

author img

By

Published : Aug 11, 2020, 3:05 PM IST

Global COVID-19 tracker
COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা প্ৰকাশিত তথ্যতকৈ বহু বেছি ৷ কিন্তু সীমিত পৰীক্ষণ আৰু 40 শতাংশ লোকৰ শৰীৰত কৰ’ণাৰ কোনো লক্ষণ দেখা নোপোৱাত বহু লোকক নাম কৰ’ণাত আক্ৰান্তৰ তালিকাত প্ৰকাশ কৰিব পৰা হোৱা নাই ৷

নিউজ ডেস্ক, 11 আগষ্টঃ সমগ্ৰ বিশ্বত 2,02,37,888 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 7,37,866 গৰাকী লোক ৷ ইয়াৰে 1,31,00,037 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷

Global COVID-19 tracker
COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

উল্লেখ্য যে, সমগ্ৰ বিশ্বত কৰ’ণাত আক্ৰান্ত লোকৰ দুই তৃতীয়াংশ লোক আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল আৰু ভাৰতৰ ৷ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা প্ৰকাশিত তথ্যতকৈ বহু বেছি ৷ কিন্তু সীমিত পৰীক্ষণ আৰু 40 শতাংশ লোকৰ শৰীৰত কৰ’ণাৰ কোনো লক্ষণ দেখা নোপোৱাত বহু লোকক নাম কৰ’ণাত আক্ৰান্তৰ তালিকাত প্ৰকাশ কৰিব পৰা হোৱা নাই ৷ চীনত নতুন গণ সংক্ৰমণৰ সংখ্যা 13 লৈ হ্ৰাস পাইছে ৷ আনহাতে হংকঙৰ স্বায়ত্ব শাসিত অঞ্চলত এই সংখ্যা 69 লৈ হ্ৰাস পাইছে ৷

চীনৰ মূল চহৰত বহিঃৰাজ্যৰ পৰা অহা চীনা লোকৰ পৰা 31 জন লোকৰ দেহলৈ নতুনকৈ সংক্ৰমণ হৈছে কৰ’ণা ভাইৰাছ ৷ চীনে বৰ্তমান ক’ভিড পৰীক্ষণৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দেশখনলৈ বহিৰাগত লোকৰ আগমণ বন্ধ কৰিছে ৷

লগতে পঢ়ক : COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.