ETV Bharat / bharat

ভাৰত ভ্ৰমণত ট্ৰাম্পৰ সৈতে উপস্থিত থাকিব জীয়ৰী ইবাংকা আৰু জোৱাই জেৰেড কোচনেৰ

author img

By

Published : Feb 21, 2020, 7:02 PM IST

জীয়ৰী ইবাংকা আৰু জোৱাই জেৰেড কোচনেৰ
জীয়ৰী ইবাংকা আৰু জোৱাই জেৰেড কোচনেৰ

ড'নাল্ড ট্ৰাম্প আৰু পত্নী মেলানিয়া ট্ৰাম্পৰ সৈতে তেওঁলোকৰ জীয়ৰী ইবাংকা ট্ৰাম্প আৰু জোৱাই জেৰেড কোচনেৰো ভাৰত ভ্ৰমণলৈ আহিব ৷ ট্ৰাম্পৰ জী আৰু জোৱাই দুয়োগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেষ্ঠ উপদেষ্টা ৷

নিউজ ডেস্ক, 21 ফেব্ৰুৱাৰীঃ 24-25 ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিবলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু পত্নী মেলানিয়া ট্ৰাম্পৰ সৈতে তেওঁলোকৰ জীয়ৰী ইবাংকা ট্ৰাম্প আৰু জোৱাই জেৰেড কোচনেৰো আহিব ৷ তেওঁৰ জী আৰু জোৱাই দুয়োগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেষ্ঠ উপদেষ্টা ৷

তেওঁলোকে চাৰিওজনে আহমেদাবাদ আৰু আগ্ৰালৈ যাত্ৰা কৰিব আৰু নতুন দিল্লী পোৱীৰ আগতেই তাজমহল দৰ্শন কৰিব ৷ আমেৰিকাৰ বাণিজ্যিক প্ৰতিনিধি ৰ'বাৰ্ট লাইটহাইজৰ,ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা ৰ'বাৰ্ট অ'ব্ৰিয়েন,কোষাগাৰ সচিব ষ্টিভ মেনুচিন, বাণিজ্য সচিব ৱিলবাৰ ৰ'ছ আৰু পৰিচালক,মেনেজমেন্ট আৰু বাজেট বিষয়া মিক মুলভেনী সহিতে এক উচ্চস্তৰীয় প্ৰতিনিধিমণ্ডল,আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভাৰতলৈ অহাৰ সম্ভাৱনা আছে ৷

এইয়া ট্ৰাম্পৰ ভাৰতলৈ প্ৰথমটো আনুষ্ঠানিক ভ্ৰমণ ৷ বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহত হিউষ্টনত আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু মোডীৰ দ্বাৰা সম্বোধিত 'হাউডী মোডী' সমাৰোহৰ পিচত এইবাৰ আহমেদাবাদত 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠানত, গণ্যমাণ্য ব্যক্তিৰ উপস্থিতিৰ আশা কৰা হৈছে ৷

লগতে চাওকঃ

দেশবাসীলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা ৰাষ্ট্ৰপতি কোবিন্দ আৰু প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.